সাৰাংশ: প্ৰথম বিশ্বযুদ্ধৰ (১৯১৪–১৯১৮) অৱসানত জাৰ্মানী গভীৰ সংকটত পতিত হৈছিল। ভাৰ্ছাই সন্ধিৰ (১৯১৯) কঠোৰ চৰ্তসমূহে জাৰ্মানীক অপমানিত কৰিছিল। জাৰ্মানীক যুদ্ধৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছিল, তাইৰ বিস্তৰ ভূখণ্ড, উপনিৱেশ আৰু সামৰিক শক্তি কাঢ়ি লোৱা হৈছিল, আৰু ৬০০ কোটি পাউণ্ড ক্ষতিপূৰণ দিব লগীয়া কৰা হৈছিল। এই পৰিস্থিতিত ১৯১৯ চনত জাৰ্মানীত ৱাইমাৰ প্ৰজাতন্ত্ৰ স্থাপন হ’ল। কিন্তু নতুন চৰকাৰখন প্ৰথমৰ পৰাই দুৰ্বল আছিল কাৰণ ই ভাৰ্ছাই সন্ধি গ্ৰহণ কৰিছিল, যাক জনসাধাৰণে ‘জাতীয় লজ্জাৰ সন্ধি’ বুলি গণ্য কৰিছিল। ১৯২৩ চনত হাইপাৰইনফ্লেশ্বন আৰু ১৯২৯ চনৰ মহামন্দাই (Great Depression) জাৰ্মানীৰ অৰ্থনীতিক সম্পূৰ্ণ ধ্বংস কৰি পেলাইছিল। লক্ষ লক্ষ মানুহ বেকাৰ হৈছিল, ব্যৱসায়-বাণিজ্য বন্ধ হৈছিল আৰু মধ্যবিত্ত শ্ৰেণী দুৰ্দশাত পতিত হৈছিল।
এই দুৰ্দশাৰ পৰিস্থিতিতে এডলফ হিটলাৰৰ উত্থান ঘটিল। হিটলাৰ ১৮৮৯ চনত অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰিছিল। ১৯১৯ চনত তেওঁ জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টিত যোগ দিয়ে আৰু পিছত ইয়াৰ নাম সলাই নাজি পাৰ্টি ৰাখে। হিটলাৰ এজন অসাধাৰণ বক্তা আছিল। তেওঁ জাৰ্মান জনসাধাৰণক জাতীয় গৌৰৱ পুনৰুদ্ধাৰ, কৰ্মসংস্থান সৃষ্টি আৰু ভাৰ্ছাই সন্ধিৰ অপমানৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। মহামন্দাৰ সময়ছোৱাত নাজি পাৰ্টিৰ জনপ্ৰিয়তা ব্যাপকভাৱে বৃদ্ধি পালে। ১৯৩২ চনত নাজি পাৰ্টি জাৰ্মান ছংসদ (Reichstag) ৰ সৰ্ববৃহৎ দলত পৰিণত হ’ল আৰু ১৯৩৩ চনৰ ৩০ জানুৱাৰীত হিটলাৰ জাৰ্মানীৰ চান্সেলৰ হিচাপে নিযুক্ত হ’ল।
ক্ষমতা লাভৰ পিছত হিটলাৰে দ্ৰুতগতিত গণতন্ত্ৰ ধ্বংস কৰি এক সৰ্বগ্ৰাসী (totalitarian) ৰাষ্ট্ৰ গঢ়ি তুলিলে। ১৯৩৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰাইখষ্টাগ অগ্নিকাণ্ডৰ পিছত তেওঁ ‘ফায়াৰ ডিক্ৰি’ জাৰি কৰি মত প্ৰকাশৰ স্বাধীনতা, সংবাদমাধ্যমৰ স্বাধীনতা আৰু সমাবেশৰ অধিকাৰ বাতিল কৰিলে। ১৯৩৩ চনৰ মাৰ্চ মাহত ‘এনেবলিং এক্ট’ পাছ হ’ল যি হিটলাৰক সংসদ পাইছি কৰি ডিক্ৰিৰে শাসন কৰাৰ ক্ষমতা দিলে। সকলো ৰাজনৈতিক দল নিষিদ্ধ কৰা হ’ল, ট্ৰেড ইউনিয়ন বন্ধ কৰা হ’ল, বিচাৰ বিভাগ, মিডিয়া আৰু শিক্ষা নিয়ন্ত্ৰণ কৰা হ’ল। নাজি মতাদৰ্শ (Nazism) আছিল বৰ্ণবাদী — ইয়াত নৰ্ডিক জাৰ্মান আৰ্যসকলক সৰ্বোচ্চ জাতি আৰু ইহুদীসকলক নিকৃষ্টতম বুলি গণ্য কৰা হৈছিল। হিটলাৰে ‘লেবেন্সৰাউম’ (Lebensraum) বা জীৱনৰ ঠাই সম্প্ৰসাৰণৰ নামত পূৱ ইউৰোপ দখল কৰিব বিচাৰিছিল। তেওঁৰ ইহুদী-বিৰোধী নীতি আৰু হলোকষ্টৰ ফলত প্ৰায় ৬০ লাখ ইহুদীক হত্যা কৰা হৈছিল। অৱশেষত ১৯৪৫ চনৰ মে’ মাহত নাজি জাৰ্মানী আত্মসমৰ্পণ কৰে আৰু হিটলাৰে আত্মহত্যা কৰে।
Summary: After the end of World War I (1914–1918), Germany plunged into a deep crisis. The harsh terms of the Treaty of Versailles (1919) humiliated Germany — the country was held solely responsible for the war, stripped of its territories, colonies, and military power, and forced to pay 6 billion pounds in war reparations. The Weimar Republic, established in 1919, was weak from the start because it had accepted these humiliating terms. The hyperinflation of 1923 and the Great Depression of 1929 completely shattered the German economy. Millions were unemployed, businesses collapsed, and the middle class was devastated. These crises made ordinary Germans desperate for strong leadership.
It was in this atmosphere of despair that Adolf Hitler rose to power. Born in Austria in 1889, Hitler joined the German Workers’ Party in 1919 and renamed it the Nazi Party. A powerful orator, he promised to restore German national pride, create jobs, and avenge the humiliation of the Versailles Treaty. During the Great Depression, the Nazi Party’s popularity soared. By 1932, it was the largest party in the Reichstag (German Parliament), and on 30 January 1933, Hitler was appointed Chancellor of Germany. Once in power, he moved swiftly to dismantle democracy: the Fire Decree (February 1933) suspended civil liberties, and the Enabling Act (March 1933) gave him dictatorial powers to rule by decree. All opposition parties, trade unions, and independent institutions were dismantled.
Nazi ideology was rooted in racial hierarchy, placing Nordic German Aryans at the top and Jews at the very bottom. Hitler’s concept of Lebensraum (living space) drove his expansionist ambitions into Eastern Europe. The Nazi state controlled education, media, and youth through propaganda and indoctrination. Women were confined to roles of motherhood and raising pure-blooded Aryan children. Jews faced systematic persecution — from exclusion and ghettoization to mass murder in concentration camps. The Holocaust resulted in the killing of approximately 6 million Jews and millions of others. Nazi Germany’s aggression triggered World War II in 1939. The regime finally collapsed in May 1945 when Hitler committed suicide and Germany surrendered unconditionally to the Allied forces. The Nuremberg Trials subsequently held Nazi leaders accountable for crimes against humanity.
অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)
১। হিটলাৰ কোন চনত জন্মগ্ৰহণ কৰিছিল আৰু ক’ত?
উত্তৰঃ হিটলাৰ ১৮৮৯ চনত অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰিছিল।
২। ৱাইমাৰ প্ৰজাতন্ত্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ৱাইমাৰ প্ৰজাতন্ত্ৰ ১৯১৯ চনত প্ৰতিষ্ঠা হৈছিল।
৩। জাৰ্মানীৰ সংসদৰ নাম কি?
উত্তৰঃ জাৰ্মানীৰ সংসদৰ নাম হ’ল ৰাইখষ্টাগ (Reichstag)।
৪। প্ৰথম বিশ্বযুদ্ধৰ অৱসানত জাৰ্মানীয়ে কোনখন সন্ধিত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ প্ৰথম বিশ্বযুদ্ধৰ অৱসানত জাৰ্মানীয়ে ভাৰ্ছাই সন্ধিত (Treaty of Versailles, ১৯১৯) স্বাক্ষৰ কৰিছিল।
৫। নাজি দলৰ গোপন পুলিচৰ নাম কি আছিল?
উত্তৰঃ নাজি দলৰ গোপন পুলিচৰ নাম আছিল গেছটাপো (Gestapo)।
৬। মহামন্দা (Great Depression) কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ মহামন্দা ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩২–৩৩ চনলৈকে চলিছিল।
৭। হিটলাৰ কেতিয়া জাৰ্মানীৰ চান্সেলৰ হৈছিল?
উত্তৰঃ হিটলাৰ ১৯৩৩ চনৰ ৩০ জানুৱাৰীত জাৰ্মানীৰ চান্সেলৰ হৈছিল।
৮। ‘লেবেন্সৰাউম’ (Lebensraum) মানে কি?
উত্তৰঃ ‘লেবেন্সৰাউম’ মানে হ’ল জীৱনৰ ঠাই বা বাসভূমি (living space)। নাজিসকলে পূৱ ইউৰোপত ভূখণ্ড দখল কৰি জাৰ্মান জনসংখ্যাৰ বাবে ঠাই সম্প্ৰসাৰণৰ এই নীতি অনুসৰণ কৰিছিল।
৯। ‘এনেবলিং এক্ট’ (Enabling Act) কেতিয়া পাছ হৈছিল?
উত্তৰঃ ‘এনেবলিং এক্ট’ ১৯৩৩ চনৰ ৩ মাৰ্চত পাছ হৈছিল।
১০। ত্ৰিপক্ষীয় চুক্তি (Tripartite Pact) কোন কোন দেশে স্বাক্ষৰ কৰিছিল?
উত্তৰঃ ত্ৰিপক্ষীয় চুক্তি জাৰ্মানী, ইটালী আৰু জাপানে ১৯৪০ চনত স্বাক্ষৰ কৰিছিল।
১১। হলোকষ্ট (Holocaust) কি?
উত্তৰঃ নাজি শাসনৰ সময়ত ইহুদীসকলক পদ্ধতিগতভাৱে গণহত্যা কৰাৰ ঘটনাকে হলোকষ্ট বোলা হয়। ইয়াত প্ৰায় ৬০ লাখ ইহুদী নিহত হৈছিল।
১২। হিটলাৰৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হিটলাৰৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ’ল ‘মেইন কাম্ফ’ (Mein Kampf) অৰ্থাৎ ‘মোৰ সংগ্ৰাম’।
১৩। মিত্ৰশক্তি (Allied Powers) কোন কোন দেশেৰে গঠিত আছিল?
উত্তৰঃ মিত্ৰশক্তি ইংলেণ্ড, ফ্ৰান্স আৰু ৰাছিয়াৰে গঠিত আছিল। পিছত আমেৰিকাও যোগ দিছিল।
১৪। অক্ষশক্তি (Axis Powers) কোন কোন দেশেৰে গঠিত আছিল?
উত্তৰঃ অক্ষশক্তি জাৰ্মানী, ইটালী আৰু জাপানেৰে গঠিত আছিল।
১৫। ‘ফায়াৰ ডিক্ৰি’ (Fire Decree) কেতিয়া জাৰি হৈছিল?
উত্তৰঃ ‘ফায়াৰ ডিক্ৰি’ ১৯৩৩ চনৰ ২৮ ফেব্ৰুৱাৰীত জাৰি হৈছিল।
১৬। নাৰ্নবাৰ্গ ট্ৰায়েল (Nuremberg Trials) কি আছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত নাজি নেতাসকলক যুদ্ধাপৰাধ, মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ বাবে আন্তৰ্জাতিক সামৰিক ন্যায়াধিকৰণত (International Military Tribunal) বিচাৰ কৰাৰ প্ৰক্ৰিয়াকে নাৰ্নবাৰ্গ ট্ৰায়েল বোলা হয়।
চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)
১। ভাৰ্ছাই সন্ধিৰ মূল চৰ্তসমূহ কি কি আছিল?
উত্তৰঃ ভাৰ্ছাই সন্ধি (১৯১৯) জাৰ্মানীৰ বাবে অতি কঠোৰ আছিল। ইয়াৰ মূল চৰ্তসমূহ আছিল:
- জাৰ্মানীক প্ৰথম বিশ্বযুদ্ধৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিবলৈ বাধ্য কৰা হৈছিল (‘যুদ্ধ অপৰাধ খণ্ড’)।
- জাৰ্মানীৰ ১৩% ভূখণ্ড আৰু ১০% জনসংখ্যা কাঢ়ি লোৱা হৈছিল।
- জাৰ্মানীৰ সকলো বিদেশী উপনিৱেশ বাজেয়াপ্ত কৰা হৈছিল।
- জাৰ্মানীৰ সামৰিক শক্তি ব্যাপকভাৱে হ্ৰাস কৰা হৈছিল।
- জাৰ্মানীক ৬০০ কোটি পাউণ্ড যুদ্ধক্ষতিপূৰণ দিব লগীয়া কৰা হৈছিল।
- সম্পদপূৰ্ণ ৰাইনলেণ্ড অঞ্চল মিত্ৰশক্তিৰ দখলত ৰাখিবলৈ ঠিৰাং কৰা হৈছিল।
- জাৰ্মানীৰ ৭৫% লোহা আৰু ২৬% কয়লা উৎপাদন কাঢ়ি লোৱা হৈছিল।
এই চৰ্তসমূহে জাৰ্মান জনসাধাৰণৰ মনত গভীৰ ক্ষোভ আৰু অপমানবোধ জন্ম দিছিল যি পিছত হিটলাৰৰ উত্থানত সহায় কৰিছিল।
২। ৱাইমাৰ প্ৰজাতন্ত্ৰৰ সমস্যাসমূহ কি কি আছিল?
উত্তৰঃ ৱাইমাৰ প্ৰজাতন্ত্ৰ বহুতো সমস্যাৰ সন্মুখীন হৈছিল:
- অপমানজনক সন্ধি গ্ৰহণ: ৱাইমাৰ চৰকাৰে ভাৰ্ছাই সন্ধি স্বাক্ষৰ কৰিছিল যি জনসাধাৰণৰ মাজত অতি অজনপ্ৰিয় আছিল।
- সাংবিধানিক দুৰ্বলতা: সমানুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থাই কোনো দলকে সংসদত নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাবলৈ দিয়া নাছিল, ফলত জোঁট চৰকাৰ গঠন হৈছিল আৰু শাসন অস্থিৰ আছিল।
- অনুচ্ছেদ ৪৮ (Article 48): সংবিধানৰ এই ধাৰাই ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থাত ডিক্ৰিৰে শাসন চলাবলৈ সুযোগ দিছিল, যি গণতান্ত্ৰিক নীতিৰ পৰিপন্থী আছিল।
- অৰ্থনৈতিক সংকট: ১৯২৩ চনৰ হাইপাৰইনফ্লেশ্বন আৰু ১৯২৯ চনৰ মহামন্দাই চৰকাৰক অস্থিৰ কৰি তুলিছিল।
- ৰাজনৈতিক হিংসা: কমিউনিষ্ট আৰু দক্ষিণপন্থী উগ্ৰপন্থীসকলৰ সংঘাতে দেশত অস্থিৰতা সৃষ্টি কৰিছিল।
৩। নাজিবাদৰ মতাদৰ্শৰ বৈশিষ্ট্যসমূহ কি কি আছিল?
উত্তৰঃ নাজিবাদৰ মতাদৰ্শৰ মূল বৈশিষ্ট্যসমূহ আছিল:
- বৰ্ণবাদী শ্ৰেণীবিভাজন: নাজিসকলে বিশ্বাস কৰিছিল যে নৰ্ডিক জাৰ্মান আৰ্যসকল হ’ল সৰ্বোচ্চ জাতি (Master Race) আৰু ইহুদীসকল নিকৃষ্টতম।
- গণতন্ত্ৰৰ বিৰোধিতা: হিটলাৰে সংসদীয় গণতন্ত্ৰক দুৰ্বল আৰু অকাৰ্যকৰ বুলি গণ্য কৰিছিল আৰু শক্তিশালী একনায়কতন্ত্ৰত বিশ্বাস কৰিছিল।
- লেবেন্সৰাউম: জাৰ্মানসকলৰ বাবে ভৌগোলিক বিস্তাৰ, বিশেষকৈ পূৱ ইউৰোপত।
- উগ্ৰ জাতীয়তাবাদ: জাৰ্মান জাতি আৰু জাৰ্মান ৰাষ্ট্ৰকে সৰ্বোচ্চ স্থান দিয়া।
- ইহুদী-বিৰোধিতা (Anti-Semitism): ইহুদীসকলক সমাজৰ সকলো সমস্যাৰ কাৰণ বুলি চিত্ৰিত কৰা।
- সামৰিকবাদ: যুদ্ধ আৰু সামৰিক শক্তিকে জাতিৰ গৌৰৱ বুলি গণ্য কৰা।
- একদলীয় শাসন: কেৱল নাজি পাৰ্টিয়েই শাসন চলাব পাৰে — বিৰোধিতাৰ কোনো স্থান নাই।
৪। মহামন্দাই জাৰ্মানীত কেনে প্রভাৱ পেলাইছিল?
উত্তৰঃ ১৯২৯ চনৰ ৱল ষ্ট্ৰীট ক্ৰেশৰ পিছত আমেৰিকাই জাৰ্মানীক দিয়া ঋণ বন্ধ কৰি দিলে আৰু আগতীয়াকৈ দিয়া ঋণসমূহ ঘূৰাই বিচাৰিলে। ইয়াৰ ফলত জাৰ্মানীত মহামন্দাৰ প্রভাৱ অতি তীব্ৰ হৈছিল।
- শিল্প উৎপাদন ১৯২৯ চনৰ তুলনাত ৪০% হ্ৰাস পালে।
- প্ৰায় ৬০ লাখ মানুহ বেকাৰ হৈ পৰিল।
- মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় নোহোৱা হৈ গ’ল।
- সৰু ব্যৱসায়ীসকল দেউলিয়া হ’ল।
- কৃষকসকলৰ কৃষিজাত সামগ্ৰীৰ মূল্য হ্ৰাস পালে।
- যুৱ প্ৰজন্মৰ মাজত অপৰাধ আৰু হতাশা বৃদ্ধি পালে।
এই ব্যাপক দুৰ্দশাই মানুহক এনে এজন শক্তিশালী নেতাৰ সন্ধানত উদগ্ৰীৱ কৰি তুলিছিল যি জাৰ্মানীক পুনৰ উদ্ধাৰ কৰিব পাৰে। হিটলাৰে ঠিক এই সুযোগকেই কামত লগাইছিল।
৫। হিটলাৰে কেনেকৈ জাৰ্মানীত গণতন্ত্ৰ ধ্বংস কৰিলে?
উত্তৰঃ হিটলাৰে পদক্ৰমে গণতন্ত্ৰ ধ্বংস কৰিলে:
- ১৯৩৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰাইখষ্টাগ অগ্নিকাণ্ডৰ পিছত ‘ফায়াৰ ডিক্ৰি’ জাৰি কৰি মত প্ৰকাশ, সংবাদমাধ্যম আৰু সমাবেশৰ স্বাধীনতা বাতিল কৰিলে।
- কমিউনিষ্টসকলক বিচাৰ নকৰাকৈ কাৰাগাৰত পুৰিলে।
- ১৯৩৩ চনৰ মাৰ্চত ‘এনেবলিং এক্ট’ পাছ কৰি সংসদক পাইছি কৰি ডিক্ৰিৰে শাসন চলাবলৈ ক্ষমতা লাভ কৰিলে।
- নাজি পাৰ্টি বাদে আন সকলো ৰাজনৈতিক দল নিষিদ্ধ কৰিলে।
- ট্ৰেড ইউনিয়ন ভাঙি দিলে।
- বিচাৰ বিভাগ, মিডিয়া, সেনাবাহিনী আৰু অৰ্থনীতি নাজিৰ নিয়ন্ত্ৰণলৈ আনিলে।
- SS (Schutzstaffel), SA (Stormtroopers) আৰু গেছটাপো (Gestapo) ব্যৱহাৰ কৰি বিৰোধীসকলক নিৰ্যাতন কৰিলে আৰু কনচেনট্ৰেশ্বন কেম্পলৈ পঠালে।
৬। নাজি ৰাষ্ট্ৰত মহিলাসকলৰ কি ভূমিকা আছিল?
উত্তৰঃ নাজি সমাজত মহিলাসকলৰ ভূমিকা সম্পূৰ্ণৰূপে ঘৰুৱা আছিল। নাজি মতাদৰ্শ অনুসৰি মহিলাৰ একমাত্ৰ কাম আছিল ভালেমান ‘বিশুদ্ধ আৰ্য’ সন্তান প্ৰসৱ কৰা আৰু পৰিয়াল চোৱাচিতা কৰা।
- ছোৱালীসকলক ভাল মাতৃ হোৱাৰ শিক্ষা দিয়া হৈছিল।
- বিশুদ্ধ আৰ্য সন্তান জন্ম দিয়া মহিলাসকলক বিভিন্ন সুবিধা আৰু পুৰস্কাৰ দিয়া হৈছিল।
- ১৯৩৮ চনৰ পৰা ‘মাতৃৰ ক্ৰুচ’ (Mother’s Cross) পুৰস্কাৰ দিয়া হৈছিল — ৪টা সন্তানৰ বাবে ব্ৰঞ্জ, ৬টাৰ বাবে ৰূপ আৰু ৮টাৰ বাবে সোণৰ পদক।
- ইহুদী বা অন্য ‘অবাঞ্ছিত’ জাতিৰ সৈতে সম্পৰ্ক কঠোৰভাৱে নিষিদ্ধ আছিল।
- মহিলাসকলক সামৰিক বা ঔদ্যোগিক কামৰ পৰা বিৰত ৰখা হৈছিল।
ফৰাচী বিপ্লৱৰ সময়ত মহিলাসকলে সমান অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল, কিন্তু নাজি জাৰ্মানীত মহিলাসকলক সেই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।
৭। নাজিসকলে ইহুদীসকলৰ বিৰুদ্ধে কি প্ৰচাৰণা চলাইছিল?
উত্তৰঃ নাজিসকলে ইহুদীসকলৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰণা চলাইছিল:
- ‘দ্য ইটাৰনেল জু’ (The Eternal Jew) আদি প্ৰচাৰমূলক চলচ্চিত্ৰৰ জৰিয়তে ইহুদীসকলক কীট-পতঙ্গ, ইঁদুৰ আৰু পোক-পৰুৱাৰ সৈতে তুলনা কৰা হৈছিল।
- বিদ্যালয়ত পাঠ্যপুথি সলনি কৰি শিশুসকলৰ মাজত ইহুদী-বিৰোধী মনোভাৱ জন্মোৱা হৈছিল।
- ইহুদী শিক্ষকসকলক চাকৰিচ্যুত কৰা হৈছিল আৰু ইহুদী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
- পোষ্টাৰ, ৰেডিঅ’, সংবাদপত্ৰ আৰু চলচ্চিত্ৰৰ জৰিয়তে ইহুদীসকলক সমাজৰ সকলো সমস্যাৰ কাৰণ বুলি চিত্ৰিত কৰা হৈছিল।
- মধ্যযুগীয় খ্ৰীষ্টান ইহুদী-বিৰোধী মনোভাৱক পুনৰ জীৱন্ত কৰা হৈছিল।
৮। নাজিসকলে যুৱ প্ৰজন্মক কেনেকৈ প্ৰভাৱিত কৰিছিল?
উত্তৰঃ নাজিসকলে যুৱ প্ৰজন্মক বিভিন্নভাৱে প্ৰভাৱিত কৰিছিল:
- বিদ্যালয়ৰ পাঠ্যক্ৰমত ‘বৰ্ণবিজ্ঞান’ (Racial Science) অন্তৰ্ভুক্ত কৰা হৈছিল।
- ইহুদী শিক্ষকসকলক বহিষ্কাৰ কৰা হৈছিল আৰু ‘অনৈতিক’ বুলি বিবেচিত গ্ৰন্থ পুৰি দিয়া হৈছিল।
- ‘হিটলাৰ যুৱ’ (Hitler Jugend/Hitler Youth) সংগঠনৰ জৰিয়তে ছোৱালী আৰু ল’ৰাসকলক নাজি মতাদৰ্শত দীক্ষিত কৰা হৈছিল।
- খেল-ধেমালি আৰু শাৰীৰিক প্ৰশিক্ষণৰ জৰিয়তে আক্ৰামকতা আৰু যুদ্ধৰ প্ৰতি প্ৰীতি জন্মোৱা হৈছিল।
- হিটলাৰৰ প্ৰতি নিঃচৰ্ত আনুগত্য আৰু আত্মসমৰ্পণৰ মনোভাৱ গঢ়ি তোলা হৈছিল।
- সামৰিক সেৱাৰ আগতে সকলো যুৱকক নাজি মতাদৰ্শিক প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছিল।
দীঘল উত্তৰৰ প্ৰশ্ন (Long Answer Questions)
১। ১৯৩০ চনলৈকে নাজিবাদ কিয় জনপ্ৰিয় হৈ পৰিছিল? বিভিন্ন কাৰণ আলোচনা কৰা।
উত্তৰঃ ১৯৩০ চনৰ ভিতৰত নাজিবাদৰ জনপ্ৰিয়তা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছিল। ইয়াৰ কাৰণসমূহ নিম্নলিখিতভাৱে আলোচনা কৰিব পাৰি:
(ক) প্ৰথম বিশ্বযুদ্ধৰ পৰাজয় আৰু ভাৰ্ছাই সন্ধি: প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয় আৰু ভাৰ্ছাই সন্ধিৰ অপমানজনক চৰ্তসমূহে জাৰ্মান জনসাধাৰণৰ মনত গভীৰ ক্ষোভ জন্মাইছিল। দেশখনক বিশাল ক্ষতিপূৰণ দিব লগীয়া কৰা হৈছিল, ভূখণ্ড আৰু উপনিৱেশ কাঢ়ি লোৱা হৈছিল আৰু সামৰিক শক্তি হ্ৰাস কৰা হৈছিল। হিটলাৰে এই অপমানৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দি জনমানস জয় কৰিছিল।
(খ) ৱাইমাৰ প্ৰজাতন্ত্ৰৰ দুৰ্বলতা: ৱাইমাৰ চৰকাৰ ভাৰ্ছাই সন্ধি গ্ৰহণৰ বাবে জনসাধাৰণৰ আস্থা হেৰুৱাইছিল। সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ বাবে স্থিতিশীল চৰকাৰ গঠন সম্ভৱ হোৱা নাছিল। অনুচ্ছেদ ৪৮ৰ অপব্যৱহাৰে গণতান্ত্ৰিক মূল্যবোধক দুৰ্বল কৰিছিল।
(গ) অৰ্থনৈতিক সংকট: ১৯২৩ চনৰ হাইপাৰইনফ্লেশ্বন আৰু ১৯২৯ চনৰ মহামন্দাই জাৰ্মানীক তছনছ কৰি পেলাইছিল। ৬০ লাখ মানুহ বেকাৰ হৈছিল, ব্যৱসায় বন্ধ হৈছিল আৰু মধ্যবিত্ত শ্ৰেণী দৰিদ্ৰ হৈছিল। এই দুৰ্দশাগ্ৰস্ত মানুহসকলে হিটলাৰৰ মাজত এজন ত্ৰাণকৰ্তা দেখিছিল।
(ঘ) হিটলাৰৰ ব্যক্তিত্ব আৰু বক্তৃতা: হিটলাৰ এজন অসাধাৰণ বক্তা আছিল। তেওঁৰ আবেগময় ভাষণে জাৰ্মান জনসাধাৰণক মুগ্ধ কৰিছিল। তেওঁ কৰ্মসংস্থান, জাতীয় গৌৰৱ আৰু ভাৰ্ছাই সন্ধিৰ অপমানৰ প্ৰতিশোধৰ প্ৰতিশ্ৰুতি দিছিল।
(ঙ) নাজি প্ৰচাৰ: নাজি পাৰ্টিয়ে ৰেডিঅ’, চলচ্চিত্ৰ, পোষ্টাৰ, সমাবেশ আৰু নাট্যানুষ্ঠানৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলাইছিল। নাজিৰ ৰঙা পতাকা, নাজি অভিবাদন আৰু বিশাল সমাবেশে সাধাৰণ মানুহক আকৃষ্ট কৰিছিল।
(চ) ইহুদী-বিৰোধিতাৰ কৌশল: নাজিসকলে ইহুদীসকলক জাৰ্মানীৰ সকলো সমস্যাৰ কাৰণ বুলি চিত্ৰিত কৰিছিল। এই বলিৰ পাঁঠাৰ (scapegoating) কৌশলে হতাশ জাৰ্মানসকলৰ মনত সহজে স্থান পাইছিল।
২। নাজি জাৰ্মানীত ইহুদীসকলৰ পদ্ধতিগত নিৰ্যাতনৰ বিভিন্ন পৰ্যায়সমূহ বৰ্ণনা কৰা।
উত্তৰঃ নাজি জাৰ্মানীত ইহুদীসকলৰ নিৰ্যাতন পদ্ধতিগতভাৱে ঘটিছিল। ইয়াৰ মূল পৰ্যায়সমূহ আছিল:
প্ৰথম পৰ্যায় (১৯৩৩–১৯৩৮): বৰ্জন আৰু সমাজেদৰে বহিষ্কাৰ
- ইহুদী চিকিৎসক, আইনজীৱী আৰু অধ্যাপকসকলক পেচাদাৰী সংস্থাৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
- ইহুদী দোকান বৰ্জনৰ আহ্বান জনোৱা হৈছিল।
- ১৯৩৫ চনৰ নুৰেম্বাৰ্গ আইনে ইহুদীসকলৰ নাগৰিকত্ব বাতিল কৰিলে।
- জাৰ্মান আৰু ইহুদীৰ মাজত বিবাহ নিষিদ্ধ কৰা হ’ল।
- ১৯৩৮ চনৰ ‘ক্ৰিষ্টালনাখট’ (Kristallnacht বা ভগা কাঁচৰ ৰাতি) ত ইহুদী উপাসনাগৃহ, দোকান আৰু ঘৰ ভাঙচুৰ কৰা হ’ল।
দ্বিতীয় পৰ্যায় (১৯৩৯–১৯৪১): ঘেটো আৰু কেন্দ্ৰীভূত কৰণ
- দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত জাৰ্মানীৰ অধীনস্থ অঞ্চলৰ ইহুদীসকলক ‘ঘেটো’ (Ghetto) নামৰ বিশেষ পৃথক এলেকাত ৰখা হৈছিল।
- ইহুদীসকলক হলুদ ডেভিডৰ তৰা পিন্ধিবলৈ বাধ্য কৰা হৈছিল যাতে চিনাক্ত কৰিব পৰা যায়।
- পোলেণ্ড আৰু অন্যান্য অধিকৃত দেশৰ ইহুদীসকলক জোৰকৈ জাৰ্মানীলৈ নিয়া হৈছিল।
তৃতীয় পৰ্যায় (১৯৪১–১৯৪৫): গণহত্যা আৰু হলোকষ্ট
- SS প্ৰধান হাইনৰিখ হিমলাৰৰ নেতৃত্বত ‘চূড়ান্ত সমাধান’ (Final Solution) কাৰ্যকৰী কৰা হ’ল।
- আউশ্বিটজ (Auschwitz), ট্ৰেব্লিংকা, বেলজেক আদি মৃত্যু শিবিৰত গেছ চেম্বাৰৰ সহায়ত ইহুদীসকলক হত্যা কৰা হৈছিল।
- ইহুদীসকলক ট্ৰেইনেৰে মৃত্যু শিবিৰলৈ লৈ যোৱা হৈছিল।
- দ্বিতীয় বিশ্বযুদ্ধৰ অন্তলৈ প্ৰায় ৬০ লাখ ইহুদী, ২ লাখ ৰোমা জিপচি, ১০ লাখ পোলিছ নাগৰিক আৰু ৭০ হাজাৰ প্ৰতিবন্ধী মানুহক হত্যা কৰা হৈছিল।
৩। নাজি জাৰ্মানীত প্ৰচাৰণা কেনে পদ্ধতিত পৰিচালনা কৰা হৈছিল?
উত্তৰঃ নাজি জাৰ্মানীত প্ৰচাৰমন্ত্ৰী জোজেফ গোৱেবেলছৰ নেতৃত্বত ব্যাপক আৰু পদ্ধতিগত প্ৰচাৰণা চলোৱা হৈছিল।
মাধ্যম ব্যৱহাৰ:
- ৰেডিঅ’ — হিটলাৰৰ ভাষণ সকলোৰে ঘৰলৈ পৌঁচাই দিয়া হৈছিল।
- চলচ্চিত্ৰ — ‘দ্য ইটাৰনেল জু’ আদি প্ৰচাৰমূলক ছবি নিৰ্মাণ কৰা হৈছিল।
- পোষ্টাৰ — বিশাল নাজি পোষ্টাৰে চহৰ-নগৰ ভৰাই পেলাইছিল।
- সংবাদপত্ৰ — নাজি নিয়ন্ত্ৰিত সংবাদমাধ্যমে কেৱল চৰকাৰ সমৰ্থিত বাতৰিহে প্ৰকাশ কৰিছিল।
- বিশাল সমাবেশ আৰু নাটক প্ৰদৰ্শনী — নূৰেম্বাৰ্গৰ দলীয় সমাবেশ আছিল বিশাল মঞ্চায়ন।
ভাষাৰ কূটকৌশল:
- নাজিসকলে গণহত্যাক ‘বিশেষ চিকিৎসা’ (Special Treatment) বুলি কৈছিল।
- ইহুদীসকলক গেছ চেম্বাৰলৈ নিয়াক ‘স্থানান্তৰ’ (Evacuation) বা ‘পুনৰ্বাসন’ বুলি আখ্যা দিয়া হৈছিল।
- হত্যা শিবিৰসমূহক ‘কাৰ্য শিবিৰ’ (Work Camps) বোলা হৈছিল।
এই প্ৰচাৰণাৰ জৰিয়তে নাজি চৰকাৰে জাৰ্মান জনসাধাৰণক নিয়ন্ত্ৰণ কৰিছিল আৰু ইহুদীসকলৰ বিৰুদ্ধে ঘৃণা জাগ্ৰত কৰিছিল।
৪। হিটলাৰৰ বৈদেশিক নীতি কেনে আছিল আৰু ই কেনেদৰে দ্বিতীয় বিশ্বযুদ্ধলৈ পৰিচালিত কৰিছিল?
উত্তৰঃ হিটলাৰৰ বৈদেশিক নীতি আছিল আক্ৰমণাত্মক আৰু সম্প্ৰসাৰণবাদী। তেওঁৰ মূল লক্ষ্য আছিল ভাৰ্ছাই সন্ধিৰ শৃংখল ছিঙি জাৰ্মানীক পুনৰায় এক মহাশক্তিত পৰিণত কৰা আৰু লেবেন্সৰাউমৰ ধাৰণা অনুসৰি পূৱ ইউৰোপত জাৰ্মানীৰ আধিপত্য বিস্তাৰ কৰা।
মূল ঘটনাক্ৰম:
- ১৯৩৩: জাৰ্মানীয়ে লীগ অৱ নেচন্স পৰিত্যাগ কৰিলে।
- ১৯৩৬: ৰাইনলেণ্ড পুনৰ দখল কৰিলে (ভাৰ্ছাই সন্ধি লংঘন)।
- ১৯৩৮: অষ্ট্ৰিয়াৰ সৈতে জাৰ্মানীৰ একত্ৰীকৰণ (Anschluss)।
- ১৯৩৮: মিউনিখ চুক্তিৰ জৰিয়তে ছেকোশ্লোভাকিয়াৰ ছুডেটেনলেণ্ড দখল কৰিলে।
- ১৯৩৯ (মাৰ্চ): গোটেই ছেকোশ্লোভাকিয়া দখল কৰিলে।
- ১৯৩৯ (ছেপ্টেম্বৰ): পোলেণ্ড আক্ৰমণ — দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ।
- ১৯৪০: জাৰ্মানী, ইটালী আৰু জাপানে ত্ৰিপক্ষীয় চুক্তি স্বাক্ষৰ কৰিলে।
- ১৯৪১ (জুন): ছোভিয়েট ইউনিয়নত আক্ৰমণ (অপাৰেশ্বন বাৰবাৰোছা) — এক কৌশলগত ভুল।
- ১৯৪১ (ডিচেম্বৰ): জাপানে পাৰ্ল হাৰ্বাৰ আক্ৰমণৰ পিছত আমেৰিকা যুদ্ধত যোগ দিলে।
পশ্চিমী দেশসমূহে প্ৰথম অৱস্থাত ‘সন্তুষ্টিকৰণ নীতি’ (Appeasement Policy) অনুসৰণ কৰিছিল — আশা কৰিছিল যে হিটলাৰক সামান্য ছাড় দিলে তেওঁৰ আক্ৰমণ সোভিয়েট ইউনিয়নৰ দিশে আগ বাঢ়িব। কিন্তু পোলেণ্ড আক্ৰমণৰ পিছত ইংলেণ্ড আৰু ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আনুষ্ঠানিক সূচনা হ’ল।
৫। নাজি শাসনৰ অৱসান কেনেকৈ হৈছিল? নাৰ্নবাৰ্গ ট্ৰায়েলৰ গুৰুত্ব কি?
উত্তৰঃ নাজি শাসনৰ অৱসান ঘটিছিল দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয়ৰ মাধ্যমেৰে।
নাজি জাৰ্মানীৰ পতনৰ কাৰণ:
- ১৯৪১ চনত ছোভিয়েট ইউনিয়নত আক্ৰমণ এক বিপৰ্যয়কৰ সিদ্ধান্ত হিচাপে প্ৰমাণিত হ’ল। ছোভিয়েট সেনাই স্তালিনগ্ৰাডৰ যুদ্ধ (১৯৪২-৪৩) ত জাৰ্মান সেনাক পৰাস্ত কৰিলে।
- আমেৰিকা যুদ্ধত প্ৰবেশৰ ফলত মিত্ৰশক্তিৰ সামৰিক আৰু অৰ্থনৈতিক শক্তি অভূতপূৰ্বভাৱে বৃদ্ধি পালে।
- ১৯৪৪ চনৰ ৬ জুনত নৰ্মেণ্ডি (D-Day) অৱতৰণে পশ্চিম দিশৰ পৰা জাৰ্মানীলৈ আক্ৰমণ আৰম্ভ কৰিলে।
- ১৯৪৫ চনৰ মে’ মাহত ছোভিয়েট সেনাই বার্লিন অধিকাৰ কৰিলে।
- ৩০ এপ্ৰিল ১৯৪৫ত হিটলাৰে আত্মহত্যা কৰিলে।
- ৭ মে’ ১৯৪৫ত জাৰ্মানীয়ে নিঃচৰ্তে আত্মসমৰ্পণ কৰিলে।
নাৰ্নবাৰ্গ ট্ৰায়েলৰ গুৰুত্ব:
যুদ্ধৰ পিছত মিত্ৰশক্তিয়ে নাৰ্নবাৰ্গত আন্তৰ্জাতিক সামৰিক ন্যায়াধিকৰণ স্থাপন কৰিলে। ইয়াত নাজি নেতাসকলক তিনিটা অভিযোগত বিচাৰ কৰা হ’ল: (১) শান্তিৰ বিৰুদ্ধে অপৰাধ, (২) যুদ্ধাপৰাধ আৰু (৩) মানৱতাৰ বিৰুদ্ধে অপৰাধ। এই বিচাৰৰ গুৰুত্ব আছিল:
- ই প্ৰতিষ্ঠা কৰিলে যে ৰাষ্ট্ৰনেতাসকলো আন্তৰ্জাতিক আইনৰ অধীন।
- গণহত্যাকে ‘আদেশ পালন’ বুলি কৈ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰি বুলি স্থাপন কৰিলে।
- ভৱিষ্যতৰ আন্তৰ্জাতিক মানৱাধিকাৰ আইন আৰু আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ৰ ভেটি স্থাপন কৰিলে।
- ইতিহাসত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত গণহত্যাৰ বাবে বিচাৰ হ’ল।
তুলনামূলক তালিকা (Comparative Tables)
| বিষয় | ৱাইমাৰ প্ৰজাতন্ত্ৰ | নাজি জাৰ্মানী |
|---|---|---|
| শাসন ব্যৱস্থা | সংসদীয় গণতন্ত্ৰ | একনায়কতন্ত্ৰ |
| নেতা | নিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু চান্সেলৰ | ফুৰাৰ (Führer) হিটলাৰ |
| ৰাজনৈতিক দল | বহুদলীয় ব্যৱস্থা | কেৱল নাজি পাৰ্টি |
| মত প্ৰকাশ | অনুমতি আছিল | সম্পূৰ্ণ নিষিদ্ধ |
| ইহুদী নীতি | নাগৰিক সমান অধিকাৰ | নিৰ্যাতন আৰু গণহত্যা |
| বৈদেশিক নীতি | শান্তিপূৰ্ণ | আক্ৰমণাত্মক সম্প্ৰসাৰণবাদ |
| গুৰুত্বপূৰ্ণ তাৰিখ | ঘটনা |
|---|---|
| ১৯১৮ | প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয় |
| ১৯১৯ | ভাৰ্ছাই সন্ধি স্বাক্ষৰ; ৱাইমাৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা |
| ১৯২৩ | হাইপাৰইনফ্লেশ্বন; হিটলাৰৰ মিউনিখ পুচ্ছ ব্যৰ্থ |
| ১৯২৯ | মহামন্দাৰ আৰম্ভ |
| ১৯৩৩ (৩০ জানুৱাৰী) | হিটলাৰ চান্সেলৰ নিযুক্ত |
| ১৯৩৩ (২৮ ফেব্ৰুৱাৰী) | ফায়াৰ ডিক্ৰি জাৰি |
| ১৯৩৩ (৩ মাৰ্চ) | এনেবলিং এক্ট পাছ |
| ১৯৩৫ | নুৰেম্বাৰ্গ আইন — ইহুদীৰ নাগৰিকত্ব বাতিল |
| ১৯৩৯ | পোলেণ্ড আক্ৰমণ — দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ |
| ১৯৪৫ (৭ মে’) | জাৰ্মানীৰ আত্মসমৰ্পণ — যুদ্ধৰ অৱসান |
গুৰুত্বপূৰ্ণ পৰিভাষা (Key Terms)
| পৰিভাষা | অৰ্থ |
|---|---|
| নাজিবাদ (Nazism) | হিটলাৰৰ নাজি পাৰ্টিৰ মতাদৰ্শ — বৰ্ণবাদ, একনায়কতন্ত্ৰ আৰু আক্ৰমণাত্মক জাতীয়তাবাদৰ সমষ্টি |
| ৱাইমাৰ প্ৰজাতন্ত্ৰ | প্ৰথম বিশ্বযুদ্ধৰ পিছত ১৯১৯ত প্ৰতিষ্ঠিত জাৰ্মান গণতান্ত্ৰিক চৰকাৰ |
| ৰাইখষ্টাগ (Reichstag) | জাৰ্মান সংসদ |
| লেবেন্সৰাউম (Lebensraum) | জীৱনৰ ঠাই — পূৱ ইউৰোপত জাৰ্মানীৰ ভৌগোলিক বিস্তাৰৰ নাজি ধাৰণা |
| গেছটাপো (Gestapo) | নাজি জাৰ্মানীৰ গোপন ৰাষ্ট্ৰীয় পুলিচ |
| হলোকষ্ট (Holocaust) | নাজি শাসনৰ সময়ত ৬০ লাখ ইহুদীৰ পদ্ধতিগত গণহত্যা |
| হাইপাৰইনফ্লেশ্বন | অতি দ্ৰুত মূল্যবৃদ্ধি যাৰ ফলত মুদ্ৰাৰ মূল্য প্ৰায় শূন্য হৈ পৰে |
| এনেবলিং এক্ট | ১৯৩৩ চনৰ আইন যি হিটলাৰক সংসদ পাইছি কৰি শাসন চলাবলৈ অনুমতি দিলে |
| আৰ্য (Aryan) | নাজি ধাৰণা অনুসৰি নৰ্ডিক জাৰ্মানসকল — ‘শ্ৰেষ্ঠ জাতি’ |
| মেইন কাম্ফ (Mein Kampf) | হিটলাৰৰ আত্মজীৱনীমূলক গ্ৰন্থ অৰ্থাৎ ‘মোৰ সংগ্ৰাম’ |
| ফুৰাৰ (Führer) | জাৰ্মান ভাষাত ‘নেতা’ — হিটলাৰৰ উপাধি |
| গণহত্যাৰ যুদ্ধ (Genocidal War) | নিৰীহ বেসামৰিক জনগোষ্ঠীৰ গণহত্যা |