সাৰাংশ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা “জাগা জননীৰ সন্তান” এটি দেশপ্ৰেমমূলক গীত। এই গীতটোত কবিয়ে দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ আহ্বান জনাইছে। দেশমাতৃৰ আহ্বানত সঁহাৰি দি সু-সন্তানসকলে মৃত্যুক গছকি হ’লেও দুৰ্জয় অভিযান কৰি দেশ মাতৃক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে আৰু দেশমাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কৰ্ম কৰিববই লাগিব।
আপোনালোকক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ দুৰ্মদ বীৰ অজেয় নৱ-জোৱান সকল সজাগ হৈ থাকিব লাগে। তেতিয়াহে মাতৃভূমিৰ কেতিয়াও কোনো হানি-বিঘিনি কৰিব নোৱাৰে। স্বদেশ-স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী আৰু দুৰ্জয় সাহসী কৰি তোলে।
নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ, মাতৃভূমিৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱ-জোৱান সকল দেশৰ অতন্দ্ৰ প্ৰহৰী। এই সকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব। কবিয়ে ‘শক্তিগায়ত্ৰী’ মনত পেলাই দুৰ্নিবাৰ শক্তি লাভ কৰিবলৈ উপদেশ দিছে, কিয়নো তেতিয়াহে জয়ৰ নিনাদত শত্ৰু কম্পমান হ’ব।
Summary: “Jaga Jananir Santan” (Awaken, O Children of the Motherland) is a patriotic song composed by Rupkonwar Jyotiprasad Agarwala, one of Assam’s most celebrated literary and cultural figures. In this stirring poem, the poet calls upon the children of the motherland to awaken and rise to action. The central message is that the sons and daughters of the nation must fearlessly undertake the unconquerable mission (দুৰ্জয় অভিযান) of protecting the motherland from enemies, even if it means facing death. The poem emphatically declares that idleness and cowardice have no place in the mission of national progress and protection.
The poet urges the brave and invincible new warriors (অজেয় নৱ-জোৱান) to remain ever vigilant so that no harm can come to the motherland. He reminds the youth that an immense love for one’s country gives a person unconquerable strength and courage. Those who refuse to surrender their principles while guarding the honor of the motherland are the true sentinels of the nation. As long as these vigilant young warriors remain active and spirited, the country will always remain safe and prosperous. The poem is a timeless call to youth to embrace duty, valor, and patriotism.
ক – পাঠভিত্তিক ক্ৰিয়া-কলাপ
প্ৰশ্ন ১। গীতেটো সুৰ লগাই গোৱা।
উত্তৰঃ নিজেই চেষ্টা কৰা।
প্ৰশ্ন ২। গীতেটো ভালদৰে পঢ়া আৰু বুজি লোৱা।
উত্তৰঃ গীতেটো ভালদৰে পঢ়ি আমি এই কথা বুজি পালো যে দেশ মাতৃৰ সু-সন্তান সকলে মৃত্যুক গছকি হ’লেও দুৰ্জয় অভিযান কৰি দেশ মাতৃক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে। দেশমাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কৰ্ম কৰিববই লাগিব।
আপোনালোকক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ দুৰ্মদ বীৰ অজেয় নৱ-জোৱান সকল সজাগ হৈ থাকিব লাগে। তেতিয়াহে মাতৃভূমিৰ কেতিয়াও কোনো হানি-বিঘিনি কৰিব নোৱাৰে।
প্ৰশ্ন ৩ – উত্তৰ দিয়া
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰঃ কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।
(খ) দুৰ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰঃ মৃত্যু ভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুৰ্জয় অভিযান বুলি বুজাইছে।
(গ) দুৰ্জয় অভিযানৰে কি কৰিবলৈ কৈছে?
উত্তৰঃ দুৰ্জয় অভিযানৰে মাতৃভূমিৰ সন্তান ৰক্ষা তথা বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে।
(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰঃ জননীৰ সন্তানক কৰ্মহীনতা অথবা কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে।
(ঙ) ‘তথাপিও নাই ভয়’ বুলি কৈছে কিয়?
উত্তৰঃ ‘তথাপিও নাই ভয়’ বুলি এই কাৰণেই কৈছে যে জননীৰ সন্তান সকল দুৰ্মদ বীৰ অজেয় নৱ-জোৱান। তেওঁলোক শক্তিমান, দুৰ্নিবাৰ।
(চ) কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰঃ অজেয় নৱ-জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।
(ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰঃ আপোন পাহৰা বীৰক অজেয় নৱ-জোৱান বুলি আখ্যা দিছে।
প্ৰশ্ন ৪ – শব্দৰ অৰ্থ
প্ৰশ্ন ৪। গীতেটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
| শব্দ | অৰ্থ |
|---|---|
| জননী | আই, মাতৃ |
| মৃত্যুক গছকি | মৃত্যু ভয় ত্যাগ কৰি |
| দুৰ্জয় | সহজে জয় কৰিব নোৱাৰি, যাক বাধা দিব নোৱাৰি |
| দুৰ্মদ | অজেয়, নীতি স্বীকাৰ নকৰা |
| নিনাদ | শব্দ, ধ্বনি |
| কম্পমান | কঁপি থকা |
| অজেয় | যাক জয় কৰিব নোৱাৰি |
| অভিযান | আগবাঢ়ি যোৱা, অভিযান |
| শক্তিগায়ত্ৰী | শক্তিৰ মন্ত্ৰ |
| দুৰ্নিবাৰ | যাক নিবাৰণ কৰিব নোৱাৰি, অপ্ৰতিৰোধ্য |
প্ৰশ্ন ৫ – গীতেটোৰ মূলভাৱ
প্ৰশ্ন ৫। গীতেটোৰ মূলভাৱ লিখা।
উত্তৰঃ দেশমাতৃৰ আহ্বানত দেশৰ সু-সন্তানসকলে যুগে যুগে নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী আৰু দুৰ্জয় সাহসী কৰি তোলে।
নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ, মাতৃভূমিৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱ-জোৱান সকল দেশৰ অতন্দ্ৰ প্ৰহৰী। এই সকল জোৱান সদা সতেজ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব।
খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্ৰশ্ন ৬। বাক্য ৰচনা কৰা: শক্তিমান, কাপুৰুষ, নিনাদ, অজেয়, অভিযান।
উত্তৰঃ
শক্তিমান :- শক্তিমান পুৰুষে কাকো লৈকে ভয় নকৰে।
কাপুৰুষ :- সমাজ আৰু দেশৰ অন্যায় কাপুৰুষৰহে কাম।
নিনাদ :- গহন বনত চৰাই-চিৰিকটিৰ সুললিত নিনাদে মনত বৰ আনন্দ দিয়ে।
অজেয় :- মহাবীৰ লাচিত এগৰাকী অজেয় বীৰ আছিল।
অভিযান :- সৰ্বশিক্ষা অভিযানে অসমৰ শিক্ষাজগতত নতুন পথৰ সন্ধান দিছে।
প্ৰশ্ন ৭ – সন্ধি গঠন কৰা আৰু ভাঙা
প্ৰশ্ন ৭। সন্ধি গঠন কৰা আৰু ভাঙা।
উত্তৰঃ গঠন —
- দেৱ + অসুৰ = দেৱাসুৰ
- মূৰ + অৰি = মূৰাৰি
- কুশ + আসন = কুশাসন
- দশ + আনন = দশানন
- বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
- মহা + অৰণ্য = মহাৰণ্য
উত্তৰঃ ভঙা —
- মহৰ্ষি = মহা + ঋষি
- নৱেন্দ্ৰ = নৱ + ইন্দ্ৰ
- মনোহৰ = মনঃ + হৰ
- মনোযোগ = মনঃ + যোগ
- উল্লেখ = উৎ + লেখ
- উজ্জ্বল = উৎ + জ্বল
- নাৱিক = নৌ + ইক
- দিগন্ত = দিক্ + অন্ত
প্ৰশ্ন ৮ – বিপৰীত অৰ্থ বুজোৱা শব্দ
প্ৰশ্ন ৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা: মৃত্যু, জয়, কাপুৰুষ, ভয়, শত্ৰু, দুৰ্বল।
| শব্দ | বিপৰীত অৰ্থ |
|---|---|
| মৃত্যু | জন্ম |
| জয় | পৰাজয় |
| কাপুৰুষ | সুপুৰুষ |
| ভয় | সাহস / নিৰ্ভয় |
| শত্ৰু | মিত্ৰ |
| দুৰ্বল | সবল |
প্ৰশ্ন ৯ – সমাৰ্থক শব্দ
প্ৰশ্ন ৯। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা: জননী, সন্তান, বীৰ, নিনাদ।
| শব্দ | সমাৰ্থক শব্দ |
|---|---|
| জননী | মাতৃ, মাক, আই, জন্মদাত্ৰী |
| সন্তান | পুত্ৰ বা পুত্ৰী, তনয় বা তনয়া, পাও বা পাৰৱতী |
| বীৰ | নায়ক, নেতা, শক্তিমান, শক্তিৱন্ত |
| নিনাদ | শব্দ, ধ্বনি, মাত |
প্ৰশ্ন ১০ – এটা শব্দত প্ৰকাশ কৰা
প্ৰশ্ন ১০। এটা শব্দত প্ৰকাশ কৰা।
(ক) সাহস থকা মানুহ —
উত্তৰঃ সাহসী, সাহিয়াল।
(খ) জালেকেৰে মাছ ধৰা মানুহ —
উত্তৰঃ জালেকয়া।
(গ) যাৰ শক্তি আছে —
উত্তৰঃ শক্তিমান, শক্তিৱন্ত।
(ঘ) যাক জিনিব নোৱাৰি —
উত্তৰঃ অজেয়।