HSLC Guru

Class 10 Social Science Geography Chapter 1 Question Answer | অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Question Answers

অধ্যায় ১: অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ (সাৰাংশ)

অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ এটা প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। জৰ্জ ছিজহ’মক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কোৱা হয়। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হৈছে— কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল।

মানুহৰ অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ— প্ৰাথমিক বৃত্তি (কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ), দ্বিতীয়ক বৃত্তি (শিল্পোৎপাদন, নিৰ্মাণ কাৰ্য), তৃতীয়ক বৃত্তি (পৰিবহণ, বেপাৰ-বাণিজ্য, পৰ্যটন) আৰু চতুৰ্থক বৃত্তি (শিক্ষা, গৱেষণা, বিত্তীয় প্ৰতিষ্ঠান)।

মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা— উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। সম্পদসমূহক বিভিন্ন ভিত্তিত শ্ৰেণীবিভাজন কৰা হয়— সৃষ্টি অনুসৰি (প্ৰাকৃতিক, মানৱ সৃষ্ট, মানৱ সম্পদ), প্ৰকৃতি অনুসৰি (জীৱীয়, অজীৱীয়), উপলব্ধতা অনুসৰি (নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য) আৰু মালিকীস্বত্ব অনুসৰি (ব্যক্তিগত, জাতীয়, আন্তৰ্জাতিক সম্পদ)। সম্পদ সংৰক্ষণ বুলিলে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰাকে বুজায়। IUCN (International Union for Conservation of Nature) ১৯৪৮ চনত প্ৰতিষ্ঠিত হৈছিল।

Chapter 1: Economic Geography: Subject Matter and Resources (English Summary)

Economic Geography is a major branch of Human Geography. It studies human activities related to the production, distribution, consumption, and exchange of resources in spatial and temporal contexts. George Chisholm is regarded as the father of Economic Geography. Its main branches include Agricultural Geography, Industrial Geography, Resource Geography, Transport Geography, Market Geography, Planning and Development Geography, and Tourism Geography.

Human economic occupations are classified into four types: Primary (agriculture, fishing, mining), Secondary (manufacturing, construction), Tertiary (transport, trade, tourism), and Quaternary (education, research, financial services). Resources are materials necessary for human survival and are classified by origin (natural, man-made, human), nature (biotic, abiotic), availability (renewable, non-renewable), and ownership (personal, national, international). Resource conservation means the planned and sustainable use of resources without destruction or waste. IUCN was established in 1948 for the conservation of nature and biodiversity.


বহু বিকল্পধৰ্মী প্ৰশ্ন (MCQ)

১। তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?

(ক) নদ-নদী (খ) খনিজ তেল (গ) জলসিঞ্চন নলা (ঘ) অৰণ্য

উত্তৰঃ (গ) জলসিঞ্চন নলা।

২। তলৰ কোনটো অজীৱীয় সম্পদ?

(ক) বায়ু (খ) উদ্ভিদ (গ) জীৱ-জন্তু (ঘ) শস্য

উত্তৰঃ (ক) বায়ু।

৩। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?

(ক) বায়ু (খ) পানী (গ) শস্য (ঘ) কয়লা

উত্তৰঃ (ঘ) কয়লা।

৪। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী?

(ক) এশিঙীয়া গঁড় (খ) নল গাহৰি (গ) জিৰাফ (ঘ) মিথুন

উত্তৰঃ (খ) নল গাহৰি।

৫। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?

(ক) UNESCO (খ) UNO (গ) WWF (ঘ) UNEP

উত্তৰঃ (ক) UNESCO।

৬। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয়, সেইটো হ’ল—

(ক) প্ৰাকৃতিক ভূগোল (খ) মানৱ ভূগোল (গ) অৰ্থনৈতিক ভূগোল (ঘ) আঞ্চলিক ভূগোল

উত্তৰঃ (গ) অৰ্থনৈতিক ভূগোল।

৭। শিল এবিধ—

(ক) জীৱীয় সম্পদ (খ) অজীৱীয় সম্পদ (গ) মানৱ সৃষ্ট সম্পদ (ঘ) মানৱ সম্পদ

উত্তৰঃ (খ) অজীৱীয় সম্পদ।

৮। অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ’ল—

(ক) ম’হ (খ) মেকুৰী (গ) শহাপহু (ঘ) সোণালী বান্দৰ

উত্তৰঃ (ঘ) সোণালী বান্দৰ।

৯। তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?

(ক) পানী (খ) সূৰ্যৰ ৰশ্মি (গ) গছ-গছনি (ঘ) প্ৰাকৃতিক গেছ

উত্তৰঃ (ঘ) প্ৰাকৃতিক গেছ।

১০। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ’ল—

(ক) কাৰ্ল ৰিটাৰ (খ) জৰ্জ ছিজহ’ম (গ) ডাৰ্কেনৱাল্ড (ঘ) ফ্ৰেইট্ৰিফ ৰাটজেল

উত্তৰঃ (খ) জৰ্জ ছিজহ’ম।

১১। তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?

(ক) কৃষি কাৰ্য (খ) বেংক বা অন্য বিত্তীয় অনুষ্ঠান (গ) মাছ ধৰা (ঘ) বনজ সম্পদ আহৰণ

উত্তৰঃ (খ) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

১২। তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়?

(ক) শিল্পোৎপাদন প্ৰক্ৰিয়া (খ) যাতায়াত আৰু পৰিবহণ কাৰ্য (গ) প্ৰচাৰ মাধ্যম (ঘ) নিৰ্মাণ কাৰ্য

উত্তৰঃ (ক) শিল্পোৎপাদন প্ৰক্ৰিয়া।

১৩। তলৰ কোনটো তৃতীয়ক বৃত্তি হয়?

(ক) কৃষি কাৰ্য (খ) চিকাৰ (গ) বয়ন কাৰ্য (ঘ) বেপাৰ-বাণিজ্য

উত্তৰঃ (ঘ) বেপাৰ-বাণিজ্য।

১৪। তলৰ কোনটো চতুৰ্থক বৃত্তি হয়?

(ক) মিস্ত্ৰি (খ) শিক্ষক (গ) কম্পিউটাৰ নিৰ্মাণকাৰী (ঘ) ব্যৱসায়ী

উত্তৰঃ (খ) শিক্ষক।

১৫। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়?

(ক) প্ৰযুক্তি (খ) উদ্যোগ (গ) সৌৰশক্তি (ঘ) কাৰ্যালয়

উত্তৰঃ (গ) সৌৰশক্তি।

১৬। সোণ এবিধ—

(ক) কৃত্ৰিম সম্পদ (খ) জৈৱিক সম্পদ (গ) প্ৰাকৃতিক সম্পদ (ঘ) মানৱ সম্পদ

উত্তৰঃ (গ) প্ৰাকৃতিক সম্পদ।

১৭। তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়?

(ক) ভাল চৰিত্ৰ (খ) কৰ্মদক্ষতা (গ) শিক্ষা (ঘ) চৰকাৰ

উত্তৰঃ (ঘ) চৰকাৰ।

১৮। যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক কি বোলা হয়?

(ক) সম্পত্তি (খ) সম্পদ (গ) পণ্য (ঘ) এটাও নহয়

উত্তৰঃ (ক) সম্পত্তি।

১৯। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?

(ক) ১ জানুৱাৰী তাৰিখে (খ) ১৫ আগষ্ট তাৰিখে (গ) ৫ জুন তাৰিখে (ঘ) এটাও নহয়

উত্তৰঃ (গ) ৫ জুন তাৰিখে।

২০। সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোনটো বৃত্তিত অন্তৰ্ভুক্ত?

(ক) প্ৰাথমিক খণ্ডৰ (খ) দ্বিতীয়ক খণ্ডৰ (গ) তৃতীয়ক খণ্ডৰ (ঘ) চতুৰ্থক খণ্ডৰ

উত্তৰঃ (খ) দ্বিতীয়ক খণ্ডৰ।

২১। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল—

(ক) ১৯৮৬ চনত (খ) ১৯৮৭ চনত (গ) ১৯৮৮ চনত (ঘ) ১৯৮২ চনত

উত্তৰঃ (ক) ১৯৮৬ চনত।

২২। বেংক ব্যৱস্থাটো কোনটো বৃত্তিৰ অন্তৰ্ভুক্ত?

(ক) প্ৰাথমিক (খ) দ্বিতীয়ক (গ) তৃতীয়ক (ঘ) চতুৰ্থক

উত্তৰঃ (গ) তৃতীয়ক।

২৩। প্ৰাকৃতিক সম্পদসমূহ পোৱা যায়—

(ক) গোটা বা কঠিন অৱস্থাত (খ) তৰল বা গেছীয় অৱস্থাত (গ) ধাতৱীয় বা অধাতৱীয় অৱস্থাত (ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

২৪। লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো হ’ল—

(ক) প্ৰাথমিক বৃত্তিৰ উদাহৰণ (খ) দ্বিতীয়ক বৃত্তিৰ উদাহৰণ (গ) তৃতীয়ক বৃত্তিৰ উদাহৰণ (ঘ) চতুৰ্থক বৃত্তিৰ উদাহৰণ

উত্তৰঃ (খ) দ্বিতীয়ক বৃত্তিৰ উদাহৰণ।

২৫। সৌৰশক্তি হৈছে এবিধ—

(ক) অনৱীকৰণযোগ্য শক্তিৰ উৎস (খ) নৱীকৰণযোগ্য শক্তিৰ উৎস (গ) জীৱীয় শক্তিৰ উৎস (ঘ) অজীৱীয় শক্তিৰ উৎস

উত্তৰঃ (খ) নৱীকৰণযোগ্য শক্তিৰ উৎস।

২৬। উদ্ভিদ হৈছে—

(ক) প্ৰাকৃতিক সম্পদৰ উদাহৰণ (খ) জীৱীয় সম্পদৰ উদাহৰণ (গ) নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ (ঘ) ইয়াৰ আটাইকেইটা

উত্তৰঃ (ঘ) ইয়াৰ আটাইকেইটা।

২৭। তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত নহয়?

(ক) কোম্পানীৰ অংশ (খ) যন্ত্ৰপাতি (গ) জনস্বাস্থ্য (ঘ) ভূমি আৰু বাসগৃহ

উত্তৰঃ (গ) জনস্বাস্থ্য।

২৮। কোন ভিত্তিত সম্পদসমূহক ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণীবিভাজন কৰা হয়?

(ক) উৎপত্তি (খ) মালিকীস্বত্ব (গ) উপলব্ধতা (ঘ) গঠন

উত্তৰঃ (খ) মালিকীস্বত্ব।

২৯। IUCN কোন চনত গঠিত হৈছিল?

(ক) ১৯৪৮ চনত (খ) ১৯৫২ চনত (গ) ১৯৫৬ চনত (ঘ) ১৯৬২ চনত

উত্তৰঃ (ক) ১৯৪৮ চনত।

৩০। কোনবিধ বৃত্তিত খনিজ সম্পদ আহৰণ অন্তৰ্ভুক্ত?

(ক) প্ৰাথমিক বৃত্তি (খ) দ্বিতীয়ক বৃত্তি (গ) তৃতীয়ক বৃত্তি (ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি।

৩১। কৃষি ভূগোল হৈছে অৰ্থনৈতিক ভূগোলৰ এটা শাখা য’ত অধ্যয়ন কৰা হয়—

(ক) ঔদ্যোগিক উৎপাদন (খ) কৃষিকাৰ্য, শস্যৰ উৎপাদন আৰু ইয়াৰ আনুষংগিক তত্ত্ব (গ) সম্পদ বিতৰণ (ঘ) বজাৰ ব্যৱস্থা

উত্তৰঃ (খ) কৃষিকাৰ্য, শস্যৰ উৎপাদন আৰু ইয়াৰ আনুষংগিক তত্ত্ব।

৩২। মানুহে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সম্পদ আহৰণ কৰা কাৰ্যক কি বোলা হয়?

(ক) প্ৰাথমিক বৃত্তি (খ) দ্বিতীয়ক বৃত্তি (গ) তৃতীয়ক বৃত্তি (ঘ) চতুৰ্থক বৃত্তি

উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি।

৩৩। প্ৰাথমিক আৰু দ্বিতীয়ক কাৰ্যকলাপৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পোৱাই দিয়া কাৰ্যক কি বোলা হয়?

(ক) প্ৰাথমিক বৃত্তি (খ) দ্বিতীয়ক বৃত্তি (গ) তৃতীয়ক বৃত্তি (ঘ) চতুৰ্থক বৃত্তি

উত্তৰঃ (গ) তৃতীয়ক বৃত্তি।


অতি চমু উত্তৰৰ প্ৰশ্ন

১। ভূগোল বিষয়টোৰ প্ৰধান শাখা বা ভাগ দুটাৰ নাম লিখা।

উত্তৰঃ ভূগোল বিষয়টোৰ প্ৰধান শাখা দুটা হ’ল— (ক) প্ৰাকৃতিক ভূগোল আৰু (খ) মানৱ ভূগোল।

২। অৰ্থনৈতিক ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে।

৩। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন?

উত্তৰঃ জৰ্জ ছিজহ’ম (George Chisholm)।

৪। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ নাম লিখা।

উত্তৰঃ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হ’ল— কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল।

৫। সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। যিবোৰ সামগ্ৰী প্ৰযুক্তিগতভাৱে ব্যৱহাৰযোগ্য, অৰ্থনৈতিকভাৱে সম্ভৱনীয় আৰু সাংস্কৃতিকভাৱে গ্ৰহণযোগ্য সেইবোৰেই সম্পদ।

৬। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা— (ক) উপকাৰিতা, (খ) কাৰ্যকাৰিতা আৰু (গ) পৰিৱৰ্তনশীল ধৰ্ম।

৭। প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদক প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণ— বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি, খনিজ পদাৰ্থ আদি।

৮। মানৱ সৃষ্ট সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ প্ৰচেষ্টা আৰু প্ৰযুক্তিৰ সহায়ত উৎপাদিত সামগ্ৰীবোৰক মানৱ সৃষ্ট সম্পদ বোলে। উদাহৰণ— কাগজ, কাপোৰ, ঔষধ, প্লাষ্টিক, ৰবৰ আদি।

৯। মানৱ সম্পদ কাক বোলে?

উত্তৰঃ যেতিয়া এটা দেশৰ জনসংখ্যাই পৰ্যাপ্ত দক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আকাংক্ষাৰে সম্পন্ন হয়, তেতিয়া সেই জনসংখ্যাক মানৱ সম্পদ বোলা হয়।

১০। জীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সম্পদত জীৱ থাকে তেনে সম্পদক জীৱীয় সম্পদ বোলে। উদাহৰণ— উদ্ভিদ, প্ৰাণী, শস্য, মাছ আদি।

১১। অজীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সম্পদত জীৱ নাই তেনে সম্পদক অজীৱীয় সম্পদ বোলে। উদাহৰণ— মাটি, শিল, বায়ু, পানী, খনিজ পদাৰ্থ আদি।

১২। নৱীকৰণযোগ্য সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, শস্য আদি।

১৩। অনৱীকৰণযোগ্য সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য সম্পদ বোলে। উদাহৰণ— কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, সোণ, ৰূপ আদি।

১৪। ব্যক্তিগত সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ নিজ দখলত থকা সম্পদক ব্যক্তিগত সম্পদ বোলে। উদাহৰণ— ভূমি, সম্পত্তি, শিক্ষা, কৰ্মদক্ষতা, ভাল চৰিত্ৰ আদি।

১৫। জাতীয় সম্পদ কাক বোলে?

উত্তৰঃ দেশৰ তত্ত্বাবধানত থকা সম্পদক জাতীয় সম্পদ বোলে। উদাহৰণ— ৰাস্তা-ঘাট, নদী, বান্ধ, শিক্ষানুষ্ঠান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদি।

১৬। আন্তৰ্জাতিক সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ সকলো দেশৰ অধীনত থাকে আৰু কোনো এখন নিৰ্দিষ্ট দেশৰ মালিকীস্বত্ব নাথাকে, তেনে সম্পদক আন্তৰ্জাতিক সম্পদ বোলে। উদাহৰণ— মহাসাগৰ, বায়ুমণ্ডল আদি।

১৭। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়?

উত্তৰঃ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে।

১৮। IUCN ৰ সম্পূৰ্ণ ৰূপ কি? ই কেতিয়া গঠিত হৈছিল?

উত্তৰঃ IUCN ৰ সম্পূৰ্ণ ৰূপ হ’ল— International Union for Conservation of Nature (আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ)। ই ১৯৪৮ চনত গঠিত হৈছিল।

১৯। সম্পত্তি কাক বোলে?

উত্তৰঃ যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয়।

২০। স্থানিক সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ কিছুমান বিশেষ স্থানতহে পোৱা যায় তেনে সম্পদক স্থানিক সম্পদ বোলে।

২১। চিৰবিৰাজমান সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ তেনে সম্পদক চিৰবিৰাজমান সম্পদ বোলে। উদাহৰণ— বায়ু, সূৰ্যৰ ৰশ্মি আদি।

২২। প্ৰাথমিক বৃত্তি কাক বোলে?

উত্তৰঃ যিবোৰ মানৱ কাৰ্যকলাপৰ জৰিয়তে মানুহে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সম্পদ আহৰণ কৰে, তাক প্ৰাথমিক বৃত্তি বোলে। উদাহৰণ— কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ আদি।

২৩। লো অনৱীকৰণযোগ্য সম্পদ হয়নে?

উত্তৰঃ হয়, লো এবিধ অনৱীকৰণযোগ্য সম্পদ কাৰণ ই এবিধ খনিজ পদাৰ্থ যিটো ব্যৱহাৰৰ পিছত পুনঃসৃষ্টি কৰিব নোৱাৰি।

২৪। অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় উদ্ভিদৰ নাম লিখা।

উত্তৰঃ কালমেঘ, চিৰতা, জাইফল, সৰ্পগন্ধা, ছালমুগৰা, শতমূল, শুকলতি।

২৫। অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা।

উত্তৰঃ নল গাহৰি, দেও হাঁহ, ধনেশ পক্ষী, শিহু, বৰটোকোলা, সোণালী বান্দৰ, হলৌ বান্দৰ।


চমু উত্তৰৰ প্ৰশ্ন

১। অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি?

উত্তৰঃ অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হ’ল মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু সম্পদৰ প্ৰাচুৰ্যতা, ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰ। ই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰে। পৰম্পৰাগত অৰ্থনৈতিক ভূগোলত অৰ্থনৈতিক কাৰ্যৰ অৱস্থান, বৈশিষ্ট্য আৰু সংযোগ অধ্যয়ন কৰা হয়, আনহাতে আধুনিক অৰ্থনৈতিক ভূগোলত কাৰ্য অনুষ্ঠিত হোৱাৰ কাৰণ আৰু অন্যান্য অঞ্চলত ইয়াৰ সম্ভাৱ্যতা বিশ্লেষণ কৰা হয়।

২। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? চাৰিটা ভাগত বুজাই লিখা।

উত্তৰঃ মানুহে জীৱন নিৰ্বাহৰ বাবে কৰা অৰ্থনৈতিক কাৰ্যকলাপক অৰ্থনৈতিক বৃত্তি বোলে। ইয়াক চাৰি ভাগত ভাগ কৰা হয়—

(ক) প্ৰাথমিক বৃত্তি— যিবোৰ কাৰ্যকলাপৰ জৰিয়তে মানুহে প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সম্পদ আহৰণ কৰে। উদাহৰণ— কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ।

(খ) দ্বিতীয়ক বৃত্তি— যিবোৰ কাৰ্যকলাপত প্ৰাথমিক বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰা হয়। উদাহৰণ— শিল্পোৎপাদন প্ৰক্ৰিয়া, নিৰ্মাণ কাৰ্য, গুড় উৎপাদন।

(গ) তৃতীয়ক বৃত্তি— যিবোৰ কাৰ্যকলাপৰ জৰিয়তে প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডত উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়। উদাহৰণ— পৰিবহণ, বেপাৰ-বাণিজ্য, পৰ্যটন।

(ঘ) চতুৰ্থক বৃত্তি— যিবোৰ কাৰ্যকলাপে আন তিনিটা বৃত্তিক সহায় কৰে। উদাহৰণ— শিক্ষা, গৱেষণা, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, প্ৰশাসন।

৩। সম্পদৰ শ্ৰেণীবিভাজন কৰা।

উত্তৰঃ সম্পদসমূহক বিভিন্ন ভিত্তিত শ্ৰেণীবিভাজন কৰিব পাৰি—

(ক) সৃষ্টি অনুসৰি— প্ৰাকৃতিক সম্পদ (বায়ু, পানী, মাটি), মানৱ সৃষ্ট সম্পদ (প্ৰযুক্তি, ঘৰ, ৰাস্তা) আৰু মানৱ সম্পদ (দক্ষ জনশক্তি)।

(খ) প্ৰকৃতি অনুসৰি— জীৱীয় সম্পদ (উদ্ভিদ, প্ৰাণী, শস্য) আৰু অজীৱীয় সম্পদ (মাটি, শিল, খনিজ পদাৰ্থ)।

(গ) উপলব্ধতা অনুসৰি— নৱীকৰণযোগ্য সম্পদ (সূৰ্যৰ ৰশ্মি, বায়ু, পানী, বন) আৰু অনৱীকৰণযোগ্য সম্পদ (কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ)।

(ঘ) মালিকীস্বত্ব অনুসৰি— ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ।

৪। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ’ল—

  • অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্ৰাস পায় আৰু পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়।
  • জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্ৰয়োজন।
  • বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ নিৰাপত্তাৰ বাবে সংৰক্ষণ আৱশ্যক।
  • অনৱীকৰণযোগ্য সম্পদসমূহ সীমিত, গতিকে ইয়াৰ সংৰক্ষণ জৰুৰী।
  • প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজন।
  • বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ সংৰক্ষণ আৱশ্যক।

৫। সম্পদ সংৰক্ষণৰ উপায়সমূহ কি কি?

উত্তৰঃ সম্পদ সংৰক্ষণৰ প্ৰধান উপায়সমূহ হ’ল—

  • জনসংখ্যা নিয়ন্ত্ৰণ।
  • সামগ্ৰিক পৰিকল্পনা প্ৰণয়ন।
  • সংৰক্ষণ আইন কাৰ্যকৰীকৰণ।
  • জৈৱিক ভাৰসাম্য বজাই ৰখা।
  • অপৰম্পৰাগত শক্তিৰ সৰ্বাধিক ব্যৱহাৰ।
  • বিকল্প সম্পদৰ সন্ধান আৰু উন্নয়ন।
  • পুনৰাৱৰ্তন (পুৰণি পণ্যৰ পুনৰ ব্যৱহাৰ)।
  • শিক্ষা আৰু সচেতনতা বৃদ্ধি।

৬। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে সম্পদৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে?

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে সম্পদৰ ওপৰত তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলাইছে— (ক) নতুন নতুন সম্পদৰ আৱিষ্কাৰ সম্ভৱ হৈছে। (খ) আগতে নিষ্ক্ৰিয় বুলি ভবা সামগ্ৰীবোৰ সম্পদলৈ পৰিৱৰ্তন হৈছে। (গ) সম্পদৰ সঠিক আৰু কাৰ্যকৰী ব্যৱহাৰ সম্ভৱ হৈছে। (ঘ) অনৱীকৰণযোগ্য সম্পদৰ বিকল্প শক্তিৰ উৎস উদ্ভাৱন হৈছে।


ৰচনাধৰ্মী প্ৰশ্ন (দীঘল উত্তৰ)

১। অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু আৰু পৰিসৰ সম্পৰ্কে বহলাই লিখা।

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা। জৰ্জ ছিজহ’মক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়।

অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হ’ল মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু সম্পদৰ প্ৰাচুৰ্যতা, ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰ। ই পৃথিৱীৰ বিভিন্ন অঞ্চলত মানুহৰ উৎপাদনমুখী কাৰ্যকলাপ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে।

অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অতি বহল। পৰম্পৰাগত অৰ্থনৈতিক ভূগোলত পাঁচটা মূল বিষয় অধ্যয়ন কৰা হয়— (ক) অৰ্থনৈতিক কাৰ্যৰ অৱস্থান, (খ) ইয়াৰ বৈশিষ্ট্য, (গ) অন্যান্য পৰিঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক, (ঘ) নিৰ্দিষ্ট স্থানত অনুষ্ঠিত হোৱাৰ কাৰণ, আৰু (ঙ) বিকল্প স্থানত ইয়াৰ সম্ভাৱ্যতা। আধুনিক অৰ্থনৈতিক ভূগোলত শেষৰ দুটা বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।

অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হ’ল— (ক) কৃষি ভূগোল— কৃষিকাৰ্য, শস্যৰ উৎপাদন আৰু ইয়াৰ আনুষংগিক তত্ত্বৰ বিষয়ে অধ্যয়ন কৰে; (খ) ঔদ্যোগিক ভূগোল— ঔদ্যোগিক উৎপাদন আৰু ইয়াৰ বিতৰণ অধ্যয়ন কৰে; (গ) সম্পদ ভূগোল— প্ৰাকৃতিক সম্পদৰ বিতৰণ আৰু ব্যৱহাৰ অধ্যয়ন কৰে; (ঘ) পৰিবহণ ভূগোল— যাতায়াত আৰু পৰিবহণ ব্যৱস্থা অধ্যয়ন কৰে; (ঙ) বজাৰ ভূগোল— বজাৰ ব্যৱস্থা আৰু বাণিজ্যিক কাৰ্য অধ্যয়ন কৰে; (চ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল; আৰু (ছ) পৰ্যটন ভূগোল।

২। সম্পদ কাক বোলে? সম্পদৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি সম্পদৰ শ্ৰেণীবিভাজন বহলাই আলোচনা কৰা।

উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল সম্পদ।

সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা— (ক) উপকাৰিতা— সম্পদে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগিব; (খ) কাৰ্যকাৰিতা— সম্পদ ব্যৱহাৰযোগ্য হ’ব লাগিব; আৰু (গ) পৰিৱৰ্তনশীল ধৰ্ম— সম্পদ সময়ৰ লগে লগে পৰিৱৰ্তন হয়, নতুন সম্পদৰ আৱিষ্কাৰ হয়।

সম্পদৰ শ্ৰেণীবিভাজন তলত দিয়া হ’ল—

(ক) সৃষ্টি অনুসৰি— (i) প্ৰাকৃতিক সম্পদ: যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে। উদাহৰণ— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, খনিজ পদাৰ্থ। (ii) মানৱ সৃষ্ট সম্পদ: মানুহৰ প্ৰচেষ্টাত উৎপাদিত সামগ্ৰী। উদাহৰণ— কাগজ, কাপোৰ, ঔষধ, প্লাষ্টিক। (iii) মানৱ সম্পদ: দক্ষ, শিক্ষিত আৰু প্ৰযুক্তিবিদ্যাত পাৰদৰ্শী জনসংখ্যা।

(খ) প্ৰকৃতি অনুসৰি— (i) জীৱীয় সম্পদ: যিবোৰ সম্পদত জীৱ থাকে। উদাহৰণ— উদ্ভিদ, প্ৰাণী, শস্য, মাছ। (ii) অজীৱীয় সম্পদ: যিবোৰ সম্পদত জীৱ নাই। উদাহৰণ— মাটি, শিল, বায়ু, পানী, খনিজ পদাৰ্থ।

(গ) উপলব্ধতা অনুসৰি— (i) নৱীকৰণযোগ্য সম্পদ: ব্যৱহাৰৰ পিছত পুনঃসৃষ্টি হ’ব পৰা সম্পদ। উদাহৰণ— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, বন, জীৱ-জন্তু। (ii) অনৱীকৰণযোগ্য সম্পদ: ব্যৱহাৰৰ পিছত পুনঃসৃষ্টি কৰিব নোৱাৰা সম্পদ। উদাহৰণ— কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, তাম, সোণ, ৰূপ, লো।

(ঘ) মালিকীস্বত্ব অনুসৰি— (i) ব্যক্তিগত সম্পদ: মানুহৰ নিজ দখলত থকা সম্পদ। (ii) জাতীয় সম্পদ: দেশৰ তত্ত্বাবধানত থকা সম্পদ। (iii) আন্তৰ্জাতিক সম্পদ: সকলো দেশৰ অধীনত থকা সম্পদ।

৩। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু উপায়সমূহ বহলাই আলোচনা কৰা।

উত্তৰঃ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। প্ৰকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ নকৰাকৈ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকাক সম্পদ সংৰক্ষণ বোলা হয়।

সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা— (ক) অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি হ্ৰাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। (খ) জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সম্পদ সংৰক্ষণ প্ৰয়োজন। (গ) সমগ্ৰ বিশ্বত থকা আপুৰুগীয়া সম্পদ, মূল্যৱান উদ্ভিদ, বিলুপ্তপ্ৰায় প্ৰাণী আদিবোৰৰ নিৰাপত্তাৰ বাবে সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ প্ৰয়োজন। (ঘ) অনৱীকৰণযোগ্য সম্পদসমূহ সীমিত, গতিকে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াৰ সংৰক্ষণ জৰুৰী। (ঙ) প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ সংৰক্ষণ আৱশ্যক।

সম্পদ সংৰক্ষণৰ উপায়সমূহ— (ক) জনসংখ্যা নিয়ন্ত্ৰণ; (খ) সামগ্ৰিক পৰিকল্পনা প্ৰণয়ন; (গ) সংৰক্ষণ আইন কাৰ্যকৰীকৰণ; (ঘ) জৈৱিক ভাৰসাম্য বজাই ৰখা; (ঙ) অপৰম্পৰাগত শক্তিৰ সৰ্বাধিক ব্যৱহাৰ; (চ) বিকল্প শক্তিৰ উৎস উদ্ভাৱন আৰু উন্নয়ন; (ছ) পুনৰাৱৰ্তন (পুৰণি পণ্যৰ পুনৰ ব্যৱহাৰ); (জ) অভিযোজন (জৈৱ সাৰ ব্যৱহাৰ); (ঝ) বৰ্জিত দ্ৰব্য হ্ৰাস কৰা; (ঞ) শিক্ষা আৰু সচেতনতা বৃদ্ধি।

৪। IUCN সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ IUCN ৰ সম্পূৰ্ণ ৰূপ হ’ল International Union for Conservation of Nature অৰ্থাৎ আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ। ১৯৪৮ চনত জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত এই সংস্থাটো প্ৰতিষ্ঠিত হৈছিল। ই UNESCO ৰ অন্তৰ্গত এটা আন্তৰ্জাতিক সংস্থা। IUCN ৰ মূল উদ্দেশ্য হ’ল প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ। ই বিভিন্ন দেশৰ চৰকাৰ আৰু অংশীদাৰসকলক তথ্য প্ৰদান কৰে আৰু প্ৰকৃতি সংৰক্ষণ নীতি ৰূপায়ণত সহায় কৰে। IUCN-এ বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ ৰঙা তালিকা (Red List) প্ৰকাশ কৰে।


খালী ঠাই পূৰণ কৰা

১। অৰ্থনৈতিক ভূগোল _____ ভূগোলৰ এটা প্ৰধান শাখা।

উত্তৰঃ মানৱ।

২। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ’ল _____।

উত্তৰঃ জৰ্জ ছিজহ’ম (George Chisholm)।

৩। মানুহৰ অৰ্থনৈতিক বৃত্তি _____ প্ৰকাৰৰ।

উত্তৰঃ চাৰি।

৪। কৃষিকাৰ্য এটা _____ বৃত্তি।

উত্তৰঃ প্ৰাথমিক।

৫। শিল্পোৎপাদন প্ৰক্ৰিয়া এটা _____ বৃত্তি।

উত্তৰঃ দ্বিতীয়ক।

৬। পৰিবহণ আৰু বেপাৰ-বাণিজ্য _____ বৃত্তিৰ অন্তৰ্ভুক্ত।

উত্তৰঃ তৃতীয়ক।

৭। শিক্ষা আৰু গৱেষণা _____ বৃত্তিৰ অন্তৰ্ভুক্ত।

উত্তৰঃ চতুৰ্থক।

৮। সম্পদৰ প্ৰধান বৈশিষ্ট্য _____ টা।

উত্তৰঃ তিনি।

৯। কয়লা এবিধ _____ সম্পদ।

উত্তৰঃ অনৱীকৰণযোগ্য।

১০। সূৰ্যৰ ৰশ্মি এবিধ _____ সম্পদ।

উত্তৰঃ নৱীকৰণযোগ্য।

১১। জলসিঞ্চন নলা এবিধ _____ সম্পদ।

উত্তৰঃ মানৱ সৃষ্ট।

১২। বায়ু এবিধ _____ সম্পদ।

উত্তৰঃ অজীৱীয়।

১৩। IUCN _____ চনত গঠিত হৈছিল।

উত্তৰঃ ১৯৪৮।

১৪। বিশ্ব পৰিৱেশ দিৱস _____ তাৰিখে পালন কৰা হয়।

উত্তৰঃ ৫ জুন।

১৫। যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক _____ বোলে।

উত্তৰঃ সম্পত্তি।

১৬। _____ ৰ ভিত্তিত সম্পদসমূহক ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদত ভাগ কৰা হয়।

উত্তৰঃ মালিকীস্বত্ব।

১৭। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা _____ চনত গঠন কৰা হৈছিল।

উত্তৰঃ ১৯৮৬।

১৮। লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো _____ বৃত্তিৰ উদাহৰণ।

উত্তৰঃ দ্বিতীয়ক।

১৯। পেলনীয়া দ্ৰব্যসমূহৰ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্ৰয়োজনটো হৈছে _____।

উত্তৰঃ উৎসতে বৰ্জিত পদাৰ্থসমূহৰ পৃথকীকৰণ।

২০। _____ হৈছে অৰ্থনৈতিক ভূগোলৰ এটা শাখা য’ত কৃষিকাৰ্য আৰু শস্য উৎপাদনৰ বিষয়ে অধ্যয়ন কৰা হয়।

উত্তৰঃ কৃষি ভূগোল।


শুদ্ধ নে অশুদ্ধ লিখা (সত্য/অসত্য)

১। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা।

উত্তৰঃ শুদ্ধ।

২। কৃষিকাৰ্য এটা দ্বিতীয়ক বৃত্তি।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— কৃষিকাৰ্য এটা প্ৰাথমিক বৃত্তি।)

৩। চেনী উদ্যোগৰ কৰ্মী দ্বিতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত।

উত্তৰঃ শুদ্ধ।

৪। জলসিঞ্চন নলা এবিধ প্ৰাকৃতিক সম্পদ।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— জলসিঞ্চন নলা এবিধ মানৱ সৃষ্ট সম্পদ।)

৫। সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা।

উত্তৰঃ শুদ্ধ।

৬। কয়লা এবিধ নৱীকৰণযোগ্য সম্পদ।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— কয়লা এবিধ অনৱীকৰণযোগ্য সম্পদ।)

৭। সূৰ্যৰ ৰশ্মি এবিধ অনৱীকৰণযোগ্য সম্পদ।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— সূৰ্যৰ ৰশ্মি এবিধ নৱীকৰণযোগ্য সম্পদ।)

৮। IUCN ১৯৪৮ চনত গঠিত হৈছিল।

উত্তৰঃ শুদ্ধ।

৯। বেংক ব্যৱস্থা প্ৰাথমিক বৃত্তিৰ অন্তৰ্ভুক্ত।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— বেংক ব্যৱস্থা তৃতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত।)

১০। উদ্ভিদ এবিধ জীৱীয় সম্পদ।

উত্তৰঃ শুদ্ধ।

১১। সৌৰশক্তি এবিধ মানৱ সৃষ্ট সম্পদ।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ— সৌৰশক্তি এবিধ প্ৰাকৃতিক সম্পদ।)

১২। মহাসাগৰ আন্তৰ্জাতিক সম্পদৰ উদাহৰণ।

উত্তৰঃ শুদ্ধ।


পাৰ্থক্য লিখা

১। সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য লিখা।

সম্পদসম্পত্তি
সম্পদৰ বিনিময় মূল্য নাথাকিবও পাৰে।সম্পত্তিৰ বিনিময় মূল্য থাকে।
সম্পদে মানুহৰ প্ৰয়োজন পূৰণ কৰে।সম্পত্তি বিনিময় বা ক্ৰয়-বিক্ৰয় কৰিব পাৰি।
বায়ু, সূৰ্যৰ ৰশ্মি আদি সম্পদ কিন্তু সম্পত্তি নহয়।ভূমি, যন্ত্ৰপাতি, কোম্পানীৰ অংশ আদি সম্পত্তি।
সকলো সম্পত্তি সম্পদ।সকলো সম্পদ সম্পত্তি নহয়।

২। জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত পাৰ্থক্য লিখা।

জীৱীয় সম্পদঅজীৱীয় সম্পদ
যিবোৰ সম্পদত জীৱ থাকে।যিবোৰ সম্পদত জীৱ নাই।
উদাহৰণ— উদ্ভিদ, প্ৰাণী, শস্য, মাছ।উদাহৰণ— মাটি, শিল, বায়ু, পানী, খনিজ পদাৰ্থ।
এইবোৰ সাধাৰণতে নৱীকৰণযোগ্য।এইবোৰ নৱীকৰণযোগ্য বা অনৱীকৰণযোগ্য দুয়োটাই হ’ব পাৰে।
জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়।ভূ-তাত্ত্বিক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

৩। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য লিখা।

নৱীকৰণযোগ্য সম্পদঅনৱীকৰণযোগ্য সম্পদ
ব্যৱহাৰৰ পিছত পুনঃসৃষ্টি হ’ব পাৰে।ব্যৱহাৰৰ পিছত পুনঃসৃষ্টি কৰিব নোৱাৰি।
একেবাৰে নিঃশেষ হৈ নাযায়।ব্যৱহাৰৰ ফলত একেবাৰে নিঃশেষ হৈ যায়।
উদাহৰণ— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, বন।উদাহৰণ— কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, সোণ, লো।
সংৰক্ষণৰ প্ৰয়োজনীয়তা তুলনামূলকভাৱে কম।সংৰক্ষণৰ প্ৰয়োজনীয়তা অত্যন্ত বেছি।

৪। প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদৰ মাজত পাৰ্থক্য লিখা।

প্ৰাকৃতিক সম্পদমানৱ সৃষ্ট সম্পদ
প্ৰকৃতিৰ দ্বাৰা সৃষ্ট সম্পদ।মানুহৰ প্ৰচেষ্টা আৰু প্ৰযুক্তিৰ সহায়ত সৃষ্ট সম্পদ।
উদাহৰণ— বায়ু, পানী, মাটি, সূৰ্যৰ ৰশ্মি, খনিজ পদাৰ্থ।উদাহৰণ— কাগজ, কাপোৰ, ঔষধ, প্লাষ্টিক, ৰবৰ।
মানুহৰ হস্তক্ষেপ অবিহনে পোৱা যায়।মানুহৰ হস্তক্ষেপ অবিহনে পোৱা নাযায়।
প্ৰকৃতিত বিয়পি থাকে।নিৰ্দিষ্ট স্থানত উৎপাদিত হয়।

৫। প্ৰাথমিক বৃত্তি আৰু দ্বিতীয়ক বৃত্তিৰ মাজত পাৰ্থক্য লিখা।

প্ৰাথমিক বৃত্তিদ্বিতীয়ক বৃত্তি
প্ৰকৃতিৰ পৰা পোনপটীয়াকৈ সম্পদ আহৰণ কৰা হয়।প্ৰাথমিক খণ্ডত আহৰণ কৰা সম্পদ প্ৰক্ৰিয়াকৰণ কৰা হয়।
উদাহৰণ— কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ।উদাহৰণ— শিল্পোৎপাদন, নিৰ্মাণ কাৰ্য।
কেঁচা সামগ্ৰী উৎপাদন কৰে।কেঁচা সামগ্ৰীক সম্পূৰ্ণ পণ্যলৈ ৰূপান্তৰ কৰে।
প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।প্ৰযুক্তি আৰু যন্ত্ৰপাতিৰ ওপৰত নিৰ্ভৰশীল।

৬। জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদৰ মাজত পাৰ্থক্য লিখা।

জাতীয় সম্পদআন্তৰ্জাতিক সম্পদ
এখন নিৰ্দিষ্ট দেশৰ তত্ত্বাবধানত থকা সম্পদ।সকলো দেশৰ অধীনত থকা সম্পদ।
দেশৰ চৰকাৰে নিয়ন্ত্ৰণ কৰে।আন্তৰ্জাতিক চুক্তি আৰু সংস্থাই নিয়ন্ত্ৰণ কৰে।
উদাহৰণ— ৰাস্তা-ঘাট, নদী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।উদাহৰণ— মহাসাগৰ, বায়ুমণ্ডল।
নিৰ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত থাকে।কোনো এখন দেশৰ ভৌগোলিক সীমাৰ ভিতৰত সীমাবদ্ধ নহয়।

Leave a Comment