সাৰাংশ: ফৰাচী বিপ্লৱ (১৭৮৯–১৭৯৯) বিশ্ব ইতিহাসৰ এক যুগান্তকাৰী ঘটনা। বিপ্লৱৰ পূৰ্বে ফ্ৰান্সৰ সমাজ তিনিটা সম্প্ৰদায়ত বিভক্ত আছিল — প্ৰথম সম্প্ৰদায় (পাদ্ৰীসকল), দ্বিতীয় সম্প্ৰদায় (অভিজাত শ্ৰেণী) আৰু তৃতীয় সম্প্ৰদায় (কৃষক, বুৰ্জোৱা আৰু শ্ৰমজীৱী জনসাধাৰণ)। প্ৰথম আৰু দ্বিতীয় সম্প্ৰদায়ৰ লোকসকল কৰ-মুক্ত আছিল আৰু সকলো সুবিধা ভোগ কৰিছিল, কিন্তু তৃতীয় সম্প্ৰদায়ৰ লোকসকলে ৰাষ্ট্ৰকে, ধৰ্মীয় আৰু সামন্তীয় কৰ বহন কৰিব লাগিছিল। ৰাজকোষ শূন্য হৈছিল কিয়নো পূৰ্বৱৰ্তী ৰজাসকলে যুদ্ধত প্ৰচুৰ পৰিমাণে ধন ব্যয় কৰিছিল। ইয়াৰ উপৰিও ভল্টেয়াৰ, মন্টেস্কু আৰু ৰুছোৰ দৰে দাৰ্শনিকসকলে স্বাধীনতা, সমতা আৰু মানৱ অধিকাৰৰ নতুন বিচাৰধাৰা প্ৰচাৰ কৰি জনসাধাৰণক সচেতন কৰি তুলিছিল।
১৭৮৯ চনৰ মে’ মাহত ভাৰ্চাইত ষ্টেটছ জেনেৰেলৰ অধিৱেশন আহ্বান কৰা হয়। তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজকে ‘জাতীয় সভা’ বুলি ঘোষণা কৰে আৰু টেনিছ ক’ৰ্টৰ শপত গ্ৰহণ কৰে। ১৪ জুলাই ১৭৮৯ চনত পেৰিছৰ জনতাই ৰাজকীয় কাৰাগাৰ বেষ্টিল দুৰ্গ ধ্বংস কৰে — এয়া ফৰাচী বিপ্লৱৰ প্ৰতীকী সূচনা। জাতীয় সভাই সামন্তবাদ বিলোপ কৰে, মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণা কৰে আৰু ১৭৯১ চনত ফ্ৰান্সৰ প্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰে। ১৭৯২ চনৰ ২২ ছেপ্তেম্বৰত ফ্ৰান্সত প্ৰজাতন্ত্ৰ ঘোষণা কৰা হয় আৰু ১৭৯৩ চনৰ ২১ জানুৱাৰীত ষোড়শ লুইক ফাঁচি দিয়া হয়। ৰোবেছপিয়েৰৰ নেতৃত্বত ‘সন্ত্ৰাসৰ ৰাজত্ব’ চলে যাৰ সময়ত হাজাৰ হাজাৰ বিপ্লৱ-বিৰোধী ব্যক্তিক হত্যা কৰা হয়।
১৭৯৯ চনত নেপোলিয়ন বোনাপাৰ্টে ‘১৮ ব্ৰুমেয়াৰ’ অভ্যুত্থানৰ জৰিয়তে ডিৰেক্টৰী চৰকাৰ উচ্ছেদ কৰি কনছুলেট প্ৰতিষ্ঠা কৰে আৰু প্ৰথম কনছুল হিচাপে ক্ষমতা গ্ৰহণ কৰে। পিছলৈ ১৮০৪ চনত তেওঁ নিজকে সম্ৰাট ঘোষণা কৰে। ফৰাচী বিপ্লৱে স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ আদৰ্শ সমগ্ৰ ইউৰোপত প্ৰচাৰিত কৰিলে। সামন্তবাদৰ অৱসান হ’ল, ধৰ্মীয় কৰ্তৃত্ব হ্ৰাস পালে, কৃষকে ভূমিৰ অধিকাৰ পালে আৰু ইউৰোপৰ অন্যান্য দেশত গণতান্ত্ৰিক আন্দোলনৰ বীজ ৰোপিত হ’ল। মহিলাসকলেও বিপ্লৱৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু নিজৰ অধিকাৰৰ দাবিত সংঘবদ্ধ হৈছিল।
Summary: The French Revolution (1789–1799) was a watershed event in world history. Before the revolution, French society was divided into three estates: the First Estate (clergy), the Second Estate (nobility), and the Third Estate (peasants, bourgeoisie, and workers). The privileged first two estates paid no taxes and enjoyed all benefits, while the Third Estate bore the burden of royal, religious, and feudal taxes. The royal treasury was empty because previous kings had spent lavishly on wars. Enlightenment philosophers such as Voltaire, Montesquieu, and Rousseau had spread new ideas of liberty, equality, and human rights, awakening public consciousness against absolute monarchy.
In May 1789, the Estates General was convened at Versailles. The representatives of the Third Estate declared themselves the National Assembly and took the famous Tennis Court Oath. On 14 July 1789, the people of Paris stormed and destroyed the Bastille prison, marking the symbolic start of the revolution. The National Assembly abolished feudalism, issued the Declaration of the Rights of Man and Citizen, and drafted France’s first written constitution in 1791. On 22 September 1792, France was declared a republic, and on 21 January 1793, King Louis XVI was executed. Under Robespierre, the “Reign of Terror” began, during which thousands of perceived enemies of the revolution were killed.
In 1799, Napoleon Bonaparte overthrew the Directory through the “18 Brumaire” coup, established the Consulate, and became First Consul. In 1804, he crowned himself Emperor. The French Revolution spread the ideals of liberty, equality, and fraternity across Europe. Feudalism ended, religious authority declined, peasants gained land rights, and seeds of democratic movements were sown across Europe. Women also played a significant role during the revolution, organizing themselves to demand their rights. The revolution remains one of the most influential political upheavals in modern history, shaping the course of democracy worldwide.
অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)
১। ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট কোন আছিল?
উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত ফ্ৰান্সৰ সম্ৰাট আছিল ষোড়শ লুই।
২। বেষ্টিল দুৰ্গৰ পতন কেতিয়া হৈছিল?
উত্তৰঃ ১৪ জুলাই ১৭৮৯ চনত বেষ্টিল দুৰ্গৰ পতন হৈছিল। এই দিনটোক ফ্ৰান্সৰ জাতীয় উৎসৱ দিৱস হিচাপে পালন কৰা হয়।
৩। সম্ৰাট ষোড়শ লুইক কেতিয়া ফাঁচি দিয়া হৈছিল?
উত্তৰঃ ১৭৯৩ চনৰ ২১ জানুৱাৰী তাৰিখে সম্ৰাট ষোড়শ লুইক ফাঁচি দিয়া হৈছিল।
৪। ভিয়েনা কংগ্ৰেছ কোন চনত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৮১৫ চনত ভিয়েনা কংগ্ৰেছ অনুষ্ঠিত হৈছিল।
৫। ‘ময়েই ৰাষ্ট্ৰ’ উক্তিটো কোনে কৈছিল?
উত্তৰঃ ‘ময়েই ৰাষ্ট্ৰ’ উক্তিটো ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইয়ে (১৬৪৩–১৭১৫) কৈছিল।
৬। কোনে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল?
উত্তৰঃ সম্ৰাট নেপোলিয়নে নিজকে ‘বিপ্লৱৰ সন্তান’ বুলি অভিহিত কৰিছিল।
৭। ‘টেনিছ ক’ৰ্টৰ শপত’ কাৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ‘টেনিছ ক’ৰ্টৰ শপত’ বেইলী নামৰ এজন বিজ্ঞানী আৰু বিপ্লৱীৰ সভাপতিত্বত গ্ৰহণ কৰা হৈছিল।
৮। ‘ছ’চিয়েল কন্ট্ৰেক্ট’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘ছ’চিয়েল কন্ট্ৰেক্ট’ ফৰাচী দাৰ্শনিক জাঁ জেক ৰুছোৱে ৰচনা কৰিছিল।
৯। ‘দ্য ওয়েলথ অব নেশ্বনছ’ গ্ৰন্থৰ লেখক কোন?
উত্তৰঃ ‘দ্য ওয়েলথ অব নেশ্বনছ’ গ্ৰন্থৰ লেখক ইংলেণ্ডৰ অৰ্থনীতিবিদ আদাম স্মিথ (১৭২৩–১৭৯০)।
১০। ফ্ৰান্সত কেতিয়া প্ৰথম গণৰাজ্য স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৭৯২ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে ফ্ৰান্সত প্ৰথম গণৰাজ্য স্থাপন কৰা হৈছিল।
১১। ‘১৮ ব্ৰুমেয়াৰ’ ঘটনা কি আছিল?
উত্তৰঃ ১৭৯৯ চনত নেপোলিয়নে ডিৰেক্টৰী চৰকাৰ উচ্ছেদ কৰি ক্ষমতা দখল কৰাৰ ঘটনাক ‘১৮ ব্ৰুমেয়াৰ’ বোলা হয়।
১২। কেইআৰ (Cahiers) কি?
উত্তৰঃ ১৭৮৯ চনত ষ্টেটছ জেনেৰেলৰ অধিৱেশনত তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজ নিজ সমষ্টিৰপৰা অভাৱ-অভিযোগ সম্বলিত যি প্ৰতিবেদন লগত আনিছিল, তাকে কেইআৰ বোলা হয়।
১৩। নেপোলিয়নৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ নেপোলিয়নৰ জন্ম ১৭৬৯ চনৰ ১৫ আগষ্টত কৰ্চিকা দ্বীপত হৈছিল।
১৪। ষ্টেটছ জেনেৰেলৰ অধিৱেশন কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?
উত্তৰঃ ১৭৮৯ চনৰ ৫ মে’ তাৰিখে ভাৰ্চাইত ষ্টেটছ জেনেৰেলৰ অধিৱেশন আৰম্ভ হৈছিল।
১৫। ফ্ৰান্সৰ জাতীয় দিৱস কোনটো?
উত্তৰঃ ১৪ জুলাই ফ্ৰান্সৰ জাতীয় দিৱস। এই দিনটোত ১৭৮৯ চনত বেষ্টিল দুৰ্গৰ পতন হৈছিল।
চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)
১। ষ্টেটছ জেনেৰেল কি আছিল? চমুকৈ লিখা।
উত্তৰঃ ষ্টেটছ জেনেৰেল আছিল ফ্ৰান্সৰ তিনিওটা সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ লৈ গঠিত এক ৰাজকীয় পৰামৰ্শদাতা সভা। ১৭৮৯ চনৰ ৫ মে’ তাৰিখে ভাৰ্চাইত এই সভাৰ অধিৱেশন আহ্বান কৰা হৈছিল। তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজ নিজ সমষ্টিৰপৰা ‘কেইআৰ’ নামৰ অভাৱ-অভিযোগৰ তালিকা লৈ আহিছিল। কিন্তু ৰজাই কোনো সংস্কাৰৰ পৰিকল্পনা উপস্থাপন নকৰাত তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে ১৭৮৯ চনৰ ১৭ জুনত নিজকে ‘জাতীয় সভা’ বুলি ঘোষণা কৰে।
২। বেষ্টিলৰ পতন সম্পৰ্কে চমুকৈ লিখা।
উত:তৰঃ বেষ্টিল আছিল পেৰিছৰ এক ৰাজকীয় কাৰাগাৰ যিটো বুৰ্বো ৰাজতন্ত্ৰৰ স্বৈৰাচাৰৰ প্ৰতীক হিচাপে বিবেচিত হৈছিল। ১৭৮৯ চনৰ ১৪ জুলাইত পেৰিছৰ উন্মত্ত জনতাই এই দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে আৰু বন্দীসকলক মুক্ত কৰে। এই ঘটনাটো ফৰাচী বিপ্লৱৰ প্ৰতীকী সূচনা হিচাপে স্বীকৃত। জাতীয় সভা ভাংগি দিয়াৰ সামৰিক ষড়যন্ত্ৰৰ গুজৱ বিয়পাৰ পিছত জনতা উত্তেজিত হৈ বেষ্টিল আক্ৰমণ কৰিছিল। এই দিনটো এতিয়া ফ্ৰান্সৰ জাতীয় উৎসৱ দিৱস।
৩। মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাপত্ৰ সম্পৰ্কে লিখা।
উত্তৰঃ ফ্ৰান্সৰ জাতীয় সভাই ১৭৮৯ চনত ‘মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাপত্ৰ’ গ্ৰহণ কৰে। এই ঘোষণাপত্ৰই স্বাধীনতাক মানুহৰ জন্মগত অধিকাৰ বুলি মানি লৈছিল। ইয়াত বিধিৱৱদ্ধ বিচাৰ নোহোৱাকৈ কাকো বন্দী কৰিব নোৱাৰিব বুলি কোৱা হৈছিল। প্ৰতিটো মানুহ আইনৰ সন্মুখত সমান, ধৰ্মীয় স্বাধীনতা, সম্পত্তিৰ অধিকাৰ আৰু বাক-স্বাধীনতা নিশ্চিত কৰিছিল। এই ঘোষণাপত্ৰ আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰৰ আৰ্হিত প্ৰস্তুত কৰা হৈছিল।
৪। পেৰিছ কমিউন কি আছিল?
উত্তৰঃ বেষ্টিল দুৰ্গৰ পতনৰ পিছত পেৰিছ নগৰখন বিপ্লৱৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হয়। ৰাজকীয় শাসনৰ অৱসানৰ পিছত স্থানীয় পৰিচালনাৰ বাবে পেৰিছ কমিউন নামৰ এক স্বায়ত্তশাসিত প্ৰশাসন গঠন কৰা হয়। কমিউনে নগৰৰ বিভিন্ন অঞ্চলৰ দায়িত্ব বহন কৰিছিল। বিপ্লৱৰ সময়ত সমগ্ৰ দেশজুৰি এনে কমিউন প্ৰতিষ্ঠা হৈছিল।
৫। মহিলাৰ সমদলৰ (Women’s March) বিষয়ে লিখা।
উত্তৰঃ ১৭৮৯ চনৰ ৫ অক্টোবৰত পেৰিছৰ প্ৰায় ৮,০০০ ক্ষুধাৰ্ত মহিলাই ৰুটিৰ দাবিত ভাৰ্চাই অভিমুখে শোভাযাত্ৰা কাঢ়িছিল। এই ঘটনা ঘটিছিল কিয়নো ৪ অক্টোবৰৰ ৰাতি ভাৰ্চাইত ৰাজকীয় ভোজসভা অনুষ্ঠিত হৈছিল যেতিয়া পেৰিছত খাদ্য সংকট চলিছিল। মহিলাসকলে ৰজা আৰু ৰাণীক পেৰিছলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল। এই ঘটনাই বিপ্লৱত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰমাণ কৰে।
৬। জেকবিন ক্লাব কি আছিল?
উত্তৰঃ জেকবিন ক্লাব আছিল ফৰাচী বিপ্লৱৰ সময়ত গঠিত এক উগ্ৰ প্ৰজাতান্ত্ৰিক ৰাজনৈতিক সংগঠন। ইয়াৰ সদস্যসকল আছিল প্ৰচণ্ড ৰাজতন্ত্ৰবিৰোধী। মিৰাবো, মাৰা আৰু ৰোবেছপিয়েৰ আছিল এই সংগঠনৰ উল্লেখযোগ্য সদস্য। ৰোবেছপিয়েৰৰ নেতৃত্বত জেকবিনসকলে ক্ষমতায়ী হৈ ‘সন্ত্ৰাসৰ ৰাজত্ব’ আৰম্ভ কৰিছিল। পেৰিছত আছিল এই ক্লাবৰ প্ৰধান কেন্দ্ৰ।
৭। সন্ত্ৰাসৰ ৰাজত্ব কি আছিল?
উত্তৰঃ ১৭৯৩–১৭৯৪ চনলৈকে ফ্ৰান্সত ৰোবেছপিয়েৰৰ নেতৃত্বত ‘সন্ত্ৰাসৰ ৰাজত্ব’ চলিছিল। ইউৰোপৰ পাঁচটা দেশে ফ্ৰান্সৰ বিৰুদ্ধে জোঁট বান্ধি যুদ্ধত নামাৰ পিছত দেশৰ ভিতৰত বিপ্লৱ-বিৰোধী শক্তিক দমন কৰিবলৈ চৰম সন্ত্ৰাসী পদক্ষেপ গ্ৰহণ কৰা হৈছিল। সামান্য সন্দেহৰ ভিত্তিতে হাজাৰ হাজাৰ মানুহক গিলোটিনত মৃত্যুদণ্ড দিয়া হৈছিল। ৰজা ষোড়শ লুইকো ফাঁচি দিয়া হৈছিল। অৱশেষত ৰোবেছপিয়েৰেও একেই পৰিণতি ভোগ কৰিব লগাত পৰে।
৮। কনছুলেট কি আছিল?
উত্তৰঃ ‘১৮ ব্ৰুমেয়াৰ’ অভ্যুত্থানৰ পিছত ডিৰেক্টৰী চৰকাৰৰ স্থানত নেপোলিয়নে কনছুলেট প্ৰতিষ্ঠা কৰে। এই নতুন শাসনব্যৱস্থাত তিনিজন কনছুলে কাৰ্যপালিকা ক্ষমতা বহন কৰিছিল। নেপোলিয়ন প্ৰথম কনছুল হিচাপে সৰ্বাধিক ক্ষমতাশালী হৈ পৰিছিল। পিছলৈ ১৮০৪ চনত তেওঁ নিজকে ফ্ৰান্সৰ সম্ৰাট বুলি ঘোষণা কৰে।
৯। ছেপ্টেম্বৰৰ হত্যাকাণ্ড সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ১৭৯২ চনৰ ২ৰপৰা ৫ ছেপ্তেম্বৰলৈকে পেৰিছত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। ৰাজ-অনুগত বুলি সন্দেহ কৰা বন্দীসকলক বিনা বিচাৰে হত্যা কৰা হয়। বৈদেশিক আক্ৰমণৰ ভয় আৰু অভ্যন্তৰীণ বিশ্বাসঘাতকতাৰ সন্দেহৰ পৰিপ্ৰেক্ষিতে এই হত্যাকাণ্ড সংঘটিত হৈছিল। এই ঘটনাই বিপ্লৱৰ ক্ৰমবৰ্ধমান হিংসাত্মক চৰিত্ৰ প্ৰকট কৰি তুলিছিল।
দীঘল উত্তৰৰ প্ৰশ্ন (Long Answer Questions)
১। ফৰাচী বিপ্লৱৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ ফৰাচী বিপ্লৱৰ কাৰণসমূহ বিভিন্ন দিশৰপৰা বিশ্লেষণ কৰিব পাৰি।
(ক) সামাজিক কাৰণ: বিপ্লৱৰ পূৰ্বে ফ্ৰান্সৰ সমাজ তিনিটা এষ্টেট বা সম্প্ৰদায়ত বিভক্ত আছিল। প্ৰথম সম্প্ৰদায়ত আছিল পাদ্ৰীসকল আৰু দ্বিতীয় সম্প্ৰদায়ত আছিল অভিজাত শ্ৰেণীৰ লোক। এই দুই সম্প্ৰদায়ে সকলো সুবিধা ভোগ কৰিছিল আৰু কৰ-মুক্ত আছিল। তৃতীয় সম্প্ৰদায়ত আছিল কৃষক, বুৰ্জোৱা আৰু শ্ৰমজীৱী মানুহ যিসকলে সমস্ত ৰাজকীয়, ধৰ্মীয় আৰু সামন্তীয় কৰ বহন কৰিছিল। এই গভীৰ সামাজিক অসমতাই বিপ্লৱৰ বীজ ৰোপণ কৰিছিল।
(খ) অৰ্থনৈতিক কাৰণ: পূৰ্বৱৰ্তী ৰজাসকলে আমেৰিকাৰ স্বাধীনতা সংগ্ৰামকে ধৰি বিভিন্ন যুদ্ধত বিপুল পৰিমাণে অৰ্থ ব্যয় কৰাৰ ফলত ৰাজকোষ সম্পূৰ্ণ শূন্য হৈছিল। ইতিমধ্যে অভিজাত আৰু পাদ্ৰীসকল কৰ-মুক্ত হোৱাৰ বাবে তৃতীয় সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত কৰৰ বোজা অসহনীয় হৈছিল। খাদ্য সংকট আৰু দুৰ্ভিক্ষই সাধাৰণ মানুহৰ দুৰ্দশা বৃদ্ধি কৰিছিল।
(গ) দাৰ্শনিক প্ৰভাৱ: মন্টেস্কু, ভল্টেয়াৰ আৰু ৰুছোৰ দৰে এনলাইটেনমেন্ট দাৰ্শনিকসকলে স্বাধীনতা, সমতা আৰু গণতন্ত্ৰৰ আদৰ্শ প্ৰচাৰ কৰিছিল। মন্টেস্কুৱে তেওঁৰ ‘স্পিৰিট অব দ্য লজ’ গ্ৰন্থত ক্ষমতাৰ পৃথকীকৰণৰ কথা কৈছিল। ৰুছোৱে তেওঁৰ ‘ছ’চিয়েল কন্ট্ৰেক্ট’ত জনগণেই প্ৰকৃত সাৰ্বভৌম বুলি ঘোষণা কৰিছিল। এনে বিচাৰধাৰাই জনসাধাৰণক সচেতন কৰি তুলিছিল।
(ঘ) ৰাজনৈতিক কাৰণ: ফ্ৰান্সৰ ৰজাসকল নিৰংকুশ স্বৈৰাচাৰী আছিল। চতুৰ্দশ লুইৰ ‘ময়েই ৰাষ্ট্ৰ’ উক্তিয়ে ইয়াক প্ৰমাণ কৰে। ষোড়শ লুই আছিল দুৰ্বল চৰিত্ৰৰ আৰু ৰাণী মেৰি এন্টোৱানেট ৰাজনৈতিক বিষয়ত হস্তক্ষেপ কৰি অনিষ্ট কৰিছিল। আমেৰিকাৰ স্বাধীনতা সংগ্ৰামৰ সফলতাও ফৰাচী জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল।
২। জাতীয় সভাৰ কাৰ্যাৱলী বিস্তৃতভাৱে আলোচনা কৰা।
উত্তৰঃ ফৰাচী বিপ্লৱৰ সময়ত জাতীয় সভাই ফ্ৰান্সৰ আমূল পৰিৱৰ্তন সাধন কৰিছিল।
১৭৮৯ চনৰ ১৭ জুনত তৃতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে নিজকে ‘জাতীয় সভা’ বুলি ঘোষণা কৰে আৰু ২০ জুনত টেনিছ ক’ৰ্টৰ শপত গ্ৰহণ কৰে যে যেতিয়ালৈকে ফ্ৰান্সৰ সংবিধান প্ৰণয়ন নহ’ব তেতিয়ালৈকে তেওঁলোক ভাঙি নাযাব। জাতীয় সভাই নিম্নোক্ত গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিছিল।
- সামন্তবাদ বিলোপ: ১৭৮৯ চনৰ ৪ আগষ্টত জাতীয় সভাই সামন্তীয় অধিকাৰ আৰু সুবিধাসমূহ বিলোপ কৰে। কৃষকে সামন্ত প্ৰভুসকলৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা মুক্তি পায়।
- মানৱ অধিকাৰ ঘোষণা: ১৭৮৯ চনত ‘মানৱ আৰু নাগৰিকৰ অধিকাৰ ঘোষণাপত্ৰ’ গ্ৰহণ কৰা হয় যাত স্বাধীনতা, সমতা আৰু মালিকানাৰ অধিকাৰ নিশ্চিত কৰা হয়।
- প্ৰশাসনিক পুনৰগঠন: ফ্ৰান্সক ৮৩টা ডিপাৰ্টমেন্টত বিভক্ত কৰি প্ৰশাসনিক কাঠামো আধুনিক কৰা হয়।
- সংবিধান প্ৰণয়ন: ১৭৯১ চনত ফ্ৰান্সৰ প্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হয়। ইউৰোপৰ প্ৰথম লিখিত সংবিধান হিচাপে এই সংবিধানৰ বিশেষ গুৰুত্ব আছে। মন্টেস্কুৰ ক্ষমতাৰ পৃথকীকৰণৰ নীতি অনুসৰণ কৰা হৈছিল।
- গীৰ্জাৰ সম্পত্তি বাজেয়াপ্ত: গীৰ্জাৰ সম্পত্তি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু পাদ্ৰীসকলক ৰাজ্যৰ কৰ্মচাৰী হিচাপে গণ্য কৰা হয়।
৩। ফৰাচী বিপ্লৱৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ ফৰাচী বিপ্লৱে ফ্ৰান্স আৰু সমগ্ৰ বিশ্বত গভীৰ প্ৰভাৱ পেলাইছিল।
(ক) ৰাজতন্ত্ৰৰ অৱসান: ফ্ৰান্সত নিৰংকুশ ৰাজতন্ত্ৰৰ অৱসান হৈছিল আৰু প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল। এই ঘটনাই ইউৰোপৰ অন্যান্য দেশৰ জনসাধাৰণক প্ৰজাতান্ত্ৰিক আদৰ্শৰ দিশত উদ্বুদ্ধ কৰিছিল।
(খ) সামন্তবাদৰ বিলোপ: সামন্তীয় প্ৰথা সম্পূৰ্ণৰূপে বিলুপ্ত হয়। কৃষকসকলে ভূমিৰ মালিকানা অধিকাৰ পায় আৰু সামন্ত প্ৰভুৰ অধীনতাৰ পৰা মুক্তি লাভ কৰে।
(গ) ধৰ্মীয় কৰ্তৃত্বৰ হ্ৰাস: গীৰ্জাৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় আৰু ধৰ্মীয় শক্তিৰ প্ৰভাৱ হ্ৰাস পায়। সমাজত ধৰ্মনিৰপেক্ষতাৰ ভিত্তি গঢ়ি উঠে।
(ঘ) গণতান্ত্ৰিক আদৰ্শৰ প্ৰসাৰ: স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ আদৰ্শ সমগ্ৰ ইউৰোপত বিয়পি পৰে। অন্যান্য দেশতো গণতান্ত্ৰিক আন্দোলন আৰম্ভ হয়।
(ঙ) নেপোলিয়নৰ উত্থান: বিপ্লৱৰ পৰিৱেশত নেপোলিয়নৰ দৰে এজন শক্তিশালী সামৰিক নেতাৰ উত্থান হয় যিয়ে বিপ্লৱৰ আদৰ্শসমূহ সম্পূৰ্ণ কৰাৰ দাবি কৰিছিল।
(চ) ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ: ফৰাচী বিপ্লৱে ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰাক শক্তিশালী কৰিছিল। বিভিন্ন দেশৰ মানুহ নিজৰ জাতীয় পৰিচয়ৰ প্ৰতি সচেতন হৈ পৰিছিল।
৪। নেপোলিয়নৰ উত্থান আৰু ক্ষমতা দখল সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ নেপোলিয়ন বোনাপাৰ্টৰ জন্ম ১৭৬৯ চনৰ ১৫ আগষ্টত কৰ্চিকা দ্বীপত হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল কাৰ্ল বোনাপাৰ্ট। নেপোলিয়ন এজন অসাধাৰণ সামৰিক প্ৰতিভাৱান ব্যক্তি আছিল।
বিপ্লৱৰ সময়ত নেপোলিয়নে বিভিন্ন যুদ্ধত কৃতিত্ব দেখুওৱাইছিল — ইটালিত অষ্ট্ৰিয়াৰ বিৰুদ্ধে সফল অভিযান পৰিচালনা কৰিছিল যদিও মিচৰ অভিযানত পৰাজিত হৈছিল। দেশত ডিৰেক্টৰী চৰকাৰৰ বিশৃংখলাৰ সুযোগ লৈ ১৭৯৯ চনৰ নৱেম্বৰ মাহত নেপোলিয়নে ‘১৮ ব্ৰুমেয়াৰ’ অভ্যুত্থানৰ জৰিয়তে ডিৰেক্টৰী উৎখাত কৰে আৰু কনছুলেট প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰথম কনছুল হিচাপে দায়িত্ব গ্ৰহণ কৰে। পিছলৈ ১৮০৪ চনত নেপোলিয়নে নিজকে ফ্ৰান্সৰ সম্ৰাট বুলি ঘোষণা কৰে, কিন্তু দাবি কৰে যে তেওঁ বিপ্লৱৰ আদৰ্শ ৰক্ষা কৰি আছে। তেওঁ বিভিন্ন প্ৰশাসনিক সংস্কাৰ আনি ফ্ৰান্সৰ আধুনিকীকৰণ কৰিছিল। ১৮১৫ চনৰ ওৱাটাৰলু যুদ্ধত পৰাজয়ৰ পিছত তেওঁক নিৰ্বাসনলৈ পঠিওৱা হয় আৰু ১৮২১ চনৰ ৫ মে’ত তেওঁৰ মৃত্যু হয়।
৫। ফৰাচী বিপ্লৱত দাৰ্শনিকসকলৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ এনলাইটেনমেন্টৰ দাৰ্শনিকসকলে ফৰাচী বিপ্লৱৰ মানসিক ভেটি প্ৰস্তুত কৰিছিল।
মন্টেস্কু (১৬৮৯–১৭৫৫): মন্টেস্কুৱে তেওঁৰ ‘স্পিৰিট অব দ্য লজ’ গ্ৰন্থত চৰকাৰৰ তিনি বিভাগ — ব্যৱস্থাপক, কাৰ্যপালিকা আৰু বিচাৰ বিভাগ — পৃথক ৰখাৰ পক্ষপাতী আছিল। তেওঁৰ ধাৰণা ১৭৯১ চনৰ সংবিধানত গ্ৰহণ কৰা হৈছিল।
ভল্টেয়াৰ (১৬৯৪–১৭৭৮): ভল্টেয়াৰে ধৰ্মীয় গোঁড়ামি আৰু স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছিল। তেওঁ বাক-স্বাধীনতা আৰু ধৰ্মীয় সহিষ্ণুতাৰ পৰমসমৰ্থক আছিল।
জাঁ জেক ৰুছো (১৭১২–১৭৭৮): ৰুছোৱে তেওঁৰ ‘ছ’চিয়েল কন্ট্ৰেক্ট’ গ্ৰন্থত মতবাদ দিছিল যে জনগণেই প্ৰকৃত সাৰ্বভৌম আৰু সমাজিক চুক্তিৰ ভিত্তিতহে চৰকাৰ গঠিত হয়। তেওঁৰ এই ধাৰণাই বিপ্লৱীসকলক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
দিডেৰো আৰু দালেম্বেৰ: এই দুই দাৰ্শনিকে মহাবিশ্বকোষ (Encyclopédie) ৰচনা কৰিছিল যাত প্ৰচলিত সামাজিক আৰু ধৰ্মীয় ব্যৱস্থাৰ পদ্ধতিগত সমালোচনা কৰা হৈছিল।
গুৰুত্বপূৰ্ণ তালিকা আৰু তথ্য (Important Tables and Data)
ফ্ৰান্সৰ তিনিটা সম্প্ৰদায়ৰ তুলনামূলক বিৱৰণ:
| সম্প্ৰদায় | অন্তৰ্ভুক্ত শ্ৰেণী | অধিকাৰ আৰু সুবিধা | দায়িত্ব |
|---|---|---|---|
| প্ৰথম সম্প্ৰদায় | পাদ্ৰীসকল (Clergy) | কৰ-মুক্ত; গীৰ্জাৰ সম্পত্তিৰ অধিকাৰী; বিচাৰব্যৱস্থা আৰু শিক্ষাত নিয়ন্ত্ৰণ | প্ৰতি পাঁচ বছৰত এবাৰ ৰাজকোষলৈ ‘ডন গ্ৰেচিউ’ প্ৰদান |
| দ্বিতীয় সম্প্ৰদায় | অভিজাত শ্ৰেণী (Nobility) | কৰ-মুক্ত; উচ্চপদত নিযুক্তিৰ একাধিকাৰ; সামন্তীয় কৰ সংগ্ৰহৰ অধিকাৰ | সামৰিক সেৱা |
| তৃতীয় সম্প্ৰদায় | কৃষক, বুৰ্জোৱা, শ্ৰমজীৱী | কোনো বিশেষ সুবিধা নাই; ৰাজনৈতিক প্ৰতিনিধিত্ব নগণ্য | তাইয়ে, টিটিমে, গেবেল আদি সকলো কৰ বহন কৰিব লাগে |
ফৰাচী বিপ্লৱৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ:
| তাৰিখ | ঘটনা |
|---|---|
| ৫ মে’ ১৭৮৯ | ষ্টেটছ জেনেৰেলৰ অধিৱেশন আৰম্ভ, ভাৰ্চাই |
| ১৭ জুন ১৭৮৯ | তৃতীয় সম্প্ৰদায়ে নিজকে জাতীয় সভা ঘোষণা |
| ২০ জুন ১৭৮৯ | টেনিছ ক’ৰ্টৰ শপত |
| ১৪ জুলাই ১৭৮৯ | বেষ্টিল দুৰ্গৰ পতন (ফ্ৰান্সৰ জাতীয় দিৱস) |
| ৫ অক্টোবৰ ১৭৮৯ | মহিলাৰ ভাৰ্চাই অভিমুখে শোভাযাত্ৰা |
| ১৭৯১ | ফ্ৰান্সৰ প্ৰথম লিখিত সংবিধান প্ৰণয়ন |
| ২২ ছেপ্তেম্বৰ ১৭৯২ | প্ৰথম ফৰাচী গণৰাজ্য ঘোষণা |
| ২১ জানুৱাৰী ১৭৯৩ | ৰজা ষোড়শ লুইক ফাঁচি |
| ১৭৯৩–১৭৯৪ | সন্ত্ৰাসৰ ৰাজত্ব (ৰোবেছপিয়েৰ) |
| ৯–১০ নৱেম্বৰ ১৭৯৯ | ‘১৮ ব্ৰুমেয়াৰ’ — নেপোলিয়নৰ ক্ষমতা দখল |
| ১৮০৪ | নেপোলিয়নৰ সম্ৰাট পদ গ্ৰহণ |
| ১৮১৫ | ভিয়েনা কংগ্ৰেছ |
মূল্যবোধমূলক প্ৰশ্ন (Value-Based Questions)
১। ফৰাচী বিপ্লৱৰ ‘স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব’ আদৰ্শ বৰ্তমান যুগতো প্ৰাসংগিক নেকি? তোমাৰ মতামত দিয়া।
উত্তৰঃ হয়, ফৰাচী বিপ্লৱৰ ‘স্বাধীনতা, সমতা, ভ্ৰাতৃত্ব’ আদৰ্শ বৰ্তমান যুগতো সম্পূৰ্ণ প্ৰাসংগিক। এই তিনিটা মূল্যবোধ আজিও বিশ্বৰ গণতান্ত্ৰিক দেশসমূহৰ মূলনীতি। ভাৰতৰ সংবিধানতো স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ নীতি অন্তৰ্ভুক্ত কৰা হৈছে। আজিও বিশ্বৰ বিভিন্ন প্ৰান্তত মানৱ অধিকাৰৰ হনন হৈছে, বৈষম্য আছে। সেয়ে এই আদৰ্শসমূহ যেতিয়ালৈকে সামাজিক অসমতা আৰু অন্যায় থাকিব তেতিয়ালৈকে প্ৰাসংগিক হৈ থাকিব। এই আদৰ্শসমূহৰ প্ৰতি সকলো নাগৰিকৰ দায়িত্ব আছে।
২। ফৰাচী বিপ্লৱত মহিলাসকলৰ ভূমিকা আলোচনা কৰা আৰু তেওঁলোকৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰাম সম্পৰ্কে তোমাৰ মতামত দিয়া।
উত্তৰঃ ফৰাচী বিপ্লৱত মহিলাসকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৭৮৯ চনৰ অক্টোবৰত প্ৰায় ৮,০০০ মহিলাই ভাৰ্চাই অভিমুখে শোভাযাত্ৰা কাঢ়িছিল আৰু ৰজাক পেৰিছলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল। অলিম্প দ্য গুজে নামৰ এগৰাকী মহিলাই ১৭৯১ চনত ‘মহিলাৰ অধিকাৰ ঘোষণাপত্ৰ’ প্ৰণয়ন কৰিছিল। কিন্তু দুখৰ কথা যে বিপ্লৱৰ পিছতো মহিলাসকলে পুৰুষৰ সমান ৰাজনৈতিক অধিকাৰ পোৱা নাছিল। মহিলাৰ ভোটাধিকাৰ, শিক্ষাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰৰ বাবে দীৰ্ঘদিন সংগ্ৰাম চলিছিল। তথাপি ফৰাচী বিপ্লৱে মহিলাৰ অধিকাৰ আন্দোলনৰ বীজ ৰোপণ কৰিছিল।
৩। দাস প্ৰথাৰ বিলোপ আৰু ফৰাচী বিপ্লৱৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ ফৰাচী বিপ্লৱৰ ‘স্বাধীনতা আৰু সমতা’ৰ আদৰ্শ দাস প্ৰথাৰ বিৰুদ্ধে যুক্তি দাঙি ধৰে। ফ্ৰান্সৰ উপনিবেশসমূহত, বিশেষকৈ কেৰিবিয়ান দ্বীপপুঞ্জত লাখ লাখ আফ্ৰিকান দাস-শ্ৰমিক আছিল। বিপ্লৱৰ আদৰ্শত অনুপ্ৰাণিত হৈ এই দাস-শ্ৰমিকসকলে বিদ্ৰোহ কৰিছিল। ১৭৯৪ চনত ফৰাচী জাতীয় কনভেনচনে উপনিবেশসমূহত দাস প্ৰথা বিলোপ কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। যদিও পিছলৈ নেপোলিয়নে পুনৰ দাস প্ৰথা পুনৰ প্ৰবৰ্তন কৰিছিল, কিন্তু বিপ্লৱৰ আদৰ্শ দাস প্ৰথা বিলোপৰ বৈশ্বিক আন্দোলনৰ ভেটি হৈছিল। এই ঘটনা প্ৰমাণ কৰে যে গণতান্ত্ৰিক আদৰ্শ সামাজিক মুক্তিৰ এক শক্তিশালী হাতিয়াৰ।