সাৰাংশ: ‘ভক্তপ্ৰাণ প্ৰহ্লাদ’ হৈছে অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’ত অন্তৰ্ভুক্ত এখন নাটিকা। নাটিকাখন পাঁচটা দৃশ্যত বিভক্ত। ইয়াৰ মুখ্য চৰিত্ৰসমূহ হ’ল হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা), হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী), প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ, হৰিৰ একান্ত ভক্ত), ষণ্ডামৰ্ক (দৈত্যগুৰু) আৰু মহাৰাণী (দৈত্যৰাণী)। দৈত্যৰাজ হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী জ্ঞান কৰিছিল কাৰণ হৰিয়ে বৰাহ ৰূপ লৈ তাৰ সহোদৰ হিৰণ্যক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা বৰ লাভ কৰিছিল যে মানুহ বা জন্তুৱে তাক বধ কৰিব নোৱাৰিব, দিনতো নহয়, ৰাতিও নহয়।
প্ৰহ্লাদ দৈত্যৰাজৰ পুত্ৰ হৈও হৰিৰ পৰম ভক্ত। তেওঁ হৰিক ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিছিল। “ৰাখে হৰি মাৰে কোনে” — এই বিশ্বাসেৰে প্ৰহ্লাদে সকলো বিপদ অতিক্ৰম কৰিছিল। হিৰণ্যকশিপুৱে পুত্ৰক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষণ্ড আৰু মৰ্কৰ দ্বাৰা বামানয় শাস্ত্ৰ শিক্ষা দিবলৈ প্ৰচেষ্টা কৰিছিল। কিন্তু প্ৰহ্লাদে সেই শাস্ত্ৰ গ্ৰহণ কৰা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰিৰ বিৰুদ্ধে আছিল। তেওঁ হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল আৰু ভজন-কীৰ্তন কৰি দিন কটাইছিল। হিৰণ্যকশিপুৱে পুত্ৰক পৰ্বতৰ পৰা গুচৰাই দিয়া, হাতীৰে মোহাৰা, জুইত পেলোৱা আদি নানা উপায়েৰে হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু প্ৰতিবাৰেই হৰিৰ কৃপাত প্ৰহ্লাদ ৰক্ষা পাইছিল।
এদিন ক্ৰোধত অন্ধ হিৰণ্যকশিপুৱে প্ৰহ্লাদক সুধিছিল — “ত্ৰিজগতৰ পতি হৰি ক’ত আছে?” প্ৰহ্লাদে উত্তৰ দিছিল — “হৰি আকাশ, বতাহ, পানী, মাটি সকলোতে বিৰাজ কৰে।” হিৰণ্যকশিপুৱে ক্ৰোধত স্ফটিক স্তম্ভ এটা গদাৰে ভাঙিবলৈ আদেশ দিলে। স্তম্ভ ভগাৰ লগে লগে তাৰ মাজৰ পৰা নৰসিংহ ৰূপী হৰিৰ আৱিৰ্ভাৱ ঘটিল — অৰ্ধমানৱ আৰু অৰ্ধসিংহৰ ৰূপ লৈ। নৰসিংহই হিৰণ্যকশিপুক উৰুত বহুৱাই নখেৰে বিদাৰি হত্যা কৰিলে। প্ৰহ্লাদে ক্ৰোধান্বিত নৰসিংহক প্ৰাৰ্থনা কৰি শান্ত কৰিলে আৰু পিতৃৰ দোষ ক্ষমা কৰিবলৈ মিনতি জনালে। এই নাটিকাখনে ভাৰতীয় ভক্তি সাহিত্যৰ এক গৌৰৱময় অধ্যায়ৰ প্ৰতিনিধিত্ব কৰে।
Summary: “Bhaktapran Prahlad” (ভক্তপ্ৰাণ প্ৰহ্লাদ) is a drama (নাটিকা) included in the Class 8 Assamese textbook “Ankuron” (অংকুৰণ). The play is divided into five scenes and features key characters: Hari (the savior of the three worlds), Hiranyakashyap (the demon king and eternal enemy of Hari), Prahlad (Hiranyakashyap’s son and a devoted follower of Hari), Shandamark (the demon guru), and the Maharani (the demon queen). Hiranyakashyap considered Hari his eternal enemy because Hari, in the form of a boar (Varaha), had killed his brother Hiranyaksha. He had obtained a boon from Brahma that he could not be killed by man or beast, neither by day nor by night.
Prahlad, though born the son of the demon king, was an ardent devotee of Hari. He believed Hari to be the creator, sustainer, and savior of the three worlds, chanting “Rakhe Hari mare kone” (if Hari protects, who can harm). Hiranyakashyap tried to have Prahlad taught the demonic Vamanaya Shastra by Shand and Mark, the two sons of the demon guru Shukracharya, but Prahlad refused as the scripture was opposed to devotion to Hari. Despite being thrown from a mountain, trampled by elephants, and thrown into fire, Prahlad survived each time through divine protection. Finally, when Hiranyakashyap smashed a crystal pillar in rage, Lord Hari appeared from it in the form of Narasimha — half-man, half-lion — and destroyed the demon king by placing him on his thigh and tearing him apart with his claws. Prahlad’s prayer calmed the furious Narasimha, who forgave the sins of the father at the son’s request. This drama represents a glorious chapter in Indian devotional (bhakti) literature, celebrating unwavering faith, righteousness, and divine grace.
পাঠভিত্তিক ক্ৰিয়া
১। উত্তৰ দিয়া –
(ক) নাটিকাখনৰ মুখ্য চৰিত্ৰসমূহ কোন কোন?
উত্তৰঃ নাটিকাখনৰ মুখ্য চৰিত্ৰসমূহ হ’ল — হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা), হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী), প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ, হৰিৰ একান্ত ভক্ত), ষণ্ডামৰ্ক (দৈত্যগুৰু) আৰু মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী)।
(খ) নাটিকাখন কিমানটা দৃশ্যত বিভক্ত?
উত্তৰঃ নাটিকাখন পাঁচটা দৃশ্যত বিভক্ত।
(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।
(ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি?
উত্তৰঃ হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম হিৰণ্যক্ষ।
(ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ মনোভাৱ কেনেকুৱা আছিল?
উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত আৰু অবিচল ভক্তি আছিল। তেওঁ হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিছিল আৰু সকলো বিপদতো হৰিৰ নাম লৈ অবিচল থাকিছিল।
(চ) প্ৰহ্লাদক অসুৰ শাস্ত্ৰ শিকাবলৈ কাক নিযুক্ত কৰা হৈছিল?
উত্তৰঃ প্ৰহ্লাদক অসুৰ শাস্ত্ৰ শিকাবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষণ্ড আৰু মৰ্কক নিযুক্ত কৰা হৈছিল।
(ছ) ‘ত্ৰিজগতৰ গৰাকী’ বুলি প্ৰহ্লাদে কাক কৈছে?
উত্তৰঃ ‘ত্ৰিজগতৰ গৰাকী’ বুলি প্ৰহ্লাদে শ্ৰী হৰি (ভগৱান বিষ্ণু)ক কৈছে।
(জ) স্ফটিক স্তম্ভৰ পৰা কোনে অৱতৰণ কৰিছিল?
উত্তৰঃ স্ফটিক স্তম্ভৰ পৰা নৰসিংহ ৰূপী হৰি অৱতৰণ কৰিছিল।
(ঝ) অসুৰৰ শাস্ত্ৰৰ নাম কি?
উত্তৰঃ অসুৰৰ শাস্ত্ৰৰ নাম বামানয় শাস্ত্ৰ।
২। লিখা –
(ক) প্ৰহ্লাদ কিহত তন্ময় হৈ আছিল আৰু কোনে সেই কথা কৈছিল?
উত্তৰঃ প্ৰহ্লাদ হৰিৰ মহিমা চিন্তা কৰি তন্ময় হৈ আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰশ্ন কৰিছিল — “কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ?”
(খ) নৰসিংহই হিৰণ্যকশিপুক কেনেদৰে বধ কৰিলে?
উত্তৰঃ নৰসিংহই হিৰণ্যকশিপুক পতংগৰ দৰে ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰিলে। তেওঁৰ ভয়ংকৰ গৰ্জনত আকাশ-পাতাল কম্পমান হৈছিল আৰু সকলো দৈত্য ভয়ত কম্পমান হৈ পলাই গৈছিল।
৩। চমুকৈ লিখা –
(ক) হৰিৰ বিষয়ে প্ৰহ্লাদৰ ধাৰণা কেনেকুৱা আছিল?
উত্তৰঃ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি গণ্য কৰিছিল। তেওঁ ঘোষণা কৰিছিল — “ৰাখে হৰি মাৰে কোনে।” তেওঁৰ মতে হৰি সকলোৰ পিতা — আকাশ, বতাহ, পানী, মাটি সবকিছুতে হৰি বিৰাজ কৰে। হৰি অদৃশ্য হলেও দিব্যদৃষ্টিৰে তেওঁক উপলব্ধি কৰিব পাৰি।
(খ) প্ৰহ্লাদে বামানয় শাস্ত্ৰ কিয় পঢ়া নাছিল?
উত্তৰঃ প্ৰহ্লাদে বামানয় শাস্ত্ৰ পঢ়া নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আছিল। তেওঁ পৰমপিতা হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল আৰু হৰিৰ বিৰুদ্ধ কোনো শাস্ত্ৰ গ্ৰহণ কৰিবলৈ তেওঁ সম্মত হোৱা নাছিল।
(গ) হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি কিয় কৈছিল?
উত্তৰঃ হিৰণ্যকশিপুৰ সহোদৰ হিৰণ্যক্ষক শ্ৰী হৰিয়ে বৰাহ (শূকৰ) ৰূপ লৈ দাঁতেৰে খুচি হত্যা কৰিছিল। এই ভ্ৰাতৃহত্যাৰ প্ৰতিশোধ ল’বলৈ হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি গণ্য কৰিছিল আৰু হৰিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
(ঘ) প্ৰহ্লাদে নৰসিংহৰ ওচৰত কি প্ৰাৰ্থনা কৰিছিল?
উত্তৰঃ প্ৰহ্লাদে নৰসিংহৰূপী হৰিৰ ওচৰত অনুনয় কৰি কৈছিল — “হে প্ৰভু, আমাক সৎ বুদ্ধি দিয়ক, ৰক্ষা কৰক। পিতৃৰ সকলো দোষ ক্ষমা কৰক।” তেওঁ নৰসিংহক শান্ত হ’বলৈ মিনতি কৰিছিল আৰু পিতৃৰ হৈ ক্ষমাপ্ৰাৰ্থনা কৰিছিল।
(ঙ) ষণ্ডামৰ্কে প্ৰহ্লাদক কি বুজাইছিল?
উত্তৰঃ ষণ্ডামৰ্কে প্ৰহ্লাদক বুজাইছিল যে দৈত্যবংশৰ পুত্ৰ হিচাপে হৰিনাম গোৱাটো অনুচিত আৰু দৈত্যকুলৰ কলংস্বৰূপ। তেওঁলোকে প্ৰহ্লাদক বামানয় শাস্ত্ৰ শিকি দৈত্যপৰম্পৰা মানি চলিবলৈ অনুৰোধ কৰিছিল আৰু হৰিভক্তিৰ মহিমা বৰ্ণনা কৰাৰ পৰা বিৰত থাকিবলৈ কৈছিল।
(চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ শিক্ষা কিয় গ্ৰহণ কৰা নাছিল?
উত্তৰঃ প্ৰহ্লাদে গুৰুদ্বয়ৰ শিক্ষা গ্ৰহণ কৰা নাছিল কাৰণ তেওঁলোকৰ যুক্তি আৰু বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰুদ্ধ আছিল। প্ৰহ্লাদৰ মতে সত্যক স্বীকাৰ কৰাটো অপৰাধ নহয়, আৰু হৰিয়েই পৰমসত্য। সেয়েহে তেওঁ গুৰুদ্বয়ৰ কথা মানি লোৱা নাছিল।
৪। ব্যাখ্যা কৰা –
“ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।”
উত্তৰঃ প্ৰহ্লাদ নিজ পিতৃৰ বিৰোধিতা আৰু নিৰ্যাতনৰ মাজতো সত্য আৰু ন্যায়ৰ পথত অবিচল হৈ থাকিছিল। পৰ্বতৰ পৰা ওপৰাই দিলেও, হাতীৰে মোহাৰিলেও, জুইত দিলেও তেওঁ হৰিৰ নাম এৰা নাছিল। তেওঁৰ একান্ত ভক্তি, নিষ্ঠা আৰু বিনয় তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল। পিতৃৰ অন্যায় আদেশও তেওঁ নম্ৰভাৱে প্ৰত্যাখ্যান কৰিছিল। ভাৰতীয় ভক্তি সাহিত্যত এনে এজন নিঃস্বাৰ্থ আৰু অকুণ্ঠ ভক্তৰ কাহিনী এক গৌৰৱময় সংযোজন। প্ৰহ্লাদৰ চৰিত্ৰই শিকায় যে সত্য আৰু ভক্তিৰ শক্তিৰ আগত অন্যায় আৰু অহংকাৰ কেতিয়াও টিকিব নোৱাৰে।
৫। হিৰণ্যকশিপু আৰু প্ৰহ্লাদৰ মাজত হোৱা সংলাপ নিজৰ ভাষাত লিখা।
উত্তৰঃ হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল — “তুমি দৈত্যবংশৰ পুত্ৰ হৈ হৰিৰ নাম কিয় লোৱা? হৰি আমাৰ চিৰবৈৰী। বামানয় শাস্ত্ৰ শিকা আৰু দৈত্যপৰম্পৰা মানি চলা।” প্ৰহ্লাদে নম্ৰভাৱে উত্তৰ দিছিল — “পিতৃ, হৰিয়েই ত্ৰিজগতৰ পতি। তেওঁ আকাশ, বতাহ, পানী সকলোতে বিৰাজ কৰে। মোৰ বিনাশ সহজ নহয় কাৰণ হৰিয়ে মোক ৰক্ষা কৰিব।” হিৰণ্যকশিপুৱে পুনৰ ক্ৰোধত কৈছিল — “মোৰ বিনাশ কেতিয়াও নহয়। মানুহ বা জন্তুৱে মাৰিব নোৱাৰে। দিনতো নহয়, ৰাতিও নহয়।”
ব্যৱহাৰিক ব্যাকৰণ
৬। তলৰ সমস্তপদসমূহৰ সমস্যমান আৰু ব্যাসবাক্য নিৰ্ণয় কৰা –
| সমস্তপদ | সমস্যমান পদ | ব্যাসবাক্য |
|---|---|---|
| ত্ৰিভুৱন | ত্ৰি + ভুৱন | তিনি ভুৱনৰ সমাহাৰ |
| হতাহতি | হাত + হাতি | পৰস্পৰ হাতে-হাতে যুজঁ |
| পৰ্বতগম্ভীৰ | পৰ্বত + গম্ভীৰ | পৰ্বতৰ দৰে গম্ভীৰ |
| ত্ৰিজগত | ত্ৰি + জগত | তিনি জগতৰ সমাহাৰ |
| সিংহাসন | সিংহ + আসন | সিংহখচিত আসন |
৭। এটা শব্দত প্ৰকাশ কৰা –
| বাক্যাংশ | এটা শব্দ |
|---|---|
| যাৰ সাহস আছে | সাহসী |
| যি ঈশ্বৰ বিশ্বাস কৰে | আস্তিক |
| যি বিষ্ণুক উপাসনা কৰে | বৈষ্ণৱ |
| একেমাকৰ সন্তান | সহোদৰ |
| যি সঁচা কথা কয় | সত্যবাদী |
| যাক দেখা নাযায় | অদৃশ্যমান |
৮। তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা –
চিৰবৈৰী: হিৰণ্যকশিপু আৰু বিষ্ণু চিৰবৈৰী আছিল।
হিংসা-দ্বেষ: দেৱতা আৰু অসুৰৰ মাজত হিংসা-দ্বেষ চিৰকাল আছিল।
আকাশ-পাতাল: নৰসিংহৰ গৰ্জনত আকাশ-পাতাল কম্পমান হৈ উঠিল।
গৰিমা: ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিলে।
চালে চকুৰোৱা: পদুমফুলে পুখুৰী চালে চকুৰোৱা হৈ পৰিছে।
শয়নে-সপোনে: প্ৰহ্লাদে শয়নে-সপোনে হৰিক স্মৰণ কৰিছিল।
৯। চমু উত্তৰ দিয়া –
(ক) ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?
উত্তৰঃ ষণ্ডামৰ্কৰ পিতৃৰ নাম দৈত্যগুৰু শুক্ৰাচাৰ্য।
(খ) বিষ্ণুৰ মুঠ অৱতাৰৰ সংখ্যা কিমান?
উত্তৰঃ বিষ্ণুৰ মুঠ দশটা অৱতাৰ।
(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰৰ নাম কি?
উত্তৰঃ বিষ্ণুৰ চতুৰ্থ অৱতাৰৰ নাম নৰসিংহ।
(ঘ) বামানয় শাস্ত্ৰ কি?
উত্তৰঃ বামানয় শাস্ত্ৰ হৈছে অসুৰসকলৰ শাস্ত্ৰজ্ঞান — দৈত্যবংশৰ পৰম্পৰা আৰু শিক্ষানীতি অনুসৰি ৰচিত বেদবিৰুদ্ধ শাস্ত্ৰ।
অতিৰিক্ত প্ৰশ্নোত্তৰ (চমু প্ৰশ্ন)
১। কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ বুলি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰশ্ন কৰিছিল।
২। দৈত্য বংশৰ চিৰ বৈৰী কোন হয়?
উত্তৰঃ দৈত্য বংশৰ চিৰ বৈৰী শ্ৰী হৰি।
৩। ত্ৰিভুৱনৰ গৰাকী বুলি প্ৰহ্লাদে কাক কৈছে?
উত্তৰঃ ত্ৰিভুৱনৰ গৰাকী বুলি প্ৰহ্লাদে শ্ৰী হৰিক কৈছে।
৪। হিৰণ্যকশিপু এজন কি আছিল?
উত্তৰঃ হিৰণ্যকশিপু এজন দৈত্যৰাজ আছিল।
৫। প্ৰহ্লাদে দৈত্যকুলত কি কৰি কংলক আনিছে বুলি কোৱা হৈছিল?
উত্তৰঃ প্ৰহ্লাদে দৈত্যকুলত ভজন-কীৰ্তন কৰি কংলক আনিছে বুলি কোৱা হৈছিল।
৬। ‘বামানয়’ কি?
উত্তৰঃ ‘বামানয়’ হৈছে অসুৰসকলৰ শাস্ত্ৰজ্ঞান।
৭। প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কোনটো পথৰ পৰা ঘূৰাই অনা কথা কৈছিল?
উত্তৰঃ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক হৰি ভক্তিৰ পথৰ পৰা ঘূৰাই অনা কথা কৈছিল।
৮। হিৰণ্যকশিপুৱে শ্ৰী হৰিক কিয় চিৰবৈৰী বুলি কৈছিল?
উত্তৰঃ শ্ৰী হৰিয়ে হিৰণ্যকশিপুৰ সহোদৰ হিৰণ্যক্ষক হত্যা কৰাৰ বাবে হিৰণ্যকশিপুৱে হৰিক চিৰবৈৰী বুলি কৈছিল।
৯। বিষ্ণুৱে হিৰণ্যক্ষক কি ৰূপত হত্যা কৰিছিল?
উত্তৰঃ বিষ্ণুৱে হিৰণ্যক্ষক বৰাহ (শূকৰ) ৰূপত হত্যা কৰিছিল।
১০। বিষ্ণুৱে হিৰণ্যক্ষক কেনেকৈ হত্যা কৰিছিল?
উত্তৰঃ বিষ্ণুৱে হিৰণ্যক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল।
১১। শ্ৰী হৰিৰ অন্য এক ৰূপ কি?
উত্তৰঃ শ্ৰী হৰিৰ অন্য এক ৰূপ বিষ্ণু।
১২। ষণ্ডামৰ্ক কোন আছিল?
উত্তৰঃ ষণ্ডামৰ্ক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ আছিল।
১৩। প্ৰহ্লাদে বামানয় শাস্ত্ৰ কাৰ বিৰুদ্ধে আছে বুলি কৈছিল?
উত্তৰঃ প্ৰহ্লাদে বামানয় শাস্ত্ৰ শ্ৰী হৰিৰ বিৰুদ্ধে আছে বুলি কৈছিল।
১৪। প্ৰহ্লাদে কাৰ শ্ৰীচৰণত শৰণ লৈছিল?
উত্তৰঃ প্ৰহ্লাদে শ্ৰী হৰিৰ শ্ৰীচৰণত শৰণ লৈছিল।
১৫। ষণ্ডামৰ্কে নাচোৰবান্দা বুলি কাক কৈছিল?
উত্তৰঃ ষণ্ডামৰ্কে প্ৰহ্লাদক নাচোৰবান্দা বুলি কৈছিল।
১৬। হিৰণ্যকশিপুৱে নৰসিংহৰ সৈতে যুঁজিবলৈ কাৰ ওচৰৰ পৰা বিশাল গদা আনাইছিল?
উত্তৰঃ হিৰণ্যকশিপুৱে নৰসিংহৰ সৈতে যুঁজিবলৈ চন্তেৰৰ ওচৰৰ পৰা বিশাল গদা আনাইছিল।
১৭। হিৰণ্যকশিপুৱে স্ফটিক স্তম্ভ কিয় ভাঙিবলৈ কৈছিল?
উত্তৰঃ হৰি স্তম্ভৰ মাজতো আছে বুলি প্ৰহ্লাদে কোৱাত হিৰণ্যকশিপুৱে ক্ৰোধত স্ফটিক স্তম্ভ ভাঙিবলৈ কৈছিল।
১৮। নৰসিংহ কেনেকুৱা আকৃতিৰ ৰূপ আছিল?
উত্তৰঃ নৰসিংহ আধা মানুহ আৰু আধা সিংহৰ আকৃতিৰ ৰূপ আছিল।
১৯। হিৰণ্যকশিপুৰ মৃত্যু কেতিয়াও নহয় বুলি তেওঁ কিয় নিশ্চিত আছিল?
উত্তৰঃ হিৰণ্যকশিপুক ব্ৰহ্মাই বৰ দিছিল যে কোনো মানুহ বা জন্তুৱে তাক বধ কৰিব নোৱাৰিব, সেই বাবে তেওঁ নিশ্চিত আছিল যে তাৰ মৃত্যু নহয়।
২০। ক্ৰোধান্বিত নৰসিংহ অৱশেষত কেনেকৈ শান্ত হৈছিল?
উত্তৰঃ ক্ৰোধান্বিত নৰসিংহ অৱশেষত প্ৰহ্লাদৰ আন্তৰিক প্ৰাৰ্থনা আৰু কাকুতি-মিনতিত শান্ত হৈছিল।
বহু বিকল্পীয় প্ৰশ্ন (MCQ)
১। প্ৰহ্লাদৰ পিতৃৰ নাম কি?
(i) বিষ্ণু (ii) হিৰণ্যকশিপু (iii) কৃষ্ণ (iv) নৰসিংহ
উত্তৰঃ (ii) হিৰণ্যকশিপু
২। প্ৰহ্লাদ কাৰ ভক্ত আছিল?
(i) শিৱ (ii) কৃষ্ণ (iii) বিষ্ণু (iv) সূৰ্য
উত্তৰঃ (iii) বিষ্ণু
৩। নৰসিংহৰ ৰূপ কি আছিল?
(i) মানুহৰ ৰূপ (ii) সিংহৰ ৰূপ (iii) অৰ্ধমানৱ-অৰ্ধসিংহ (iv) পক্ষীৰূপ
উত্তৰঃ (iii) অৰ্ধমানৱ-অৰ্ধসিংহ
৪। অসুৰৰ শাস্ত্ৰজ্ঞানৰ নাম কি?
(i) ভক্তি (ii) বামানয় (iii) অসুৰ শাস্ত্ৰ (iv) ওপৰৰ এটাও নহয়
উত্তৰঃ (ii) বামানয়
৫। নৰসিংহই কাক ধ্বংস কৰিছিল?
(i) কৃষ্ণক (ii) প্ৰহ্লাদক (iii) হিৰণ্যকশিপুক (iv) বিষ্ণুক
উত্তৰঃ (iii) হিৰণ্যকশিপুক
৬। হিৰণ্যকশিপুৰ ভ্ৰাতা কোন আছিল?
(i) কংস (ii) হিৰণ্যক্ষ (iii) বলি (iv) ৰাৱণ
উত্তৰঃ (ii) হিৰণ্যক্ষ
৭। নাটিকাখনৰ মূল উদ্দেশ্য কি আছিল?
(i) ৰাজনীতি (ii) ধৰ্মীয় ভক্তি-শিক্ষা (iii) বাণিজ্য (iv) যুদ্ধবিদ্যা
উত্তৰঃ (ii) ধৰ্মীয় ভক্তি-শিক্ষা
৮। হিৰণ্যকশিপুৱে কোন দেৱতাৰ সৈতে শত্ৰুতা ৰাখিছিল?
(i) ইন্দ্ৰ (ii) বিষ্ণু (iii) শিৱ (iv) ব্ৰহ্মা
উত্তৰঃ (ii) বিষ্ণু
৯। হিৰণ্যকশিপুক কোনে আশীৰ্বাদ দিছিল অমৰ হ’বলৈ?
(i) বিষ্ণু (ii) ব্ৰহ্মা (iii) শিৱ (iv) ইন্দ্ৰ
উত্তৰঃ (ii) ব্ৰহ্মা
১০। নৰসিংহ ৰূপত ঈশ্বৰে হিৰণ্যকশিপুক কেনেদৰে বধ কৰিলে?
(i) তৰোৱালেৰে (ii) বজ্ৰেৰে (iii) উৰুত বহুৱাই নখেৰে বিদাৰি (iv) গুলিয়াই
উত্তৰঃ (iii) উৰুত বহুৱাই নখেৰে বিদাৰি