HSLC Guru

Class 7 Assamese Chapter 12 Question Answer | নামৰ বেবেৰিবাং | ASSEB

সাৰাংশ: ‘নামৰ বেবেৰিবাং’ হৈছে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাদেৱ ৰচিত এটি হাস্যৰসাত্মক গদ্য পাঠ। সোণাপুৰ নামৰ এখন গাঁৱত নিধনীৰাম নামৰ এজন একমাত্ৰ ধনী মানুহ বাস কৰিছিল। গাঁওখনৰ নাম সোণাপুৰ হ’লেও তাৰ বাসিন্দাসকল আছিল ডাল-দৰিদ্ৰ — কেৱল নিধনীৰামৰ বাহিৰে। গোহালিত গৰু, পুখুৰিত মাছ, গোলাত ধান, সিন্দুকত ধন — সকলো থাকিলেও মানুহে তেওঁক “নিধনী” বুলি মতিলে তেওঁৰ গাৰ বিছা-বৰলে ডকাৰ দৰে বেজবেজাইছিল। নামটোৰ অৰ্থ তেওঁক সদায় কাঁইট-জালৰ দৰে বিন্ধিছিল।

এদিন ভ্ৰমণ কৰোঁতে নিধনীৰামে একাধিক আচৰিত পৰিঘটনা চাক্ষুষ কৰিলে। প্ৰথমে তেওঁ দেখিলে এজন মানুহে এজোপা মৰচেলেকা ‘অমৰা’ গছ কাটিছে — গছৰ নামত ‘অমৰ’ থকা সত্ত্বেও গছ মৰিল। তাৰপিছত এটা সৰু নিজৰাৰ পাৰত খেলা ল’ৰা-ছোৱালীয়ে কৈছিল যে জৰজৰকৈ বৈ থকা সেই নিজৰাটোৰ নাম ‘নিজৰা’ (নিজৰা = নোজৰাকৈ বোৱা), কিন্তু সি জৰজৰীয়াহে বয়। পথাৰত হাল বাই থকা এজন মানুহৰ নাম আছিল ‘মৰা’, যদিও তেওঁ সম্পূৰ্ণ জীৱিত। শেষত এজনী ফটাকানি পিন্ধা দুখীয়া ছোৱালীয়ে কৰুণ কণ্ঠত কৈছিল যে জকাইৰে মাছ ধৰিও খলিহা-পুঠী এটাও পোৱা নাই — আৰু তাইৰ নাম আছিল ‘লখিমী’।

এই সকলো অভিজ্ঞতাৰ পৰা নিধনীৰামে এক গভীৰ উপলব্ধি লাভ কৰিলে — নামৰ অৰ্থ আৰু বাস্তৱতা সদায় একে নহয়। অমৰা মৰে, নিজৰা জৰে, মৰাই হাল বায়, লখিমীয়ে ফটাকানি পিন্ধে — তেনেহ’লে তেওঁ নিধনী হৈ থাকিলেও কিয় কষ্ট পাব? এই জ্ঞান লাভ কৰি তেওঁ মনৰ শান্তি আৰু সন্তোষ বিচাৰি পাইছিল। পাঠটিত লেখকে হাস্যৰসৰ মাজেদি এটা গভীৰ দাৰ্শনিক সত্য — নামতকৈ কৰ্ম আৰু বাস্তৱতাই প্ৰকৃত পৰিচয় নিৰ্ধাৰণ কৰে — সেই কথা সুন্দৰভাৱে তুলি ধৰিছে।

Summary: “Namar Beberibang” (The Confusion of Names) is a humorous prose lesson written by Sahityacharya Atul Chandra Hazarika. It tells the story of Nidhoniram, the only wealthy man in the village of Sonapur, who is deeply troubled by his name, which means “poor.” Despite owning cattle, fish ponds, a granary full of rice, and a chest full of money, he feels humiliated whenever people address him as “Nidhoni.” One day, during a walk, he encounters a series of ironic contradictions: a dead “amora” tree (whose name means “immortal”), a thin trickle of water called “Nizara” (meaning “one that flows freely”), a plowman very much alive whose name is “Mora” (meaning “dead”), and a poor girl in tattered clothes named “Lokhimi” (the goddess of wealth). These experiences lead Nidhoniram to a profound realization — that names do not always reflect reality. With this wisdom, he finds peace and contentment, accepting that his name does not diminish his actual prosperity.


লেখকৰ পৰিচয়

সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা (১৯০৩–১৯৮৬) আছিল অসমীয়া সাহিত্যৰ এজন বিশিষ্ট কবি, নাট্যকাৰ, গদ্যলেখক আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম ১৯০৩ চনৰ ৯ ছেপ্টেম্বৰত গুৱাহাটীত হয়। তেওঁৰ পিতৃৰ নাম ৰামাকান্ত হাজৰিকা আৰু মাতৃৰ নাম নিৰুপমা হাজৰিকা। তেওঁ লতাশিল প্ৰাথমিক বিদ্যালয় আৰু কটন কলেজিয়েট বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰেন। ১৯২৮ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰেন।

তেওঁ ১৯৪৮ চনত কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰেন আৰু পিছলৈ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰেন। ১৯৫৩–১৯৫৬ চনলৈ টানে তিনিবাৰকৈ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হন আৰু ১৯৫৯ চনত নগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সভাপতিত্ব কৰেন।

তেওঁ সৰ্বমুঠ ১২৪ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰেন। তেওঁৰ উল্লেখযোগ্য কীৰ্তিস্তম্ভ হৈছে ‘মঞ্চলেখা’ যত অসমীয়া নাটকৰ পাঁচশ বছৰৰ ইতিহাস বৰ্ণিত হৈছে। শিশু সাহিত্যত তেওঁৰ অৱদান অতুলনীয়। ১৯৬৯ চনত ‘মঞ্চলেখা’ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰেন। ১৯৭১ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ১৯৮২ চনত অসম সাহিত্য সভাই তেওঁক ‘সাহিত্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰে। ১৯৮৬ চনৰ ৭ জুনত তেওঁৰ মৃত্যু হয়।


পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা –
নুটুটে, ৰৰৈয়া, ডাল-দৰিদ্ৰ, বেজবেজাই, সুৰসুৰকৈ, মৰচেলেকা, জকাই, পেটাৰি।

উত্তৰঃ

শব্দঅৰ্থ
নুটুটেনকমে, কমি নোযোৱাকৈ
ৰৰৈয়ানদন-বদন, ধনে-জনে পৰিপূৰ্ণ
ডাল-দৰিদ্ৰঅতি দুখীয়া, একেবাৰে নিঃস্ব
বেজবেজাইজ্বলা-পোৰা অনুভৱ কৰা, বিজবিজনি লগা
সুৰসুৰকৈকোনো শব্দ বা ওজৰ-আপত্তি নকৰাকৈ চুপচাপে
মৰচেলেকাশুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা
জকাইবাঁহেৰে তৈয়াৰ মাছ ধৰা সঁজুলি
পেটাৰিবেতেৰে তৈয়াৰ কৰা সংৰক্ষণ পাত্ৰ বা সামগ্ৰী

২। কাহিনীটো চমুকৈ লিখা।

উত্তৰঃ সোণাপুৰ গাঁৱৰ একমাত্ৰ ধনী মানুহ নিধনীৰামে নিজৰ নামটো লৈ সদায় মনত বেজাৰ পাইছিল। গাঁওখনৰ নাম সোণাপুৰ হ’লেও মানুহবোৰ আছিল ডাল-দৰিদ্ৰ; কেৱল নিধনীৰামৰ গোহালিত গৰু, পুখুৰিত মাছ, গোলাত ধান, সিন্দুকত ধন আছিল। তথাপি মানুহে তেওঁক ‘নিধনী’ বুলি মাতিলে তেওঁৰ অস্বস্তি লাগিছিল। এদিন ভ্ৰমণ কৰোঁতে তেওঁ দেখিলে — এজন মানুহে মৰচেলেকা ‘অমৰা’ গছ কাটিছে, জৰজৰীয়া এটা নৈৰ নাম ‘নিজৰা’, পথাৰত হাল বাই থকা জীৱন্ত মানুহজনৰ নাম ‘মৰা’, আৰু ফটাকানি পিন্ধা দুখীয়া এজনী ছোৱালীৰ নাম ‘লখিমী’। এই অদ্ভুত অভিজ্ঞতাসমূহৰ পৰা নিধনীৰামে উপলব্ধি কৰিলে যে নাম আৰু বাস্তৱতা সদায় একে নহয়। সেয়ে তেওঁ মনৰ পৰা সকলো দুশ্চিন্তা আঁতৰাই মনোৰঞ্জন লাভ কৰি ঘৰলৈ ঘূৰি আহিল।

৩। ‘নামৰ বেবেৰিবাং’ পাঠটিৰ মূলভাৱ লিখা।

উত্তৰঃ ‘নামৰ বেবেৰিবাং’ পাঠটিত লেখক সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই হাস্যৰসৰ মাজেদি এটি গভীৰ দাৰ্শনিক সত্য তুলি ধৰিছে। পাঠটিৰ মূলভাৱ হৈছে — নামৰ অৰ্থ আৰু বাস্তৱতা সদায় একে নহয়। ‘অমৰা’ নামৰ গছ মৰে, ‘নিজৰা’ নামৰ নৈ জৰে, ‘মৰা’ নামৰ মানুহ জীয়া থাকে, ‘লখিমী’ নামৰ ছোৱালী দুখীয়া হয় — এই বৈপৰীত্যসমূহৰ মাজেদি লেখকে বুজাইছে যে নামটোৱেই চৰিত্ৰ বা অৱস্থাৰ প্ৰতিফলন নহয়। মানুহৰ প্ৰকৃত পৰিচয় নিৰ্ধাৰণ কৰে তেওঁৰ কৰ্ম, গুণ আৰু বাস্তৱ অৱস্থাই — নামে নহয়।

৪। তলত দিয়া শব্দকেইটাৰ সৈতে বাক্য ৰচনা কৰা –
ডাল-দৰিদ্ৰ, ৰৰৈয়া, মৰচেলেকা, বেজবেজাই।

উত্তৰঃ

(ক) ডাল-দৰিদ্ৰ: বানপানীৰ পাছত গাঁওখনৰ সকলো মানুহ ডাল-দৰিদ্ৰ হৈ পৰিল।

(খ) ৰৰৈয়া: ৰামপ্ৰসাদৰ ঘৰখন ধনে-জনে ৰৰৈয়া।

(গ) মৰচেলেকা: পানী নোপোৱাত গছজোপা মৰচেলেকা হৈ পৰিল।

(ঘ) বেজবেজাই: অকাৰণে কোনোবাই গালি দিলে মনৰ ভিতৰখন বেজবেজাই উঠে।

৫। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া –

(ক) নিধনীৰামৰ ঘৰ ক’ত আছিল?

উত্তৰঃ নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল।

(খ) নিধনীৰাম অভাৱী আছিল নেকি?

উত্তৰঃ নিধনীৰাম অভাৱী নাছিল। তেওঁৰ ধনে-জনে ৰৰৈয়া গৃহস্থী আছিল। গোহালিত গৰু, পুখুৰিত মাছ, গোলাত ধান, সিন্দুকত ধন আছিল।

(গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি?

উত্তৰঃ মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।

(ঘ) হালোৱা মানুহজনৰ নাম কি আছিল?

উত্তৰঃ হালোৱা মানুহজনৰ নাম আছিল মৰা।

৬। কোনে কাক কৈছিল লিখা –

(ক) “এই জোপা কি গছহে ককাই?”

উত্তৰঃ এই কথাষাৰ নিধনীৰামে গছ কাটি থকা মানুহজনক সুধিছিল।

(খ) “পাৰোঁতোন — নিজৰা।”

উত্তৰঃ এই কথাষাৰ নিজৰাটোৰ পাৰত খেলি থকা ল’ৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।

(গ) “মোৰ নাম মৰা।”

উত্তৰঃ উক্ত কথাফাকি পথাৰত হাল বাই থকা মানুহজনে কৈছিল।

(ঘ) “বোলো কোৱা কি? তুমি দেখোন জীয়া। মৰা হ’লা কেনেকৈ?”

উত্তৰঃ এই কথাফাকি নিধনীৰামে হালোৱা মানুহজনক কৈছিল।

(ঙ) “জকাই বাইছোঁহে বাইছোঁ, খলিহা-পুঠী এটাও পোৱা নাই দেউতা।”

উত্তৰঃ উক্ত কথাষাৰ লখিমী নামৰ ফটাকানি পিন্ধা দুখীয়া ছোৱালীজনীয়ে তাইৰ পিতৃক কৈছিল।

৭। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা –

(ক) নিধনীৰামৰ নামটো তেওঁৰ বাবে কিয় কষ্টৰ কাৰণ হৈছিল?

উত্তৰঃ নিধনীৰাম আছিল সোণাপুৰ গাঁৱৰ একমাত্ৰ ধনী মানুহ। কিন্তু তেওঁৰ নাম ‘নিধনীৰাম’ মানে দুখীয়া বা নিধন মানুহ। গাঁৱৰ মানুহে তেওঁক ‘নিধনী’ বুলি মাতিলে তেওঁৰ গাৰ বিছা-বৰলে ডকাৰ দৰে বেজবেজাই উঠিছিল। প্ৰকৃততে ধনী হৈও নামৰ কাৰণে দুখীয়া বুলি পৰিচিত হোৱাটো তেওঁৰ বাবে অতিশয় লজ্জা আৰু কষ্টৰ বিষয় আছিল।

(খ) পাঠটিত নিধনীৰামে কোন কোন বৈপৰীত্য দেখিছিল?

উত্তৰঃ পাঠটিত নিধনীৰামে নিম্নলিখিত বৈপৰীত্যসমূহ দেখিছিল —

  • ‘অমৰা’ (অমৰ অৰ্থাৎ নমৰা) নামৰ গছজোপা মৰচেলেকা হৈ মৰিছে।
  • ‘নিজৰা’ (অবিৰামে বৈ থকা) নামৰ নৈটো জৰজৰকৈ বৈছে।
  • ‘মৰা’ নামৰ মানুহজন সম্পূৰ্ণ জীৱিত হৈ পথাৰত হাল বাইছে।
  • ‘লখিমী’ (সম্পদৰ দেৱী) নামৰ ছোৱালীজনী ফটাকানি পিন্ধা দুখীয়া।

৮। পাঠৰ শেষৰ কবিতাফাকি কোনে কৈছিল আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ পাঠটিৰ শেষৰ কবিতাফাকি নিধনীৰামে নিজেই মনে মনে কৈছিল —

“অমৰা মৰে, নিজৰা জৰে,
মৰাই বায় হাল,
লখিমীয়ে পিন্ধে ফটাকানি,
মই নিধনী হোৱাই ভাল।”

এই কবিতাফাকিৰ অৰ্থ হৈছে — অমৰা গছে মৰে, নিজৰা নামৰ নৈ জৰজৰকৈ বয়, মৰা নামৰ মানুহ জীয়া হৈ হাল বায়, লখিমী নামৰ ছোৱালী ফটাকানি পিন্ধে — তেনেহ’লে নিধনীৰাম প্ৰকৃততে ধনী হৈও নামটো ‘নিধনী’ হোৱাতো একো আচৰিত কথা নহয়। নামতকৈ বাস্তৱতাই প্ৰধান — এই জ্ঞান লাভ কৰি নিধনীৰামে মনৰ শান্তি পাইছিল।


ভাষা-বিষয়ক প্ৰশ্নোত্তৰ

৯। তলত দিয়া শব্দকেইটাৰ যুগ্মশব্দ লিখা –
পেহা, জী, তাৱৈ, ভনী, খুৰা।

উত্তৰঃ

শব্দযুগ্মশব্দ
পেহাপেহা-পেহী
জীজী-জোঁৱাই
তাৱৈতাৱৈ-আমৈ
ভনীভাই-ভনী
খুৰাখুৰা-খুৰী

১০। ‘-ই’ প্ৰত্যয় যোগ কৰি নতুন শব্দ গঠন কৰা –
জ্ঞান, দান, সুখ, দুখ, গুণ।

উত্তৰঃ

মূল শব্দ‘-ই’ প্ৰত্যয় যোগ কৰা শব্দ
জ্ঞানজ্ঞানী
দানদানী
সুখসুখী
দুখদুখী
গুণগুণী

১১। তলৰ শব্দকেইটাৰ বিপৰীত অৰ্থবোধক শব্দ লিখা –
ভাল, জীয়া, নিধনী, বহল, আহা।

উত্তৰঃ

শব্দবিপৰীত শব্দ
ভালবেয়া
জীয়ামৰা
নিধনীধনী
বহলঠেক
আহাযোৱা

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। ‘নামৰ বেবেৰিবাং’ পাঠটিৰ লেখক কোন?

উত্তৰঃ ‘নামৰ বেবেৰিবাং’ পাঠটিৰ লেখক হৈছে সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা।

২। সোণাপুৰ গাঁৱৰ মানুহবোৰ কেনে আছিল?

উত্তৰঃ সোণাপুৰ গাঁৱৰ মানুহবোৰ আছিল ডাল-দৰিদ্ৰ। গাঁওখনৰ নাম সোণাপুৰ হ’লেও কেৱল নিধনীৰামৰ বাহিৰে আন কাৰো ধন-সম্পদ নাছিল।

৩। নিধনীৰামে কোন কোন মানুহক লগ পাইছিল?

উত্তৰঃ নিধনীৰামে তিনি ধৰণৰ মানুহক লগ পাইছিল — (১) এজোপা অমৰা গছ কাটি থকা মানুহ, (২) পথাৰত হাল বাই থকা ‘মৰা’ নামৰ মানুহ, আৰু (৩) জকাইৰে মাছ বিচাৰি থকা ‘লখিমী’ নামৰ দুখীয়া ছোৱালী।

৪। নামৰ বেবেৰিবাং পাঠটিৰ পৰা তোমাৰ কি শিক্ষা হ’ল?

উত্তৰঃ এই পাঠটিৰ পৰা আমাৰ শিক্ষা হৈছে যে নামৰ অৰ্থ আৰু বাস্তৱতা সদায় একে নহয়। মানুহৰ প্ৰকৃত পৰিচয় তেওঁৰ নামে নহয়, কৰ্মেহে নিৰ্ধাৰণ কৰে। কোনো বিষয়ত অকাৰণে দুখ নকৰি বাস্তৱতাক মানি লোৱাই জ্ঞানীৰ কাম।

৫। ‘নামৰ বেবেৰিবাং’ পাঠটিত হাস্যৰস কেনেকৈ সৃষ্টি হৈছে?

উত্তৰঃ পাঠটিত হাস্যৰস সৃষ্টি হৈছে নাম আৰু বাস্তৱতাৰ মাজৰ বৈপৰীত্যৰ মাজেদি। ‘অমৰা’ গছে মৰা, ‘মৰা’ মানুহ জীয়া, ‘নিজৰা’ নৈ জৰজৰীয়া, ‘লখিমী’ দুখীয়া — এই বিপৰীতধৰ্মী পৰিস্থিতিসমূহে পাঠকৰ মনত হাস্যৰসৰ সৃষ্টি কৰে। লেখকৰ সাৱলীল ভাষা আৰু সহজ উপস্থাপনে হাস্যৰসক আৰু তীব্ৰ কৰি তুলিছে।

৬। অতুলচন্দ্ৰ হাজৰিকাক ‘সাহিত্যাচাৰ্য’ উপাধি কোনে আৰু কেতিয়া দিয়া হৈছিল?

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকাক ‘সাহিত্যাচাৰ্য’ উপাধি ১৯৮২ চনত অসম সাহিত্য সভাই প্ৰদান কৰিছিল।

৭। নিধনীৰামে নামৰ কথা ভাবি কিয় চিন্তিত হৈছিল আৰু শেষত কেনেকৈ সান্ত্বনা পাইছিল?

উত্তৰঃ নিধনীৰামৰ নামৰ অৰ্থ হৈছে দুখীয়া বা নিঃস্ব, কিন্তু তেওঁ প্ৰকৃততে ধনী আছিল। মানুহে তেওঁক ‘নিধনী’ বুলি মাতিলে তেওঁৰ লাজ লাগিছিল আৰু মনটো বেজবেজাই উঠিছিল। কিন্তু ভ্ৰমণৰ সময়ত ‘অমৰা’, ‘নিজৰা’, ‘মৰা’ আৰু ‘লখিমী’ৰ উদাহৰণ দেখি তেওঁ বুজিলে যে পৃথিৱীৰ সকলো নাম আৰু বাস্তৱতা বিপৰীত হ’ব পাৰে। এই উপলব্ধিয়ে তেওঁৰ মনলৈ শান্তি আনিলে আৰু তেওঁ সন্তুষ্ট হৈ ঘৰলৈ ঘূৰি আহিল।

৮। পাঠটিত ব্যৱহাৰ হোৱা যিকোনো পাঁচটা যুগ্মশব্দৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ পাঠটিত ব্যৱহাৰ হোৱা পাঁচটা যুগ্মশব্দ হৈছে —

  • ধনে-জনে
  • গছ-গছনি
  • ল’ৰা-ছোৱালী
  • খলিহা-পুঠী
  • জীয়া-মৰা

Leave a Comment