সাৰাংশ: সত্যনাথ বৰাৰ “সাৰথি” পুথিৰ অন্তৰ্গত “অন্যৰ প্ৰতি ব্যৱহাৰ” পাঠটিত মানুহৰ সামাজিক জীৱনত সজ আচৰণ আৰু ব্যৱহাৰৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা হৈছে। লেখকৰ মতে, সংসাৰত সুখে-সন্তোষেৰে থাকিবলৈ হ’লে মানুহে কাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জনাটো অতি প্ৰয়োজন। মিঠা মাত, নম্ৰতা, বিনয় আদি সজ ব্যৱহাৰৰ মূল মন্ত্ৰ। এই গুণবোৰে মানুহক সমাজত প্ৰিয়পাত্ৰ কৰি তোলে। আনহাতে, কেটেৰা মাত, অহংকাৰ আৰু খিংখিঙীয়া স্বভাৱৰ লোকে শত্ৰু বঢ়ায়। লেখকে আনৰ গুণৰ প্ৰশংসা কৰা, গুপ্ত কথা লুকুৱাই ৰখা, আৰু পৰিস্থিতি সাপেক্ষে মানুহৰ লগত আচৰণ কৰাৰ ওপৰতো গুৰুত্ব দিছে। পাঠটিৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক জীৱন যুদ্ধত সফল হ’বলৈ আৰু সমাজত এজন ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰয়োজনীয় আচৰণ-বিধিৰ শিক্ষা দিয়া।
Summary: In the lesson “Anyar Prati Byabahar” (Behaviour Towards Others), taken from the book “Sarathi” by Satyanath Bora, the author discusses the importance of good conduct and behavior in social life. According to the author, to live happily and peacefully in society, one must know how to behave with others. Sweet speech, humility, and modesty are the cornerstones of good behavior, making a person well-liked in the community. On the other hand, harsh words, arrogance, and an irritable nature only create enemies. The author also emphasizes the importance of appreciating others’ virtues, maintaining confidentiality, and adapting one’s behavior according to the situation and the person. The main objective of this lesson is to teach students the necessary code of conduct to succeed in life and live as a respectable human being in society.
ভাব-বিষয়ক
১। (ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
উত্তৰঃ সংসাৰত আনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষেৰে কাল কটাব পাৰি, সেই কথা নজনাৰ বাবেই বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।
(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰঃ যিসকল নিৰ্বোধ আৰু খিংখিঙীয়া স্বভাৱৰ লোকে ভৱিষ্যতৰ কথা চিন্তা নকৰি আনক কেটেৰা মাৰি কথা কয়, সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ নম্ৰতা হ’ল সজ ব্যৱহাৰৰ অনুপান।
(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক কি কৰা হয়?
উত্তৰঃ মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল বা প্ৰৱঞ্চনা কৰা হয়।
(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।’— ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ যিসকল লোকে লগৰীয়াৰ আগত আনৰ গুপ্ত কথা কৈ ফুৰে, সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ পাতল বুলি কোৱা হৈছে।
(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উত্তৰঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।
(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।
২। চমুকৈ বুজাই লিখা :
(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰঃ সমাজত আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া জনাটো অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ ওপৰতে মানুহৰ সুখ-শান্তি নিৰ্ভৰ কৰে। ভাল ব্যৱহাৰৰ জৰিয়তে এজন কপটীয়া মানুহেও আনৰ মৰম লাভ কৰিব পাৰে, আনহাতে বেয়া ব্যৱহাৰৰ বাবে এজন চৰিত্ৰৱান লোকেও আনৰ হিংসা-গৰিহণাৰ পাত্ৰ হ’ব লগা হয়। ব্যৱহাৰৰ গুণতেই মানুহ সমাজত প্ৰিয় বা অপ্ৰিয় হ’ব পাৰে। সেয়েহে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি, বৰঞ্চ ইয়াক মনোযোগেৰে শিকা উচিত।
(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰঃ বিনয় বা নম্ৰতা এটা মহৎ গুণ। কঠুৱা মাতেৰে কৰা ব্যৱহাৰে মানুহৰ মনত আঘাত হানে আৰু তেনে ব্যৱহাৰ কোনেও পছন্দ নকৰে। তিতা মুখেৰে কথা ক’লে হাজাৰ উপকাৰ বা অৰ্বুদ দানৰ ফল এক মুহূৰ্ততে নাশ হয়। আনহাতে, বিনয়ীভাৱে কৰা দান গ্ৰহণকাৰীৰ বাবে সন্মানজনক হয় আৰু ই দাতাৰ মহত্ত্ব প্ৰকাশ কৰে। সেয়েহে জ্ঞানীসকলে কৈছে যে দান সদায় বিনয় ভাৱেৰে কৰিব লাগে।
৩। তাৎপর্য ব্যাখ্যা কৰা :
(ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰঃ উক্ত বাক্যশাৰী সত্যনাথ বৰাৰ ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত সজ ব্যৱহাৰত নম্ৰতাৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছে।
‘অনুপান’ হ’ল দৰৱৰ লগত মিহলাই খোৱা বস্তু, যিয়ে দৰৱৰ গুণ বঢ়ায়। ঠিক তেনেদৰে, সজ ব্যৱহাৰৰ লগত নম্ৰতা মিহলি হ’লে তাৰ উপকাৰিতা আৰু গ্ৰহণযোগ্যতা বাঢ়ি যায়। দম্ভালি বা অহংকাৰী কথা কোনেও ভাল নাপায়, কিন্তু নম্ৰ ব্যৱহাৰে মানুহৰ মন সহজে জয় কৰিব পাৰে। নম্ৰতা মানুহৰ উচ্চ মনৰ পৰিচায়ক। মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে স্বাভাৱিকতে মিঠা মাত ওলায়। সেয়েহে, নম্ৰতাক সজ ব্যৱহাৰৰ এক অপৰিহাৰ্য উপাদান বা অনুপান বুলি কোৱা হৈছে।
(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ এই বাক্যশাৰী সত্যনাথ বৰাৰ ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াৰ জৰিয়তে লেখকে বুজাব বিচাৰিছে যে গুণী আৰু মান্যৱন্ত লোকক কোনোবাই অমান্য কৰিলেই তেওঁলোকৰ সন্মান বা মৰ্যাদা কমি নাযায়।
সোণ এক মূল্যবান আৰু উজ্জ্বল ধাতু। কোনোবাই যদি সোণক অমান্য কৰে বা তাৰ মূল্য নুবুজে, তথাপিও সোণৰ উজ্জ্বলতা বা জেউতি কমি নাযায়। ঠিক সেইদৰে, সমাজত কিছুমান লোক থাকে যিয়ে জ্ঞানী বা সন্মানীয় ব্যক্তিক অমান্য কৰি নিজৰ পুৰুষালি দেখুৱাব খোজে। কিন্তু তেওঁলোকে বুজি নাপায় যে এনে কৰাৰ দ্বাৰা সেই মান্যৱন্ত লোকসকলৰ সন্মান অকণো হ্ৰাস নহয়, বৰঞ্চ তেওঁলোকৰ নিজৰ নীচ মনৰহে পৰিচয় দিয়ে।
ভাষা-বিষয়ক
৪। বিপৰীতার্থক শব্দ লিখা :
- সুখ – দুখ
- সন্তোষ – অসন্তোষ
- সজ – অসজ
- চৰিত্ৰৱন্ত – চৰিত্ৰহীন
- কপটীয়া – সৰল/নিষ্কলুষ
- মিঠা – তিতা
- বিনয় – উদ্ধালি/অহংকাৰ
- নম্রতা – উদ্ধতা
- লঘু – গুৰু
- উচ্চ – নীচ
- নিন্দা – প্ৰশংসা
- গুপ্ত – প্ৰকাশ্য
- দোষ – গুণ
- গহীন – পাতল
- আঢ্যৱন্ত – দৰিদ্ৰ
৫। বাক্য ৰচনা কৰা :
- চকুৰ কুটা: বেয়া ব্যৱহাৰৰ বাবে ৰমেন গাঁৱৰ সকলোৰে চকুৰ কুটা হৈ পৰিছে।
- পেটত কথা ৰাখ: সকলো কথা সকলোকে কৈ নুফুৰিবা, পেটত কথা ৰাখিবলৈ শিকিব লাগে।