সাৰাংশ: ‘অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ’ পাঠটোত ব্ৰিটিছ শাসনকালত অসমত সংঘটিত হোৱা বিভিন্ন বিদ্ৰোহ আৰু কৃষক আন্দোলনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ আহে। ব্ৰিটিছসকলে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ পদ্ধতি প্ৰৱৰ্তন কৰে, যি কৃষকসকলৰ বাবে অত্যন্ত কষ্টকৰ আছিল। বহিৰাগত মাৰোৱাৰী মহাজনসকলে সুদৰ ব্যৱসায়ৰ জৰিয়তে কৃষকসকলক শোষণ কৰিছিল।
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমতো মণিৰাম দেৱানৰ নেতৃত্বত ব্ৰিটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হৈছিল। কন্দৰ্পেশ্বৰ সিংহক পুনৰায় আহোম সিংহাসনত বহুৱাবলৈ চেষ্টা কৰা হৈছিল। কিন্তু গোপনীয়তা ভংগ হোৱাত বিদ্ৰোহ বিফল হয় আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হয়। ইয়াৰ পাছত ১৮৬১ চনত ফুলগুৰি ধাৱা, ১৮৯৩-৯৪ চনত ৰঙিয়া আৰু লচিমাৰ কৃষক বিদ্ৰোহ, ১৮৯৪ চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ আদি সংঘটিত হয়। এইবোৰৰ উপৰিও জয়ন্তীয়া বিদ্ৰোহ, উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহ আৰু মণিপুৰৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কথাও এই পাঠত আলোচনা কৰা হৈছে।
Summary: The chapter “Anti-British Rising and Peasant Revolts in Assam” discusses the various uprisings and peasant movements that took place in Assam during British rule. After the Treaty of Yandaboo in 1826, Assam came under British control. The British introduced a cash-based revenue collection system, which caused immense hardship to the peasants. Immigrant Marwari moneylenders (Kayas/Keyas) exploited the farmers through usurious lending practices.
During the Sepoy Mutiny of 1857, Maniram Dewan led the anti-British revolt in Assam, attempting to restore Ahom prince Kandarpeswar Singha to the throne. The conspiracy was discovered, and Maniram Dewan along with Piyali Barua were hanged on 26th February 1858. Subsequently, the Phulaguri Dhawa (1861) became the first peasant uprising against British economic exploitation in Assam. The Rangia and Lachima peasant revolts (1893-94) and the Patharughat peasant uprising (1894) followed, all driven by excessive taxation and revenue increases. The chapter also covers the Jaintia revolt (1861), the North Cachar tribal revolt (1881), and the Manipur anti-British uprising (1891), highlighting the widespread resistance against colonial rule across the northeastern region.
অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)
১। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত টকা বা মুদ্ৰাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল।
২। কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল।
৩। কেঞাসকল কোন আছিল?
উত্তৰঃ কেঞাসকল আছিল বহিৰাগত মাৰোৱাৰী সম্প্ৰদায়ৰ সুদৰ ব্যৱসায়ী, যিসকলে কৃষকসকলক টকা ধাৰলৈ দি শোষণ কৰিছিল।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল।
৫। বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰায় সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰঃ বিদ্ৰোহীসকলে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰায় সিংহাসনত বহুৱাব খুজিছিল।
৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ মণিৰাম দেৱানক মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰে সহায় কৰিছিল।
৭। মণিৰাম দেৱানৰ লগত আৰু কোনে ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচীকাঠত ওলমিব লগা হৈছিল।
৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰঃ কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল।
৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ হ’ল –
(ক) বিদ্ৰোহীসকলৰ সংখ্যা অত্যন্ত তাকৰীয়া আছিল আৰু বিদ্ৰোহ কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।
(খ) পৰিকল্পনাৰ গোপনীয়তা ফাদিল হোৱাত ব্ৰিটিছসকলে আগতীয়াকৈ প্ৰস্তুতি ল’ব পাৰিছিল।
১০। কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰঃ ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ’ল –
(ক) অত্যাধিক পৰিমাণে ৰাজহ সংগ্ৰহ কৰা হৈছিল।
(খ) কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।
১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল, যি ১৮৬১ চনৰ ফুলগুৰি ধাৱাত নিহত হৈছিল।
১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৬১ চনৰ অক্টোবৰ মাহত ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল।
১৪। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।
১৫। লচিমা ক’ত অৱস্থিত?
উত্তৰঃ লচিমা অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত।
১৬। লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৯৪ চনৰ ২১ জানুৱাৰীত লচিমাৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।
১৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।
১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব ওকিয়াং নবাই দিছিল।
১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব শম্ভুধন কছাৰীয়ে দিছিল।
২০। টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল?
উত্তৰঃ টিকেন্দ্ৰজিতক ব্ৰিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল।
২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰঃ ১৮৯১ চনত জে ডব্লিউ কুইন্টনক হত্যা কৰিছিল।
২২। কোন চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল?
উত্তৰঃ ১৮৪৩ চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল।
২৩। অসম কোন চনত ব্ৰিটিছৰ অধীনলৈ আহিছিল?
উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল।
২৪। ব্ৰিটিছে টিকট কৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ব্ৰিটিছে ১৮৪৮ চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল।
২৫। ফুলগুৰিৰ কৃষক বিদ্ৰোহক কোনটো জনগোষ্ঠীয় সম্প্ৰদায়ে নেতৃত্ব দিছিল?
উত্তৰঃ ফুলগুৰিৰ কৃষক বিদ্ৰোহক তিৱা জনগোষ্ঠীয়ে নেতৃত্ব দিছিল।
২৬। ব্ৰিটিছে কেতিয়া আফুগুটিৰ খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল?
উত্তৰঃ ব্ৰিটিছে ১৮৬১ চনত আফুগুটিৰ খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল।
২৭। ১৮৬১ চনত নগাঁৱৰ উপায়ুক্ত কোন আছিল?
উত্তৰঃ ১৮৬১ চনত নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স আছিল।
২৮। ১৯ শতিকাৰ কৃষক বিদ্ৰোহসমূহক কোনে নেতৃত্ব দিছিল?
উত্তৰঃ ১৯ শতিকাৰ কৃষক বিদ্ৰোহসমূহক ৰাইজমেলসমূহে নেতৃত্ব দিছিল।
২৯। কোন চনত জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ হাতলৈ যায়?
উত্তৰঃ ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ হাতলৈ যায়।
৩০। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচী দিয়া হৈছিল।
৩১। টিকেন্দ্ৰজিৎ কোন আছিল?
উত্তৰঃ টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল।
৩২। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি কোন আছিল?
উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি জে ডি এণ্ডাৰছন আছিল।
চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)
১। ফুলগুৰি ধাৱাৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ ১৮৬১ চনৰ অক্টোবৰ মাহত নগাঁও জিলাৰ ফুলগুৰিত তিৱা জনগোষ্ঠীৰ কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। এই অঞ্চলৰ কৃষকসকলে আফু খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে নিজে আফু বিক্ৰীৰ একচেটিয়া অধিকাৰ লৈ ১৮৬১ চনত আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰে। ইয়াৰ উপৰিও পান-তামোলত কৰ আৰোপ কৰাৰ গুজৱও বিয়পি পৰে। কৃষকসকলে ৰাইজমেল আয়োজন কৰি প্ৰতিবাদ কৰে। নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰৰ কঠোৰ আচৰণে ক্ষোভ বৃদ্ধি কৰে আৰু সংঘৰ্ষত ছিংগাৰ নিহত হয়। এই ঘটনাকে ফুলগুৰি ধাৱা নামেৰে জনা যায়। ই অসমত ব্ৰিটিছ শোষণৰ বিৰুদ্ধে সংঘটিত প্ৰথম কৃষক বিদ্ৰোহ।
২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ লিখা।
উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ হ’ল –
(ক) বিদ্ৰোহীসকলৰ সংখ্যা অত্যন্ত তাকৰীয়া আছিল আৰু বিদ্ৰোহ কেৱল উজনি অসমৰ যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।
(খ) নেতাসকলৰ সময় জ্ঞান নাছিল; প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ আগেই পৰিকল্পনা ফাদিল হয়।
(গ) মূল সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু দূৰৈত কলিকতাত অৱস্থান কৰিছিল।
(ঘ) পৰিকল্পনাৰ গোপনীয়তা ভংগ হৈছিল।
(ঙ) পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰৰ অভাৱ আছিল।
(চ) নতুনকৈ গঢ় লৈ উঠা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদাসীনতা।
(ছ) ভাৰতীয় চিপাহীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ অভাৱ।
৩। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙিয়াত কৃষক বিদ্ৰোহ আৰম্ভ হয়। বৰ্ধিত হাৰত ভূমি ৰাজহ বৃদ্ধিৰ বিৰুদ্ধে কৃষকসকলে বজাৰ লুট-পাটেৰে প্ৰতিবাদ কৰে। তহচিলদাৰ ৰাধানাথ বৰুৱা আৰু মহাজনসকলক লক্ষ্য কৰি বিদ্ৰোহ সংঘটিত হয়। ১৮৯৪ চনৰ ৮ জানুৱাৰীত ১৫ জন কৃষকক গ্ৰেপ্তাৰ কৰা হয়। ১০ জানুৱাৰীত প্ৰায় ৩০০০ কৃষক সমবেত হয়। উপায়ুক্ত মেক কেবে গুলীচালনা কৰায়। ব্ৰিটিছৰ দমনমূলক নীতিৰ বিৰুদ্ধে কৃষকসকল সক্ৰিয় থাকে।
৪। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত এক শক্তিশালী কৃষক বিদ্ৰোহ সংঘটিত হয়। বৰ্ধিত হাৰত খাজনা বৃদ্ধিয়ে কৃষকসকলক ক্ষুব্ধ কৰি তোলে। খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়। কৃষকসকলে ৰাইজমেলৰ আয়োজন কৰে আৰু প্ৰায় ২০০০ কৃষক সমবেত হয়। পুলিচ অধীক্ষক বেৰিংটন আৰু জিলাধিপতি জে ডি এণ্ডাৰছনৰ নিৰ্দেশত গুলীচালনা কৰা হয়। এই গুলীচালনাত বহুসংখ্যক কৃষকৰ মৃত্যু হয় আৰু ৩৭ জনক গ্ৰেপ্তাৰ কৰা হয়।
৫। মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ মণিৰাম দেৱান অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ মূল নায়ক আছিল। তেওঁ অসমৰ পৰা ব্ৰিটিছ শাসনৰ অৱসান ঘটাবলৈ প্ৰয়াস কৰিছিল। কলিকতাত মধু মল্লিক নামৰ বঙালী মুক্তিয়াৰৰ লগ লাগি তেওঁ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু গোপন চিঠি-পত্ৰৰ জৰিয়তে যোগাযোগ ৰাখিছিল। কন্দৰ্পেশ্বৰ সিংহক পুনৰায় আহোম সিংহাসনত বহুৱাবৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু গোপনীয়তা ভংগ হোৱাত বিদ্ৰোহ বিফল হয় আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট জেলত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়।
৬। ভাৰতত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ চমুকৈ লিখা।
উত্তৰঃ ভাৰতত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ হ’ল –
(ক) নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতিয়ে কৃষকসকলক জুৰুলা কৰিছিল।
(খ) মুদ্ৰা অৰ্থনীতিয়ে সুদখোৰ মহাজন শ্ৰেণী সৃষ্টি কৰিছিল।
(গ) অভিজাত শ্ৰেণীৰ অৱস্থাও শোচনীয় হৈ পৰিছিল।
(ঘ) কুটীৰ শিল্পৰ অৱনতি হৈছিল।
(ঙ) বিলাতী বস্ত্ৰৰ আমদানিত চৰকাৰে পৃষ্ঠপোষকতা কৰিছিল।
(চ) এনফিল্ড ৰাইফলৰ টোটাৰ বিতৰ্কই তাৎক্ষণিক কাৰণ হিচাপে কাম কৰিছিল।
৭। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব অপৰিসীম –
(ক) এই বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ঐতিহাসিক আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল।
(খ) পৰৱৰ্তী সময়ত কৃষক বিদ্ৰোহসমূহক অনুপ্ৰেৰণা যোগাইছিল (১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ পৰা আৰম্ভ কৰি)।
(গ) হিন্দু-মুছলমান সম্প্ৰীতি আৰু জাতীয় সচেতনতাৰ বিকাশত সহায় কৰিছিল।
(ঘ) মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলৰ ত্যাগে জাতীয়তাবোধ আৰু ব্ৰিটিছ-বিৰোধী চেতনা জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ৰচনাধৰ্মী প্ৰশ্ন (Essay Type / Long Answer Questions)
১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ তলত বিতংভাৱে আলোচনা কৰা হ’ল –
ৰাজনৈতিক কাৰণ: ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমে স্বাধীনতা হেৰুৱাইছিল। ব্ৰিটিছসকলে স্বত্ববিলোপ নীতি আৰু অধীনতামূলক মিত্ৰতা নীতি প্ৰৱৰ্তন কৰি ভাৰতীয় শাসকসকলক ক্ষমতাচ্যুত কৰিছিল। আহোম অভিজাত শ্ৰেণীক ব্ৰিটিছ প্ৰশাসনত উচিত স্থান দিয়া হোৱা নাছিল।
অৰ্থনৈতিক কাৰণ: মুদ্ৰা অৰ্থনীতি প্ৰৱৰ্তন কৰি ৰাজহ সংগ্ৰহ টকাৰ মাধ্যমত কৰা হৈছিল, যি কৃষকসকলৰ বাবে অত্যন্ত কষ্টকৰ আছিল। বহিৰাগত মাৰোৱাৰী মহাজনসকলে (কেঞা) সুদৰ ব্যৱসায়ৰ জৰিয়তে কৃষকসকলক শোষণ কৰিছিল। কৃষি ব্যৱস্থাৰ উন্নতিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। চাহ খেতিয়কক খাজনা ৰেহাই দিয়া হৈছিল কিন্তু সাধাৰণ কৃষকক দিয়া হোৱা নাছিল। কুটীৰ শিল্পৰ অৱনতি ঘটিছিল আৰু বিলাতী বস্ত্ৰৰ আমদানিত চৰকাৰে পৃষ্ঠপোষকতা কৰিছিল।
সামাজিক কাৰণ: ১৮৪৩ চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল কিন্তু মুক্ত দাসসকলৰ পুনৰ্বাসনৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল। ব্ৰাহ্মণসকলৰ নিষ্কৰ ভূমিৰ বিষয়ে অনুসন্ধান চলোৱাত সকলো শ্ৰেণীৰ মাজত অসন্তোষ বৃদ্ধি পাইছিল।
সামৰিক কাৰণ: ভাৰতীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা হৈছিল। এনফিল্ড ৰাইফলৰ টোটাত গৰু আৰু গাহৰিৰ চৰ্বি লগোৱা আছে বুলি গুজৱে তাৎক্ষণিক কাৰণ হিচাপে কাম কৰিছিল।
২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ মণিৰাম দেৱান অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ মূল নায়ক আছিল। তেওঁৰ ভূমিকা তলত বিতংভাৱে আলোচনা কৰা হ’ল –
প্ৰাথমিক ব্ৰিটিছ সহযোগিতা: মণিৰাম দেৱানে প্ৰথমতে ব্ৰিটিছসকলৰ লগত সহযোগিতা কৰিছিল। তেওঁ চিৰস্তাদাৰ আৰু দেৱান পদত নিয়োগ পাইছিল। তেওঁ অসমৰ প্ৰথম চাহ-বাগান স্থাপনকাৰীসকলৰ অন্যতম আছিল।
অসন্তুষ্টিৰ কাৰণ: ক্ৰমান্বয়ে মণিৰাম দেৱান ব্ৰিটিছ শাসনৰ প্ৰতি অসন্তুষ্ট হৈ পৰে। তেওঁৰ চাহ-বাগানত খাজনা ৰেহাইৰ আবেদন প্ৰত্যাখ্যান কৰা হৈছিল। পৈতৃক অধিকাৰ হ্ৰাস কৰা হৈছিল। ১৮৫৩ চনত তেওঁ মফট মিলচ চাহাবৰ ওচৰত ব্ৰিটিছ শাসনৰ শোষণমূলক নীতিৰ বিৰুদ্ধে আবেদন পত্ৰ দাখিল কৰিছিল।
বিদ্ৰোহৰ পৰিকল্পনা: মণিৰাম দেৱানে অসমৰ পৰা ব্ৰিটিছ শাসনৰ অৱসান ঘটাবলৈ প্ৰয়াস কৰে। কলিকতাত মধু মল্লিক নামৰ বঙালী মুক্তিয়াৰৰ লগ লাগি তেওঁ ষড়যন্ত্ৰ ৰচনা কৰে। কন্দৰ্পেশ্বৰ সিংহক পুনৰায় আহোম সিংহাসনত বহুৱাবৰ লক্ষ্য নিৰ্ধাৰণ কৰে। গোপন চিঠি-পত্ৰৰ জৰিয়তে তেওঁ অসমৰ বিদ্ৰোহীসকলৰ লগত যোগাযোগ ৰাখিছিল।
বিদ্ৰোহৰ বিফলতা আৰু শাস্তি: কিন্তু পৰিকল্পনাৰ গোপনীয়তা ভংগ হোৱাত ব্ৰিটিছসকলে আগতীয়াকৈ জানিব পাৰে। মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয়। কেপ্টেইন হলৰইডৰ নেতৃত্বত এখন বিশেষ আদালতত তেওঁৰ বিচাৰ হয়। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট জেলত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। তেওঁলোকৰ আত্মত্যাগে পৰৱৰ্তী সময়ত জাতীয়তাবোধ আৰু ব্ৰিটিছ-বিৰোধী চেতনা জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৩। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ তলত বিতংভাৱে আলোচনা কৰা হ’ল –
(ক) বিদ্ৰোহীৰ সীমিত সংখ্যা: বিদ্ৰোহীসকলৰ সংখ্যা অত্যন্ত তাকৰীয়া আছিল। বিদ্ৰোহ কেৱল উজনি অসমৰ যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। সমগ্ৰ অসমত ই বিস্তাৰিত হ’ব পৰা নাছিল।
(খ) নেতৃত্বৰ দুৰ্বলতা: নেতাসকলৰ সময় জ্ঞান নাছিল। প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ আগেই কাৰ্যপন্থা লোৱাৰ চেষ্টা কৰা হয়, ফলত ব্ৰিটিছসকলে প্ৰতিৰক্ষাৰ বাবে সময় পাইছিল।
(গ) মূল সংগঠকৰ দূৰত্ব: বিদ্ৰোহৰ মূল সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু দূৰৈত কলিকতাত অৱস্থান কৰিছিল। ফলত বিদ্ৰোহৰ প্ৰত্যক্ষ পৰিচালনাত অসুবিধা হৈছিল।
(ঘ) গোপনীয়তাৰ অভাৱ: পৰিকল্পনাৰ গোপনীয়তা ফাদিল হৈছিল। ব্ৰিটিছসকলে আগতীয়াকৈ বিদ্ৰোহৰ বিষয়ে জানিব পাৰি প্ৰতিৰোধমূলক ব্যৱস্থা লৈছিল।
(ঙ) অস্ত্ৰ-শস্ত্ৰৰ অভাৱ: বিদ্ৰোহীসকলৰ হাতত পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ নাছিল। ব্ৰিটিছসকলৰ আধুনিক অস্ত্ৰৰ বিপৰীতে বিদ্ৰোহীসকল দুৰ্বল আছিল।
(চ) মধ্যবিত্ত শ্ৰেণীৰ উদাসীনতা: নতুনকৈ গঢ় লৈ উঠা অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰা নাছিল।
(ছ) চিপাহীসকলৰ নিষ্ক্ৰিয়তা: অসমত থকা ভাৰতীয় চিপাহীসকলে সক্ৰিয়ভাৱে বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল।
৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে তলত আলোচনা কৰা হ’ল –
(ক) সৰ্বভাৰতীয় আন্দোলনৰ সৈতে সংযোগ: এই বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ঐতিহাসিক আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল। ই প্ৰমাণ কৰিছিল যে অসমৰ জনসাধাৰণেও ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সক্ৰিয় হ’ব পাৰে।
(খ) কৃষক বিদ্ৰোহৰ অনুপ্ৰেৰণা: পৰৱৰ্তী সময়ত সংঘটিত কৃষক বিদ্ৰোহসমূহক এই বিদ্ৰোহে অনুপ্ৰেৰণা যোগাইছিল। ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ পৰা আৰম্ভ কৰি পথৰুঘাটৰ কৃষক বিদ্ৰোহলৈকে সকলো আন্দোলনত ইয়াৰ প্ৰভাৱ পৰিছিল।
(গ) হিন্দু-মুছলমান সম্প্ৰীতি: এই বিদ্ৰোহত হিন্দু আৰু মুছলমান সকলোৱে একেলগে অংশগ্ৰহণ কৰিছিল, যি সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ঐক্যবদ্ধতাৰ এক উৎকৃষ্ট নিদৰ্শন আছিল।
(ঘ) জাতীয়তাবোধৰ বিকাশ: মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলৰ ত্যাগে জাতীয়তাবোধ আৰু ব্ৰিটিছ-বিৰোধী চেতনা জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী স্বাধীনতা সংগ্ৰামীসকলে এই বিদ্ৰোহৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল।
৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি বিতং টোকা লিখা।
উত্তৰঃ ফুলগুৰি ধাৱা অসমত ব্ৰিটিছ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে সংঘটিত প্ৰথম কৃষক বিদ্ৰোহ। ইয়াক তলত বিতংভাৱে আলোচনা কৰা হ’ল –
পটভূমি: ফুলগুৰি নগাঁও জিলাৰ পৰা দূৰৈত অৱস্থিত তিৱা জনগোষ্ঠীৰ জনবসতিপূৰ্ণ এক গাঁও আছিল। এই অঞ্চলৰ কৃষকসকলে আফু (পপি) খেতি কৰি জীৱিকা নিৰ্বাহ কৰিছিল।
কাৰণ: ব্ৰিটিছ চৰকাৰে নিজে আফু বিক্ৰীৰ একচেটিয়া অধিকাৰ লৈ কৃষকসকলৰ আফু খেতি ১৮৬১ চনত সম্পূৰ্ণৰূপে বন্ধ কৰে। ইয়াৰ ফলত কৃষকসকলৰ জীৱিকাৰ পথ বন্ধ হয়। ইয়াৰ উপৰিও পান-তামোলত কৰ আৰোপ কৰাৰ গুজৱ বিয়পি পৰে। ৰাজহ বৃদ্ধিয়েও কৃষকসকলক ক্ষুব্ধ কৰি তোলে।
ঘটনাক্ৰম: ১৮৬১ চনৰ অক্টোবৰ মাহত কৃষকসকলে ফুলগুৰিত এক ৰাইজমেলৰ আয়োজন কৰে। নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্সে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰক ৰাইজমেল ভংগ কৰিবলৈ পঠিয়ায়। ছিংগাৰৰ কঠোৰ আচৰণে কৃষকসকলৰ ক্ষোভ আৰু বৃদ্ধি কৰে আৰু সংঘৰ্ষত এজন মাছমৰীয়াই ছিংগাৰক মূৰত আঘাত কৰে। ছিংগাৰ সেই ঘটনাত নিহত হয়।
পৰিণতি: এই ঘটনাৰ পিছত ব্ৰিটিছ চৰকাৰে ব্যাপক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তি প্ৰদান কৰে। এই ঘটনাকে ফুলগুৰি ধাৱা নামেৰে জনা যায়। ই অসমত ব্ৰিটিছ শোষণৰ বিৰুদ্ধে সংঘটিত প্ৰথম কৃষক বিদ্ৰোহ হিচাপে ইতিহাসত চিৰস্মৰণীয় হৈ আছে।
৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে তলত বিতংভাৱে আলোচনা কৰা হ’ল –
কাৰণ: ব্ৰিটিছ চৰকাৰে ভূমি ৰাজহ প্ৰায় ৩৫ শতাংশ বৃদ্ধি কৰাত কৃষকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। কৃষকসকলে ৰাইজমেলৰ আয়োজন কৰি প্ৰায় ১৬,৪৮৫ খন আবেদন পত্ৰ দাখিল কৰে, কিন্তু চৰকাৰে সেইবোৰ প্ৰত্যাখ্যান কৰে।
ৰঙিয়াৰ ঘটনা: ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত ৰঙিয়াত বজাৰ লুট-পাটেৰে কৃষক বিদ্ৰোহ আৰম্ভ হয়। তহচিলদাৰ ৰাধানাথ বৰুৱা আৰু মহাজনসকলক লক্ষ্য কৰি বিদ্ৰোহ হয়। ১৮৯৪ চনৰ ৮ জানুৱাৰীত ১৫ জন কৃষকক গ্ৰেপ্তাৰ কৰা হয়। ১০ জানুৱাৰীত প্ৰায় ৩০০০ কৃষক সমবেত হয় আৰু উপায়ুক্ত মেক কেবে গুলীচালনা কৰায়।
লচিমাৰ ঘটনা: ১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লচিমাত কৃষক বিদ্ৰোহ সংঘটিত হয়। মৌজাদাৰ দাসোৰাম চৌধুৰীৰ মৃত্যু হয়। বিদ্ৰোহ নলবাৰী, বজালী আদি অঞ্চললৈ বিস্তাৰিত হয়।
পৰিণতি: ব্ৰিটিছ চৰকাৰে গোৰ্খা আৰু পুলিচৰ সহায়ত দমনমূলক ব্যৱস্থা গ্ৰহণ কৰে। ব্যাপক গ্ৰেপ্তাৰ, সম্পত্তি বাজেয়াপ্তকৰণ আৰু কঠোৰ শাস্তি প্ৰদান কৰা হয়। কিন্তু এই কৃষক বিদ্ৰোহে ব্ৰিটিছ শোষণৰ বিৰুদ্ধে অসমীয়া কৃষকসকলৰ ঐক্যবদ্ধ প্ৰতিৰোধৰ এক উজ্জ্বল নিদৰ্শন হৈ ৰৈছে।
৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা।
উত্তৰঃ ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাটত সংঘটিত কৃষক বিদ্ৰোহ অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। ইয়াক তলত বিতংভাৱে আলোচনা কৰা হ’ল –
কাৰণ: ব্ৰিটিছ চৰকাৰে বৰ্ধিত হাৰত ভূমি ৰাজহ বৃদ্ধি কৰাত কৃষকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। খাজনা দিব নোৱাৰা কৃষকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।
ঘটনাক্ৰম: ১৮৯৪ চনৰ ২৬-২৮ জানুৱাৰীত পথৰুঘাটত কৃষকসকলে এক ৰাইজমেলৰ আয়োজন কৰে। প্ৰায় ২০০০ কৃষক সমবেত হৈ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰে। কৃষকসকলে পুলিচ অধীক্ষক বেৰিংটন চাহাবক আগুৰি ধৰে।
গুলীচালনা আৰু পৰিণতি: জিলাধিপতি জে ডি এণ্ডাৰছনৰ নিৰ্দেশত গুলীচালনা কৰা হয়। এই গুলীচালনাত বহুসংখ্যক কৃষকৰ মৃত্যু হয় আৰু ৩৭ জনক গ্ৰেপ্তাৰ কৰা হয়। পথৰুঘাটৰ এই কৃষক বিদ্ৰোহ অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক ৰক্তাক্ত অধ্যায় হিচাপে চিৰস্মৰণীয় হৈ আছে।
৮। জয়ন্তীয়া বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায়। ব্ৰিটিছসকলে জয়ন্তীয়া জনগোষ্ঠীৰ পৰম্পৰাগত প্ৰথা আৰু ৰীতি-নীতিত হস্তক্ষেপ কৰাৰ লগতে কৰ আৰোপ কৰে। ইয়াৰ ফলত ১৮৬১ চনত ওকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া বিদ্ৰোহ সংঘটিত হয়। গাঁৱে গাঁৱে সভা অনুষ্ঠিত কৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। কিন্তু ব্ৰিটিছসকলে সামৰিক শক্তি প্ৰয়োগ কৰি বিদ্ৰোহ দমন কৰে আৰু নেতাসকলক কঠোৰ শাস্তি প্ৰদান কৰে।
৯। মণিপুৰৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ (১৮৯১) বিষয়ে লিখা।
উত্তৰঃ ১৮৯১ চনত মণিপুৰত ব্ৰিটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হয়। টিকেন্দ্ৰজিতে মণিপুৰৰ সেনাপতি হিচাপে ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। ব্ৰিটিছ চিফ কমিছনাৰ জে ডব্লিউ কুইন্টন টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিবলৈ মণিপুৰলৈ যায়। কিন্তু মণিপুৰীসকলে কুইন্টন আৰু আন চাৰিজন ব্ৰিটিছ বিষয়াক হত্যা কৰে। ইয়াৰ পিছত ব্ৰিটিছসকলে সামৰিক শক্তি প্ৰয়োগ কৰি মণিপুৰ দখল কৰে আৰু টিকেন্দ্ৰজিতক মৃত্যুদণ্ডে দণ্ডিত কৰে। মণিপুৰৰ ওপৰত বৃহৎ পৰিমাণৰ জৰিমনাও আৰোপ কৰা হয়।
বহু বিকল্পধৰ্মী প্ৰশ্ন (MCQ)
১। অসম কোন চনত ব্ৰিটিছৰ অধীনলৈ আহিছিল?
(ক) ১৮২৪ চনত
(খ) ১৮২৮ চনত
(গ) ১৮৩০ চনত
(ঘ) ১৮২৬ চনত
উত্তৰঃ (ঘ) ১৮২৬ চনত।
২। অসমত দাস প্ৰথাৰ বিলুপ্তি হৈছিল—
(ক) ১৮৪৩ চনত
(খ) ১৮৪৫ চনত
(গ) ১৮৪০ চনত
(ঘ) ১৮৩৯ চনত
উত্তৰঃ (ক) ১৮৪৩ চনত।
৩। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল—
(ক) মধু মল্লিকে
(খ) দুতিৰাম বৰুৱাই
(গ) বাহাদুৰ গাঁওবুঢ়াই
(ঘ) মণিৰাম দেৱানে
উত্তৰঃ (ঘ) মণিৰাম দেৱানে।
৪। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল?
(ক) মিলচ চাহাবে
(খ) মধু মল্লিক
(গ) মহিৰাম মুক্তিয়াৰ
(ঘ) মণিৰাম দেৱান
উত্তৰঃ (খ) মধু মল্লিক।
৫। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীকাঠত ওলমোৱা হৈছিল?
(ক) পিয়লি বৰুৱাক
(খ) জিউৰাম দুলীয়া বৰুৱাক
(গ) গোমধৰ কোঁৱৰক
(ঘ) দুতিৰাম বৰুৱাক
উত্তৰঃ (ক) পিয়লি বৰুৱাক।
৬। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল—
(ক) শম্ভুধন কছাৰীয়ে
(খ) ওকিয়াং নবাই
(গ) টিকেন্দ্ৰজিতে
(ঘ) ৰাজেন্দ্ৰ সিঙে
উত্তৰঃ (ক) শম্ভুধন কছাৰীয়ে।
৭। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—
(ক) ১৮৩০ চনত
(খ) ১৮৪৫ চনত
(গ) ১৮৩৫ চনত
(ঘ) ১৮৬১ চনত
উত্তৰঃ (গ) ১৮৩৫ চনত।
৮। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল—
(ক) জে আৰ বেৰিংটন
(খ) লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স
(গ) ৰেনছম চাহাব
(ঘ) জে ডি এণ্ডাৰছন
উত্তৰঃ (ঘ) জে ডি এণ্ডাৰছন।
৯। ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—
(ক) ১৮৪৮ চনত
(খ) ১৮৫৮ চনত
(গ) ১৮৬৩ চনত
(ঘ) ১৮৭৮ চনত
উত্তৰঃ (ক) ১৮৪৮ চনত।
১০। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—
(ক) শম্ভুধন কছাৰীয়ে
(খ) টিকেন্দ্ৰজিতে
(গ) ওকিয়াং নবাই
(ঘ) ৰাজেন্দ্ৰ সিঙে
উত্তৰঃ (গ) ওকিয়াং নবাই।
১১। মফট মিলচক কোনে আবেদন পত্ৰ দাখিল কৰিছিল?
(ক) মণিৰাম দেৱানে
(খ) পিয়লি বৰুৱাই
(গ) গোমধৰ কোঁৱৰে
(ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে
উত্তৰঃ (ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে।
১২। মণিৰাম দেৱানৰ বিচাৰ কৰিছিল—
(ক) কেপ্টেইন হলৰইডে
(খ) কেপ্টেইন হেলিডেই
(গ) লেফটেনেণ্ট ছিংগাৰে
(ঘ) মেক কেবে
উত্তৰঃ (ক) কেপ্টেইন হলৰইডে।
১৩। আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল—
(ক) ১৮৫৮ চনত
(খ) ১৮৫৫ চনত
(গ) ১৮৬৫ চনত
(ঘ) ১৮৬০ চনত
উত্তৰঃ (ঘ) ১৮৬০ চনত।
১৪। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন কেতিয়া পঠিয়াইছিল?
(ক) ১৯৩৫ চনৰ আগষ্ট মাহত
(খ) ১৯৪৫ চনৰ জুলই মাহত
(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত
(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত
উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।
১৫। ষ্টাম্প কৰ প্ৰৱৰ্তন কৰা হৈছিল—
(ক) ১৮৫৮ চনত
(খ) ১৮৬০ চনত
(গ) ১৮৬৫ চনত
(ঘ) ১৮৪৮ চনত
উত্তৰঃ (ক) ১৮৫৮ চনত।
খালী ঠাই পূৰণ কৰা (Fill in the Blanks)
১। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম _______ চনত ব্ৰিটিছৰ অধীনলৈ আহে।
উত্তৰঃ ১৮২৬।
২। অসমত দাস প্ৰথা _______ চনত নিষিদ্ধ কৰা হৈছিল।
উত্তৰঃ ১৮৪৩।
৩। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক _______ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হয়।
উত্তৰঃ ১৮৫৮।
৪। ফুলগুৰি ধাৱা _______ চনত সংঘটিত হৈছিল।
উত্তৰঃ ১৮৬১।
৫। ফুলগুৰিৰ কৃষক বিদ্ৰোহক _______ জনগোষ্ঠীয়ে নেতৃত্ব দিছিল।
উত্তৰঃ তিৱা।
৬। মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কেপ্টেইন _______।
উত্তৰঃ হলৰইডে।
৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ _______ চনত সংঘটিত হৈছিল।
উত্তৰঃ ১৮৯৪।
৮। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব _______ দিছিল।
উত্তৰঃ শম্ভুধন কছাৰীয়ে।
৯। মণিৰাম দেৱানক সহায় কৰা বঙালী মুক্তিয়াৰৰ নাম আছিল _______।
উত্তৰঃ মধু মল্লিক।
১০। ১৮৫৩ চনত মফট মিলচ চাহাবক আবেদন পত্ৰ দাখিল কৰিছিল _______।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে।
১১। বিদ্ৰোহীসকলে _______ ক পুনৰায় আহোম সিংহাসনত বহুৱাব খুজিছিল।
উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহ।
১২। জে ডব্লিউ কুইন্টনক _______ চনত হত্যা কৰা হৈছিল।
উত্তৰঃ ১৮৯১।
শুদ্ধ নে অশুদ্ধ লিখা (True or False)
১। অসম ১৮২৬ চনত ব্ৰিটিছৰ অধীনলৈ আহিছিল।
উত্তৰঃ শুদ্ধ।
২। অসমত দাস প্ৰথা ১৮৪৫ চনত নিষিদ্ধ কৰা হৈছিল।
উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: ১৮৪৩ চনত নিষিদ্ধ কৰা হৈছিল।)
৩। মণিৰাম দেৱানে অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল।
উত্তৰঃ শুদ্ধ।
৪। ফুলগুৰি ধাৱা ১৮৭১ চনত সংঘটিত হৈছিল।
উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: ফুলগুৰি ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল।)
৫। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ লগত ফাঁচী দিয়া হৈছিল।
উত্তৰঃ শুদ্ধ।
৬। ফুলগুৰি ধাৱা অসমৰ দ্বিতীয় কৃষক বিদ্ৰোহ আছিল।
উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: ফুলগুৰি ধাৱা অসমৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল।)
৭। পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত সংঘটিত হৈছিল।
উত্তৰঃ শুদ্ধ।
৮। জয়ন্তীয়া ৰাজ্য ১৮৪০ চনত ব্ৰিটিছৰ হাতলৈ যায়।
উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ব্ৰিটিছৰ হাতলৈ যায়।)
৯। মফট মিলচ ১৮৫৩ চনত অসমলৈ আহিছিল।
উত্তৰঃ শুদ্ধ।
১০। শম্ভুধন কছাৰীয়ে ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল।
উত্তৰঃ শুদ্ধ।
১১। জে ডব্লিউ কুইন্টনক ১৮৯৫ চনত হত্যা কৰা হৈছিল।
উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰা হৈছিল।)
১২। টিকেন্দ্ৰজিৎ মণিপুৰৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল।
উত্তৰঃ শুদ্ধ।