সাৰাংশ: ‘সংস্কৃতি আৰু আমাৰ জীৱন’ পাঠটি এটি গদ্যমূলক ৰচনা য’ত সংস্কৃতিৰ স্বৰূপ, গুৰুত্ব আৰু আমাৰ দৈনন্দিন জীৱনত ইয়াৰ প্ৰভাৱ বিষদভাৱে আলোচনা কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে, যি কথা, কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰপৰা তুলি দিব্য প্ৰকৃতিত নিয়ায় আৰু এই পৃথিৱীখন ধুনীয়া কৰে, সেইয়াই সংস্কৃতি। সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন আৰু সেই সমাজ মানুহৰ দ্বাৰা গঠিত। মানুহৰ আচাৰ-আচৰণ, চিন্তা-ভাবনা, ৰীতি-নীতি আৰু জীৱনশৈলীয়েই হৈছে সংস্কৃতিৰ মূল উপাদান।
সংস্কৃতিৰ দুটা ৰূপ আছে — বাহ্যিক আৰু আভ্যন্তৰীণ। নৃত্য পৰিৱেশনত যি কলা-কৌশল থাকে সেয়া বাহ্যিক ৰূপ, আৰু সেই নৃত্য উপভোগ কৰাৰ পৰা আহৰণ কৰা বিমল আনন্দ হৈছে আভ্যন্তৰীণ সংস্কৃতি। ধুনীয়া সাজ-পোছাক পৰিধান কৰাটো বাহ্যিক সংস্কৃতি, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ হৈছে আভ্যন্তৰীণ সংস্কৃতি। জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস আৰু জীৱনশৈলীৰ বৈশিষ্ট্যই সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰধান কাৰণ। ঠাইভেদে খাদ্যাভ্যাস বেলেগ হয়, পোছাক-পৰিচ্ছদ বেলেগ হয় — বড়ো মহিলাৰ ‘দখনা’, নেপালী মহিলাৰ ‘চৌবন্দী’, অসমীয়াৰ ‘মেখেলা-চাদৰ’ — এইবোৰ বিভিন্ন জনগোষ্ঠীৰ স্বকীয় সত্তাৰ প্ৰতীক।
কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰাই সংস্কৃতিৰ শইচ বোটলা হয়। কৃষিভিত্তিক সমাজত গছ লোৱা, ন-খোৱা, লখিমী চপোৱা আদি আচাৰ-অনুষ্ঠান প্ৰচলিত। মানুহৰ আবেগ-অনুভূতিৰ মূল উৎস হৈছে চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া পৰিৱেশ, পাহাৰ-নৈৰ সৌন্দৰ্যই আমাৰ সৃষ্টিশীলতাৰ অনুপ্ৰেৰণা জোগায়। গীত-মাত, নাচ-গান, চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য — এই সকলোবোৰ আমাৰ সামাজিক জীৱনৰ অপৰিহাৰ্য অংগ। সংস্কৃতি হৈছে জাতীয় জীৱনৰ চালিকা শক্তি — ইয়াৰ অবিহনে জাতি আধৰুৱা।
আমাৰ সামগ্ৰিক জীৱনশৈলীৰ মাজত সংস্কৃতিৰ স্বকীয়তা নিহিত। ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিলে ব্যক্তি সৎ প্ৰবৃত্তিৰ হয় আৰু সংস্কৃত মনৰ অধিকাৰী হৈ উঠে। বিপৰীতে বেয়া কাম আৰু কু-চিন্তাই মানুহক অসৎ প্ৰবৃত্তিৰ ফালে ধাবিত কৰে। সুকুমাৰ কলা, নীতি-নিৰ্দেশনা, শিষ্টাচাৰ আৰু আচাৰ-অনুষ্ঠান — এই সকলোবোৰে মিলি আমাৰ গৌৰৱময় সংস্কৃতিৰ ভেটি গঢ়ি তোলে।
Summary: The chapter “Sanskriti Aru Amar Jibon” (Culture and Our Life) is a prose composition that discusses the nature, significance, and influence of culture in human life. According to the Assamese cultural icon Rupkonwar Jyotiprasad Agarwala, culture is defined as everything — words, deeds, and thoughts — that elevates human beings from a barbaric nature to a divine nature, beautifies the world, and enables humans to achieve complete joy in life. Culture cannot exist in isolation; it develops within a society, and society itself is formed by people. The primary components of culture are human conduct, customs, social traditions, and lifestyle.
Culture has two forms: external and internal. External culture includes visible expressions such as traditional attire, dance techniques, and artistic performances, while internal culture refers to refined thoughts, aesthetic sensitivity, values of right and wrong, and sincere conduct towards others. Cultural diversity arises from differences in climate, food habits, and lifestyle. Every community’s traditional dress — the ‘Dokhna’ of the Bodo people, the ‘Chaubandi’ of Nepali women, the ‘Mekhela-Chador’ of Assamese women — represents the distinct identity of that group. Culture has its roots in ‘Kristi’ (cultivation/refinement), and just as a fertile field yields a rich harvest, a refined social tradition yields a glorious culture. Nature — the rivers, hills, and forests of Assam — is the source of human creativity and inspiration. Music, dance, fine arts, and architecture are indispensable parts of our social life. Culture is the driving force of national life; without it, a nation remains incomplete.
পাঠভিত্তিক ক্ৰিয়াকলাপ
১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া –
(ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়?
উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়।
(খ) সমাজ কাৰ দ্বাৰা গঠিত হয়?
উত্তৰঃ সমাজ মানুহৰ দ্বাৰা গঠিত হয়।
(গ) সংস্কৃতিৰ অন্যতম উপাদান কি?
উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ।
(ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা কি বোটলা হয়?
উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰপৰা সংস্কৃতিৰ শইচ বোটলা হয়।
(ঙ) সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে?
উত্তৰঃ সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে।
(চ) সংস্কৃতিৰ ৰূপ দুটা কি কি?
উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা হ’ল বাহ্যিক আৰু আভ্যন্তৰীণ।
(ছ) মানুহৰ আবেগ-অনুভূতিৰ মূল উৎস কি?
উত্তৰঃ মানুহৰ আবেগ-অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।
(জ) কৃষ্টিৰ আধাৰ কি?
উত্তৰঃ কৃষ্টিৰ আধাৰ হৈছে কৃষি।
(ঝ) ‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক?
উত্তৰঃ ‘দখনা’ মূলতঃ বড়ো জনগোষ্ঠীৰ মহিলাৰ পোছাক আৰু ‘চৌবন্দী’ নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক।
২। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া –
(ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি?
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে যি কথা, কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰপৰা তুলি দিব্য প্ৰকৃতিত নিয়ায় আৰু এই পৃথিৱীখন ধুনীয়া কৰে, সেইয়াই সংস্কৃতি। আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰা সকলো সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।
(খ) সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি?
উত্তৰঃ জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস আৰু জীৱনশৈলীৰ বৈশিষ্ট্য হৈছে সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰধান কাৰণ।
(গ) খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ খাদ্যৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু সেই অনুসৰি সংস্কৃতিও গঠিত হয়। জলবায়ু অনুসৰি উৎপাদিত শস্য বা খাদ্যবস্তুও বেলেগ বেলেগ হয়; সেয়ে খাদ্যাভ্যাস আৰু সংস্কৃতি পৃথক হৈ গঢ় লৈ উঠে।
(ঘ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে?
উত্তৰঃ আচাৰ-আচৰণৰ মাজত ব্যক্তিগত চিন্তা-ভাবনা উন্মেষিত হোৱাৰ লগতে সামাজিক মান প্ৰতিফলিত হয়। মানুহে জীৱনৰ প্ৰথম পৰ্যায়ৰপৰাই বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ নিজৰ ৰুচি আৰু আচৰণ প্ৰকাশ কৰে আৰু লাহে লাহে সামাজিক পৰম্পৰাৰ লগত বান্ধ খাই পৰে।
৩। বুজাই লিখা –
(ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ পাৰ্থক্য।
উত্তৰঃ নৃত্য পৰিৱেশনত যি কলা-কৌশল থাকে সেয়া বাহ্যিক ৰূপ, কিন্তু সেই নৃত্যৰ ৰসাস্বাদনত পোৱা বিমল আনন্দ আভ্যন্তৰীণ সংস্কৃতি। ধুনীয়া সাজ-পোছাক পিন্ধা বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ হৈছে আভ্যন্তৰীণ সংস্কৃতি। আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধ — উচিত-অনুচিত, ন্যায়-অন্যায় — সংযুক্ত।
(খ) জলবায়ু আৰু খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে?
উত্তৰঃ জলবায়ু ভেদে মানুহৰ জীৱনযাত্ৰা আৰু বাসস্থান বেলেগ বেলেগ হয়। ঠাইভেদে খাদ্যৰ ভিন্নতা থাকে — ঠাণ্ডা ঠাইৰ খাদ্যাভ্যাস গৰম অঞ্চলৰপৰা পৃথক। জলবায়ু ভেদে উৎপাদিত শস্য বেলেগ বেলেগ হয় গতিকে খাদ্যাভ্যাস আৰু সংস্কৃতিৰ বিকাশও পৃথক হয়। এনেদৰে জলবায়ু আৰু খাদ্যৰীতিৰ বৈচিত্ৰ্যই সাংস্কৃতিক বৈচিত্ৰ্যৰ সৃষ্টি কৰে।
৪। তলৰ বাক্যবোৰ ব্যাখ্যা কৰা –
(ক) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।
উত্তৰঃ সংস্কৃতি অবিহনে জাতি আধৰুৱা। নিজস্ব কৃষ্টি আৰু বৈশিষ্ট্যৰ বলতহে জাতি ঠন ধৰি থিয় হয়। সংস্কৃতিৰ মাজতেই ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰতিভাসিত হয়। আমাৰ জাতীয় জীৱনশৈলীত নিহিত সংস্কৃতিৰ স্বকীয়তাই সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ পলে পলে প্ৰেৰণা যোগায়। সেয়ে কোৱা হয় যে সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।
(খ) সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উক্তি অনুযায়ী যি সকল চিন্তা আৰু কামে মানুহক বৰ্বৰতাৰপৰা তুলি দিব্য প্ৰকৃতিত নিয়ায় আৰু পৃথিৱীখন ধুনীয়া কৰে, আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰা সকলো সুকুমাৰ কলা, কাম আৰু গুণেই সংস্কৃতিৰ সোপান। অৰ্থাৎ পৰিশোধিত চিন্তা, মহৎ কাৰ্য আৰু মানৱীয় গুণৰাশিৰ সমাহাৰেই মানুহৰ সংস্কৃতিৰ উচ্চতম স্তৰ নিৰূপণ কৰে।
(গ) মানুহৰ আবেগ-অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।
উত্তৰঃ প্ৰকৃতিৰ পৰাই আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক পাওঁ। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ গছ-গছনি, পাহাৰ, সেউজীয়া পৰিৱেশে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা যোগায়। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰপৰাই আমি জীৱন ধাৰণৰ উপাদান আৰু অফুৰন্ত সাহস পাওঁ। সেয়ে মানুহৰ আবেগ-অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।
শব্দৰ অৰ্থ
| শব্দ | অৰ্থ |
|---|---|
| সংস্কৃতি | কৃষ্টি; মানৱীয় আচৰণ, কলা, পৰম্পৰা আৰু মূল্যবোধৰ সমষ্টি |
| কৃষ্টি | কৰ্ষণ; সকলো ধৰণৰ সৃষ্টিৰ উৎস |
| বাহ্যিক | বাহিৰৰ; বাহ্যিকভাৱে দেখা পোৱা |
| আভ্যন্তৰীণ | ভিতৰৰ; মনৰ ভিতৰত অনুভৱ কৰিব পৰা |
| বিনন্দীয়া | সুন্দৰ; মনোৰম; চকু জুৰোৱা |
| সুকুমাৰ কলা | ললিত কলা; যেনে সংগীত, চিত্ৰকলা, নৃত্য আদি |
| সোপান | খোজ; স্তম্ভ; ভেটি |
| শইচ | পুলি; গছৰ কোঁহ |
| দিব্য প্ৰকৃতি | দেৱতাসুলভ স্বভাৱ; উচ্চ মানৱীয় গুণ |
| বৰ্বৰ | অসভ্য; অসংস্কৃত |
| নান্দনিক | সৌন্দৰ্যবোধসম্পন্ন; ৰুচিশীল |
| শিষ্টাচাৰ | ভদ্ৰ আচৰণ; সভ্য ব্যৱহাৰ |
| দখনা | বড়ো মহিলাৰ পৰম্পৰাগত পোছাক |
| চৌবন্দী | নেপালী মহিলাৰ পৰম্পৰাগত পোছাক |
| চালিকাশক্তি | পথ দেখুওৱা শক্তি; পৰিচালনা কৰা বল |
| স্বকীয়তা | নিজস্বতা; অনন্য বৈশিষ্ট্য |
| অপৰিহাৰ্য | অত্যাৱশ্যকীয়; যাক বাদ দিব নোৱাৰি |
| প্ৰবৃত্তি | স্বভাৱ; মনৰ ধৰন |
ভাষা-অধ্যয়ন
৫ (ক)। তলৰ শব্দবোৰৰ ধ্বনিৰ মিল থকা শব্দ লিখা –
| মূল শব্দ | ধ্বনিৰ মিল থকা শব্দ |
|---|---|
| কৃষ্টি | দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি |
| স্তুতি | নতি, উন্নতি, অৱনতি, গতি, প্ৰতি, ৰাতি |
৫ (খ)। তলৰ উপসৰ্গবোৰ যোগ কৰি শব্দ গঠন কৰা আৰু প্ৰতিটো শব্দেৰে এটাকৈ বাক্য ৰচনা কৰা –
প্ৰতি –
- প্ৰতিবাদ – কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল।
- প্ৰতিকাৰ – বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল।
- প্ৰতিশোধ – প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।
- প্ৰতিশ্ৰুতি – জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল।
- প্ৰতিলিপি – নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে আহ্বান জনাইছিল।
অৱ –
- অৱলম্বন – বানপানীৰপৰা ৰক্ষা পাবলৈ বাঁহৰ চাংৰ অৱলম্বন কৰিছিল।
- অৱকাশ – দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে।
- অৱতৰণ – বিমানখন অৱতৰণ কৰিবলৈ গৈ দুৰ্ঘটনা ঘটিছিল।
- অৱৰোধ – অৱৰোধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল।
- অৱতাৰ – কল্কি বিষ্ণুৰ দশম অৱতাৰ।
অনু –
- অনুৰূপ – কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল।
- অনুৰোধ – মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল।
- অনুভৱ – এই সম্পৰ্কত তোমাৰ অনুভৱ প্ৰকাশ কৰা।
- অনুগ্ৰহ – অনুগ্ৰহ কৰি পানী আনিবনে?
- অনুশোচনা – ভুলৰ অনুশোচনাত তেওঁ দগ্ধ হৈ আছে।
বি –
- বিশ্বাস – হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান।
- বিশেষ – জন্মদিনটো বিশেষ কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
- বিশিষ্ট – সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰা হৈছিল।
- বিকাশ – দেশৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা।
উৎ –
- উৎকৰ্ষ – ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকে চেষ্টা কৰা উচিত।
- উৎসৱ – বিহু অসমৰ জাতীয় উৎসৱ।
- উৎসাহ – পৰীক্ষাত ভাল ফল দেখুওৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাইছিল।
৬। তলত দিয়া শব্দবোৰৰ যুৰীয়া শব্দ লিখা –
| শব্দ | যুৰীয়া শব্দ |
|---|---|
| চিন্তা | চিন্তা-ভাবনা |
| আচাৰ | আচাৰ-ব্যৱহাৰ / আচাৰ-আচৰণ |
| খেতি | খেতি-পথাৰ |
| মাটি | মাটি-বাৰী |
| মেখেলা | মেখেলা-চাদৰ |
| সাজ | সাজ-পোছাক |
| ন্যায় | ন্যায়-অন্যায় |
| আবেগ | আবেগ-অনুভূতি |
| গছ | গছ-লতা |
| পখী | পখী-চৰাই / পগু-পক্ষী |
| চিত্ৰ | চিত্ৰ-কলা |
| উৎসৱ | উৎসৱ-পাৰ্বন |
| জীৱন | জীৱন-যাত্ৰা |
৭। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা –
আচাৰ-বিচাৰ – সমাজত বসবাস কৰিবলৈ আচাৰ-বিচাৰ মানি চলা দৰকাৰ।
সাজ-পোছাক – সাজ-পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে।
পেট-পূজা – মিটিংৰ আগতে সকলোৱে পেট-পূজা কৰিছিল।
বিনন্দীয়া – উদ্যানখনৰ বিনন্দীয়া পৰিৱেশে সকলোকে আপ্লুত কৰিছিল।
উৎসৱ-পাৰ্বন – উৎসৱ-পাৰ্বনে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে।
৮। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –
(ক) কৃষিভিত্তিক সমাজত প্ৰচলিত তিনিটা আচাৰ-উৎসৱৰ নাম লিখা।
উত্তৰঃ কৃষিভিত্তিক সমাজত প্ৰচলিত তিনিটা আচাৰ-উৎসৱ হৈছে — গছ লোৱা, ন-খোৱা আৰু লখিমী চপোৱা।
(খ) শিল্পভিত্তিক সমাজ মানে কি বুজা?
উত্তৰঃ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বোলে। এনে সমাজত কৃষিৰ তুলনাত শিল্প-উৎপাদন আৰু ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্য থাকে।
অতিৰিক্ত প্ৰশ্নোত্তৰ
প্ৰশ্ন: সংস্কৃতিৰ অৰ্থ কি?
উত্তৰঃ সংস্কৃতি হ’ল মানৱ আচৰণৰ বহিঃপ্ৰকাশ। একোখন সমাজত বসবাস কৰা মানুহে কৰা আচৰণেই সেই সমাজখনৰ সংস্কৃতি।
প্ৰশ্ন: সকলো ধৰণৰ সৃষ্টিৰ উৎস কি?
উত্তৰঃ সকলো ধৰণৰ সৃষ্টিৰ উৎস হ’ল কৃষ্টি। কৃষি মানে কৰ্ষণ, আৰু কৃষ্টিয়েই হৈছে সকলো সৃষ্টিৰ মূলভেটি।
প্ৰশ্ন: প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাজ-পাৰে কি বহন কৰে?
উত্তৰঃ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সাজ-পাৰে সেই জাতিটোৰ স্বকীয় সত্তা বহন কৰে।
প্ৰশ্ন: গৌৰৱময় সংস্কৃতিৰ উপাদানসমূহ কি কি?
উত্তৰঃ সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান, শিষ্টাচাৰ আৰু নীতি-নিৰ্দেশনা হৈছে গৌৰৱময় সংস্কৃতিৰ উপাদান।
প্ৰশ্ন: আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ কি কি?
উত্তৰঃ গীত-মাত, নাচ-গান, চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য হৈছে আমাৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ।
প্ৰশ্ন: কিহে মানুহক সংস্কৃত মনৰ অধিকাৰী কৰি তুলিব পাৰে?
উত্তৰঃ ভাল কাম আৰু ভাল আচৰণে মানুহক সংস্কৃত মনৰ অধিকাৰী কৰি তুলিব পাৰে।
প্ৰশ্ন: পৰম্পৰাই কি কি দিশ সামৰি লয়?
উত্তৰঃ পৰম্পৰাই অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, নান্দনিক আৰু ভাষা-সম্পৰ্কীয় দিশসমূহ সামৰি লয়।
প্ৰশ্ন: সৃজনী শক্তিৰ আধাৰস্বৰূপ কি?
উত্তৰঃ এখন সমাজত বসবাস কৰা জনগোষ্ঠীৰ বিচিত্ৰ জীৱনশৈলীয়েই হৈছে সৃজনী শক্তিৰ আধাৰস্বৰূপ।
প্ৰশ্ন: অসমীয়াৰ পৰম্পৰাগত পোছাক কি?
উত্তৰঃ অসমীয়াৰ পৰম্পৰাগত পোছাক হৈছে মেখেলা-চাদৰ।
প্ৰশ্ন: বেয়া কাম আৰু কু-চিন্তাই মানুহক কি কৰিব পাৰে?
উত্তৰঃ বেয়া কাম আৰু কু-চিন্তাই মানুহক অসৎ প্ৰবৃত্তিৰ ফালে ধাবিত কৰাব পাৰে।