HSLC Guru

Class 10 Science Chapter 3 Question Answer | ধাতু আৰু অধাতু

সাৰাংশ: দশম শ্ৰেণীৰ বিজ্ঞানৰ তৃতীয় অধ্যায় “ধাতু আৰু অধাতু”ত ধাতু আৰু অধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ বিতংকৈ আলোচনা কৰা হৈছে। ধাতুৰ ঘাত সহনীয়তা, নমনীয়তা, তাপ আৰু বিদ্যুৎ পৰিবাহিতা, ধাতৱ দ্যুতি আদি ভৌতিক ধৰ্ম আৰু অক্সিজেন, পানী, এছিড আৰু লৱণ দ্ৰৱণৰ সৈতে ধাতুৰ বিক্ৰিয়া আদি ৰাসায়নিক ধৰ্মসমূহ এই অধ্যায়ত সামৰি লোৱা হৈছে।

ইয়াৰ উপৰিও ধাতুৰ সক্ৰিয়তা শ্ৰেণী, আয়নীয় বান্ধনি আৰু আয়নীয় যৌগৰ ধৰ্ম, ধাতু নিষ্কাশন প্ৰক্ৰিয়া, সংক্ষাৰণ আৰু ইয়াৰ প্ৰতিৰোধ, সংকৰ ধাতু আদি বিষয়সমূহো এই অধ্যায়ত আলোচনা কৰা হৈছে। খনিজ পদাৰ্থ, আকৰ, খনিজ মল আদিৰ সংজ্ঞা আৰু ধাতু নিষ্কাশনৰ বিভিন্ন পদ্ধতি যেনে— তাপীয় বিজাৰণ, বিদ্যুৎ বিশ্লেষণ আদিও ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

Summary: Chapter 3 of Class 10 Science, “Metals and Non-metals,” discusses the physical and chemical properties of metals and non-metals in detail. Physical properties such as malleability, ductility, thermal and electrical conductivity, metallic lustre, and chemical properties like reactions of metals with oxygen, water, acids, and salt solutions are covered. The chapter also explains the reactivity series, ionic bonding, properties of ionic compounds, extraction of metals from ores, corrosion and its prevention, and alloys. Important concepts like minerals, ores, gangue, and various methods of metal extraction such as thermal reduction and electrolysis are also included.


অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)

১। ধাতৱ দ্যুতি কি?

উত্তৰঃ ধাতুৰ পৃষ্ঠত থকা এক বিশেষ চিকমিকনি বা উজ্জ্বলতাকে ধাতৱ দ্যুতি বোলে।

২। ঘাত সহনীয়তা কি?

উত্তৰঃ হাতুৰীৰে মৰিয়াই ধাতুক পাতল চেপেটা পাতলৈ পৰিণত কৰিব পৰা গুণটোক ঘাত সহনীয়তা বোলে।

৩। নমনীয়তা কি?

উত্তৰঃ ধাতুক টানি দীঘল সূক্ষ্ম তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণটোক নমনীয়তা বোলে।

৪। আটাইতকৈ ঘাত সহনশীল ধাতু দুটাৰ নাম লিখা।

উত্তৰঃ সোণ আৰু ৰূপ হৈছে আটাইতকৈ ঘাত সহনশীল ধাতু।

৫। তাপৰ সুপৰিবাহী ধাতু দুটাৰ নাম লিখা।

উত্তৰঃ ৰূপ আৰু তাম হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু।

৬। তাপৰ কুপৰিবাহী ধাতু দুটাৰ নাম লিখা।

উত্তৰঃ সীহ আৰু পাৰা হৈছে তাপৰ কুপৰিবাহী ধাতু।

৭। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা।

উত্তৰঃ পাৰা (Hg) হৈছে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা একমাত্ৰ ধাতু।

৮। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা অধাতু এটাৰ নাম লিখা।

উত্তৰঃ ব্ৰ’মিন (Br) হৈছে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা একমাত্ৰ অধাতু।

৯। কটাৰীৰে কাটিব পৰা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ ছ’ডিয়াম (Na) আৰু পটাছিয়াম (K) ইমান কোমল যে কটাৰীৰে সহজে কাটিব পাৰি।

১০। ধাতুৰ নিনাদী গুণ বুলিলে কি বুজা?

উত্তৰঃ কঠিন পৃষ্ঠত আঘাত কৰিলে ধাতুৱে যি বিশেষ ধৰণৰ শব্দ সৃষ্টি কৰে, সেই গুণটোক ধাতুৰ নিনাদী গুণ বোলে।

১১। দ্যুতি থকা এটা অধাতুৰ নাম লিখা।

উত্তৰঃ আয়’ডিন হৈছে দ্যুতি থকা একমাত্ৰ অধাতু।

১২। খনিজ পদাৰ্থ কাক বোলে?

উত্তৰঃ পৃথিৱীৰ খোলাত (ভূত্বকত) প্ৰাকৃতিকভাৱে পোৱা মৌল বা যৌগসমূহক খনিজ পদাৰ্থ বোলে।

১৩। আকৰ কাক বোলে?

উত্তৰঃ যিবোৰ খনিজ পদাৰ্থৰ পৰা লাভজনক আৰু সাশ্ৰয়ী উপায়েৰে ধাতু নিষ্কাশন কৰিব পাৰি, তাক আকৰ বোলে।

১৪। খনিজ মল (gangue) কাক বোলে?

উত্তৰঃ আকৰত থকা মাটি, বালি আৰু অন্যান্য অশুদ্ধিক খনিজ মল বা গেংগ (gangue) বোলে।

১৫। উভধৰ্মী অক্সাইড কাক বোলে?

উত্তৰঃ যিবোৰ ধাতৱ অক্সাইডে এছিড আৰু ক্ষাৰক দুয়োটাৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, তাক উভধৰ্মী অক্সাইড বোলে। উদাহৰণ— Al₂O₃, ZnO।

১৬। সংকৰ ধাতু কি?

উত্তৰঃ দুটা বা তাতকৈ অধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ত্ব মিশ্ৰণক সংকৰ ধাতু বোলে।

১৭। একুৱা ৰেজিয়া কি?

উত্তৰঃ একুৱা ৰেজিয়া হৈছে গাঢ় হাইড্ৰ’ক্ল’ৰিক এছিড আৰু গাঢ় নাইট্ৰিক এছিডৰ 3:1 অনুপাতৰ সতেজ মিশ্ৰণ। ই সোণকো দ্ৰৱীভূত কৰিব পাৰে।

১৮। সংক্ষাৰণ কি?

উত্তৰঃ ধাতুৰ পৃষ্ঠভাগ বায়ু, জলীয় বাষ্প আদিৰ সৈতে বিক্ৰিয়া কৰি লাহে লাহে ক্ষয় যোৱা প্ৰক্ৰিয়াক সংক্ষাৰণ বোলে।

১৯। প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

উত্তৰঃ সোণ (Au) আৰু প্লেটিনাম (Pt) প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়।

২০। দস্তালেপন (galvanization) কি?

উত্তৰঃ লোৰ পৃষ্ঠত দস্তাৰ (জিংক) প্ৰলেপ দিয়া প্ৰক্ৰিয়াক দস্তালেপন বোলে। ই লোক মামৰে ধৰাৰ পৰা ৰক্ষা কৰে।

২১। আয়নীয় যৌগ কাক বোলে?

উত্তৰঃ ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰনৰ স্থানান্তৰণৰ দ্বাৰা গঠিত যৌগসমূহক আয়নীয় যৌগ বোলে।

২২। এন’ড মল (anode mud) কি?

উত্তৰঃ ধাতু পৰিশোধনৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াত এন’ডৰ তলত জমা হোৱা অদ্ৰৱণীয় অশুদ্ধিবোৰক এন’ড মল বোলে।


চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)

১। ছ’ডিয়াম ধাতু কেৰাচিন তেলত ডুবাই কিয় ৰখা হয়?

উত্তৰঃ ছ’ডিয়াম এবিধ অতি সক্ৰিয় ধাতু। ই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰে আৰু জুই জ্বলি উঠে। সেয়ে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয়। কেৰাচিন তেলে ছ’ডিয়ামক বায়ু আৰু আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰে।

২। ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰঃ ঘাত সহনীয়তা: হাতুৰীৰে মৰিয়াই ধাতুক পাতল পাতলৈ পৰিণত কৰিব পৰা গুণক ঘাত সহনীয়তা বোলে। সোণ আৰু ৰূপ সৰ্বাধিক ঘাত সহনশীল ধাতু।
নমনীয়তা: ধাতুক টানি দীঘল সূক্ষ্ম তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণক নমনীয়তা বোলে। সোণ হৈছে আটাইতকৈ নমনীয় ধাতু।

৩। লোহাক জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰালে কি হয়? সমীকৰণসহ লিখা।

উত্তৰঃ লোহাই উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰি আইৰন (II, III) অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
3Fe(s) + 4H₂O(g) → Fe₃O₄(s) + 4H₂(g)

৪। কেলছিয়ামে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে? সমীকৰণ লিখা।

উত্তৰঃ কেলছিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই বিক্ৰিয়া ছ’ডিয়ামৰ তুলনাত কম তীব্ৰ।
Ca(s) + 2H₂O(l) → Ca(OH)₂(aq) + H₂(g)

৫। ছ’ডিয়ামে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে? সমীকৰণ লিখা।

উত্তৰঃ ছ’ডিয়ামে ঠাণ্ডা পানীৰ সৈতে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰি ছ’ডিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই বিক্ৰিয়া ইমান তীব্ৰ যে উৎপন্ন হোৱা হাইড্ৰ’জেন গেছত জুই লাগে।
2Na(s) + 2H₂O(l) → 2NaOH(aq) + H₂(g)

৬। কপাৰ ছালফেট দ্ৰৱণত লোহাৰ এটুকুৰা ডুবাই ৰাখিলে কি হয়? সমীকৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ কপাৰ ছালফেট দ্ৰৱণত লোহা ডুবাই ৰাখিলে দ্ৰৱণৰ নীলা ৰং লাহে লাহে নোহোৱা হয় আৰু লোহাৰ টুকুৰাত ৰঙচুৱা-মুগা বৰণৰ তামৰ প্ৰলেপ পৰে। কাৰণ লোহা তামতকৈ অধিক সক্ৰিয় আৰু ই তামক অপসাৰণ কৰে।
Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)

৭। জিংক ধাতুৰ টুকুৰা আইৰন ছালফেট দ্ৰৱণত যোগ কৰিলে কি হয়? সমীকৰণ লিখা।

উত্তৰঃ জিংক আইৰনতকৈ অধিক সক্ৰিয় ধাতু হোৱা বাবে ই আইৰন ছালফেট দ্ৰৱণৰ পৰা আইৰনক অপসাৰণ কৰে।
Zn(s) + FeSO₄(aq) → ZnSO₄(aq) + Fe(s)

৮। এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰিব পৰা আৰু অপসাৰণ কৰিব নোৱাৰা ধাতুৰ নাম লিখা।

উত্তৰঃ এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰিব পৰা ধাতু: জিংক (Zn), আইৰন (Fe), মেগনেছিয়াম (Mg), এলুমিনিয়াম (Al)।
এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰিব নোৱাৰা ধাতু: কপাৰ (Cu), ছিলভাৰ (Ag), সোণ (Au)।

৯। মেগনেছিয়ামক বায়ুত দহন কৰিলে কি হয়? সমীকৰণ লিখা।

উত্তৰঃ মেগনেছিয়ামক বায়ুত দহন কৰিলে উজ্জ্বল বগা পোহৰেৰে জ্বলি মেগনেছিয়াম অক্সাইড (বগা পাউদাৰ) উৎপন্ন কৰে।
2Mg(s) + O₂(g) → 2MgO(s)

১০। লোৰ মামৰে ধৰা ৰোধ কৰিবলৈ কি কি উপায় অৱলম্বন কৰিব পাৰি?

উত্তৰঃ লোৰ মামৰে ধৰা ৰোধ কৰিবলৈ তলত দিয়া উপায়সমূহ অৱলম্বন কৰিব পাৰি—
(ক) ৰং কৰা (painting)
(খ) তেল বা গ্ৰীজ সানি দিয়া (oiling/greasing)
(গ) দস্তালেপন কৰা (galvanization)
(ঘ) ক্ৰ’মিয়াম বা নিকেলৰ প্ৰলেপ দিয়া (electroplating)
(ঙ) সংকৰ ধাতু প্ৰস্তুত কৰা (alloying)

১১। উভধৰ্মী অক্সাইড কি? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ যিবোৰ ধাতৱ অক্সাইডে এছিড আৰু ক্ষাৰক দুয়োটাৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবোৰক উভধৰ্মী অক্সাইড বোলে। উদাহৰণ— এলুমিনিয়াম অক্সাইড (Al₂O₃) আৰু জিংক অক্সাইড (ZnO)।
Al₂O₃ + 6HCl → 2AlCl₃ + 3H₂O (এছিডৰ সৈতে)
Al₂O₃ + 2NaOH → 2NaAlO₂ + H₂O (ক্ষাৰৰ সৈতে)

১২। ছালফাৰৰ অক্সিজেনৰ সৈতে বিক্ৰিয়াৰ সমীকৰণ লিখা আৰু উৎপন্ন হোৱা অক্সাইডৰ প্ৰকৃতি উল্লেখ কৰা।

উত্তৰঃ ছালফাৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে, যিটো এক আম্লিক অক্সাইড।
S(s) + O₂(g) → SO₂(g)
SO₂ পানীত দ্ৰৱীভূত হৈ ছালফিউৰাছ এছিড (H₂SO₃) উৎপন্ন কৰে।

১৩। আয়নীয় যৌগৰ গলনাংক বেছি কিয়?

উত্তৰঃ আয়নীয় যৌগত ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত প্ৰবল আন্তঃআয়নীয় আকৰ্ষণ বল থাকে। এই প্ৰবল বলক ভাঙিবলৈ বহুত বেছি পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। সেয়ে আয়নীয় যৌগৰ গলনাংক অতি বেছি।

১৪। লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে জিংকৰ বিক্ৰিয়াৰ সমীকৰণ লিখা।

উত্তৰঃ Zn(s) + 2HCl(aq) → ZnCl₂(aq) + H₂(g)
জিংকে লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি জিংক ক্ল’ৰাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

১৫। ধাতুৰ সক্ৰিয়তা শ্ৰেণী কি?

উত্তৰঃ ধাতুসমূহক সিহঁতৰ সক্ৰিয়তা বা বিক্ৰিয়াশীলতাৰ হ্ৰাসমান ক্ৰমত সজোৱা তালিকাখনক ধাতুৰ সক্ৰিয়তা শ্ৰেণী বোলে। এই শ্ৰেণীত পটাছিয়াম (K) সৰ্বাধিক সক্ৰিয় আৰু সোণ (Au) সকলোতকৈ কম সক্ৰিয়।


দীঘল উত্তৰৰ প্ৰশ্ন (Long Answer Questions)

১। ধাতুৰ ভৌতিক ধৰ্মসমূহ আলোচনা কৰা।

উত্তৰঃ ধাতুৰ প্ৰধান ভৌতিক ধৰ্মসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ধাতৱ দ্যুতি: ধাতুৰ পৃষ্ঠত এক বিশেষ চিকমিকনি বা উজ্জ্বলতা থাকে, যাক ধাতৱ দ্যুতি বোলে। সোণ, ৰূপ আদি ধাতুৰ দ্যুতি বেছি।

(খ) কঠিনতা: বেছিভাগ ধাতু কঠিন অৱস্থাত থাকে। কিন্তু ছ’ডিয়াম আৰু পটাছিয়াম ইমান কোমল যে কটাৰীৰে কাটিব পাৰি। পাৰা সাধাৰণ উষ্ণতাত জুলীয়া।

(গ) ঘাত সহনীয়তা: ধাতুক হাতুৰীৰে মৰিয়াই পাতল পাতলৈ পৰিণত কৰিব পাৰি। সোণ আৰু ৰূপ সৰ্বাধিক ঘাত সহনশীল।

(ঘ) নমনীয়তা: ধাতুক টানি দীঘল সূক্ষ্ম তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। সোণ আটাইতকৈ নমনীয় ধাতু।

(ঙ) তাপ আৰু বিদ্যুৎ পৰিবাহিতা: ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। ৰূপ আৰু তাম সৰ্বোত্তম পৰিবাহী। সীহ আৰু পাৰা কুপৰিবাহী।

(চ) নিনাদী গুণ: কঠিন পৃষ্ঠত আঘাত কৰিলে ধাতুৱে বিশেষ ধৰণৰ শব্দ উৎপন্ন কৰে।

(ছ) গলনাংক আৰু উতলাংক: বেছিভাগ ধাতুৰ গলনাংক আৰু উতলাংক বেছি। ব্যতিক্ৰম— গেলিয়াম আৰু চিজিয়ামৰ গলনাংক অতি কম।

২। ধাতুৰ ৰাসায়নিক ধৰ্মসমূহ আলোচনা কৰা।

উত্তৰঃ ধাতুৰ প্ৰধান ৰাসায়নিক ধৰ্মসমূহ তলত আলোচনা কৰা হ’ল—

(ক) অক্সিজেনৰ সৈতে বিক্ৰিয়া: ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড গঠন কৰে। এই অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয়।
4Na(s) + O₂(g) → 2Na₂O(s)
2Mg(s) + O₂(g) → 2MgO(s)
বিভিন্ন ধাতুৱে বিভিন্ন হাৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে। Na আৰু K অতি তীব্ৰভাৱে, আনহাতে Au আৰু Ag-এ বিক্ৰিয়া নকৰে।

(খ) পানীৰ সৈতে বিক্ৰিয়া:
– Na আৰু K-এ ঠাণ্ডা পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে: 2Na(s) + 2H₂O(l) → 2NaOH(aq) + H₂(g)
– Ca-এ ঠাণ্ডা পানীৰ সৈতে কম তীব্ৰভাৱে বিক্ৰিয়া কৰে: Ca(s) + 2H₂O(l) → Ca(OH)₂(aq) + H₂(g)
– Mg-এ কেৱল গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে।
– Fe-এ কেৱল উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰে: 3Fe(s) + 4H₂O(g) → Fe₃O₄(s) + 4H₂(g)
– Cu, Ag, Au আদি ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া নকৰে।

(গ) এছিডৰ সৈতে বিক্ৰিয়া: সক্ৰিয় ধাতুৱে লঘু এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)
কম সক্ৰিয় ধাতু যেনে Cu, Ag, Au আদিয়ে লঘু এছিডৰ সৈতে বিক্ৰিয়া নকৰে।

(ঘ) অন্য ধাতুৰ লৱণ দ্ৰৱণৰ সৈতে বিক্ৰিয়া: অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক ইয়াৰ লৱণ দ্ৰৱণৰ পৰা অপসাৰণ কৰে।
Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)

৩। আয়নীয় বান্ধনি কেনেকৈ গঠন হয়? NaCl-ৰ গঠন উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰনৰ স্থানান্তৰণৰ দ্বাৰা আয়নীয় বান্ধনি গঠন হয়। ধাতু পৰমাণুৱে ইলেক্ট্ৰন হেৰুৱাই ধনাত্মক আয়ন (কেটায়ন) আৰু অধাতু পৰমাণুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন (এনায়ন) গঠন কৰে।

NaCl-ৰ গঠন:
ছ’ডিয়ামৰ (Na) পৰমাণু সংখ্যা 11, ইলেক্ট্ৰন বিন্যাস: 2, 8, 1। ছ’ডিয়ামে ইয়াৰ যোজ্যতা খোলাৰ 1টা ইলেক্ট্ৰন হেৰুৱাই Na⁺ আয়ন গঠন কৰে।
Na → Na⁺ + e⁻

ক্ল’ৰিনৰ (Cl) পৰমাণু সংখ্যা 17, ইলেক্ট্ৰন বিন্যাস: 2, 8, 7। ক্ল’ৰিনে 1টা ইলেক্ট্ৰন গ্ৰহণ কৰি Cl⁻ আয়ন গঠন কৰে।
Cl + e⁻ → Cl⁻

Na⁺ আৰু Cl⁻ আয়নৰ মাজত থকা স্থিৰ বৈদ্যুতিক আকৰ্ষণ বলৰ দ্বাৰা NaCl গঠন হয়।
Na⁺ + Cl⁻ → NaCl

৪। আয়নীয় যৌগৰ ধৰ্মসমূহ আলোচনা কৰা।

উত্তৰঃ আয়নীয় যৌগৰ প্ৰধান ধৰ্মসমূহ হ’ল—

(ক) ভৌতিক অৱস্থা: আয়নীয় যৌগসমূহ কঠিন আৰু প্ৰকৃতিত কিছু ভঙ্গুৰ। চাপ প্ৰয়োগ কৰিলে ভাঙি যায়।

(খ) গলনাংক আৰু উতলাংক: আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক বহুত বেছি। কাৰণ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত থকা প্ৰবল আন্তঃআয়নীয় আকৰ্ষণ বল ভাঙিবলৈ বহু শক্তিৰ প্ৰয়োজন।

(গ) দ্ৰৱণীয়তা: আয়নীয় যৌগসমূহ সাধাৰণতে পানীত দ্ৰৱণীয় কিন্তু কেৰাচিন, পেট্ৰ’ল আদি জৈৱিক দ্ৰাৱকত অদ্ৰৱণীয়।

(ঘ) বিদ্যুৎ পৰিবাহিতা: আয়নীয় যৌগই কঠিন অৱস্থাত বিদ্যুৎ পৰিবাহন নকৰে কাৰণ আয়নবোৰ স্থিৰ অৱস্থানত থাকে। কিন্তু গলিত অৱস্থাত বা জলীয় দ্ৰৱণত আয়নবোৰ মুক্তভাৱে চলাচল কৰে, সেয়ে বিদ্যুৎ পৰিবাহন কৰে।

৫। ধাতু নিষ্কাশনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ আকৰৰ পৰা ধাতু নিষ্কাশনৰ প্ৰক্ৰিয়া তলত বৰ্ণনা কৰা হ’ল—

(ক) আকৰৰ সমৃদ্ধিকৰণ: আকৰৰ পৰা খনিজ মল (gangue) আঁতৰাই আকৰক সমৃদ্ধ কৰা হয়। এই প্ৰক্ৰিয়াত ভৌতিক পদ্ধতি যেনে হাতেৰে বাছি উলিওৱা, ধোৱা, চুম্বকীয় পৃথকীকৰণ আদি ব্যৱহাৰ কৰা হয়।

(খ) কম সক্ৰিয় ধাতুৰ নিষ্কাশন: কম সক্ৰিয় ধাতু যেনে পাৰা আৰু তাম সিহঁতৰ ছালফাইড আকৰক বায়ুত তপতাই নিষ্কাশন কৰিব পাৰি।
2HgS(s) + 3O₂(g) → 2HgO(s) + 2SO₂(g)
2HgO(s) → 2Hg(l) + O₂(g)

(গ) মধ্যমীয়া সক্ৰিয়তাৰ ধাতুৰ নিষ্কাশন: এই ধাতুসমূহ (যেনে Fe, Zn, Pb) কাৰ্বনৰ দ্বাৰা বিজাৰণ কৰি নিষ্কাশন কৰা হয়।
ZnO(s) + C(s) → Zn(s) + CO(g)
Fe₂O₃(s) + 3C(s) → 2Fe(s) + 3CO(g)

(ঘ) অতি সক্ৰিয় ধাতুৰ নিষ্কাশন: অতি সক্ৰিয় ধাতু যেনে Na, K, Ca, Al আদি বিদ্যুৎ বিশ্লেষণ (electrolysis) পদ্ধতিৰে নিষ্কাশন কৰা হয়। উদাহৰণ— NaCl-ৰ গলিত অৱস্থাত বিদ্যুৎ বিশ্লেষণ কৰিলে কেথ’ডত Na আৰু এন’ডত Cl₂ জমা হয়।

(ঙ) ধাতু পৰিশোধন: নিষ্কাশিত ধাতুক বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে পৰিশোধন কৰা হয়। অশুদ্ধ ধাতু এন’ড আৰু শুদ্ধ ধাতু কেথ’ড হিচাপে ব্যৱহাৰ কৰা হয়।

৬। সংক্ষাৰণ কি? লোৰ মামৰে ধৰা আৰু তামৰ ওপৰত সেউজীয়া প্ৰলেপ পৰা প্ৰক্ৰিয়া ব্যাখ্যা কৰা। সংক্ষাৰণ ৰোধৰ উপায় লিখা।

উত্তৰঃ ধাতুৰ পৃষ্ঠভাগ বায়ুৰ আৰ্দ্ৰতা, অক্সিজেন, এছিড আদিৰ সৈতে বিক্ৰিয়া কৰি লাহে লাহে ক্ষয় যোৱা প্ৰক্ৰিয়াক সংক্ষাৰণ বোলে।

লোৰ মামৰে ধৰা: লোহাই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰেটেড আইৰন (III) অক্সাইড (Fe₂O₃·xH₂O) গঠন কৰে, যাক মামৰ বোলে। মামৰৰ ৰং ৰঙচুৱা-মুগা।

তামৰ সেউজীয়া প্ৰলেপ: তামৰ বস্তু দীৰ্ঘদিন বায়ুত ৰাখিলে তামে বায়ুৰ আৰ্দ্ৰতা, কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ কাৰ্বনেট [CuCO₃·Cu(OH)₂] গঠন কৰে, যাৰ ফলত সেউজীয়া প্ৰলেপ পৰে।

সংক্ষাৰণ ৰোধৰ উপায়:
(ক) ৰং কৰা (painting)
(খ) তেল বা গ্ৰীজ সানি দিয়া (oiling/greasing)
(গ) দস্তালেপন কৰা (galvanization) — জিংকৰ প্ৰলেপ দিয়া
(ঘ) ক্ৰ’মিয়াম, নিকেল বা টিনৰ প্ৰলেপ দিয়া (electroplating)
(ঙ) সংকৰ ধাতু প্ৰস্তুত কৰা — যেনে ষ্টেইনলেছ ষ্টীল

৭। সংকৰ ধাতু কি? সংকৰ ধাতুৰ গুৰুত্ব আলোচনা কৰা। কেইটামান সংকৰ ধাতুৰ নাম আৰু সংযুতি লিখা।

উত্তৰঃ দুটা বা তাতকৈ অধিক ধাতু অথবা ধাতু আৰু অধাতুৰ সমসত্ত্ব মিশ্ৰণক সংকৰ ধাতু বোলে।

সংকৰ ধাতুৰ গুৰুত্ব:
(ক) সংকৰ ধাতু শুদ্ধ ধাতুতকৈ কঠিন আৰু মজবুত।
(খ) সংক্ষাৰণ প্ৰতিৰোধী।
(গ) বিদ্যুৎ পৰিবাহিতা কম (বিশেষ ব্যৱহাৰৰ বাবে উপযোগী)।
(ঘ) গলনাংক শুদ্ধ ধাতুতকৈ কম হ’ব পাৰে।

কেইটামান সংকৰ ধাতু:

সংকৰ ধাতুসংযুতি
ষ্টেইনলেছ ষ্টীললোহা (Fe), ক্ৰ’মিয়াম (Cr), নিকেল (Ni), কাৰ্বন (C)
পিতল (Brass)তাম (Cu) আৰু জিংক (Zn)
ব্ৰঞ্জ (Bronze)তাম (Cu) আৰু টিন (Sn)
ছ’ল্ডাৰ (Solder)সীহ (Pb) আৰু টিন (Sn)
ডুৰেলুমিনএলুমিনিয়াম (Al), তাম (Cu), মেগনেছিয়াম (Mg), মেংগানিজ (Mn)

৮। থাৰ্মিট বিক্ৰিয়া কি? ইয়াৰ ব্যৱহাৰ লিখা।

উত্তৰঃ আইৰন (III) অক্সাইড (Fe₂O₃) আৰু এলুমিনিয়াম পাউডাৰৰ মিশ্ৰণত জুই লগালে অতি তীব্ৰ তাপোৎপাদী বিক্ৰিয়া হয়। এই বিক্ৰিয়াক থাৰ্মিট বিক্ৰিয়া বোলে।
Fe₂O₃(s) + 2Al(s) → Al₂O₃(s) + 2Fe(l) + তাপ

এই বিক্ৰিয়াত ইমান বেছি তাপ উৎপন্ন হয় যে লোহা গলিত অৱস্থাত পোৱা যায়। ৰেলৱে লাইনৰ ফাট আৰু মেচিনৰ ভগা অংশ ঢালাই কৰিবলৈ থাৰ্মিট বিক্ৰিয়া ব্যৱহাৰ কৰা হয়।

৯। ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মৰ পাৰ্থক্য লিখা।

ধৰ্মধাতুঅধাতু
ভৌতিক অৱস্থাসাধাৰণতে কঠিন (ব্যতিক্ৰম: পাৰা)কঠিন, জুলীয়া বা গেছীয় হ’ব পাৰে
দ্যুতিধাতৱ দ্যুতি থাকেসাধাৰণতে দ্যুতি নাথাকে (ব্যতিক্ৰম: আয়’ডিন)
ঘাত সহনীয়তাঘাত সহনশীলঘাত সহনশীল নহয়, ভঙ্গুৰ
নমনীয়তানমনীয়নমনীয় নহয়
তাপ পৰিবাহিতাসুপৰিবাহীকুপৰিবাহী (ব্যতিক্ৰম: গ্ৰেফাইট)
বিদ্যুৎ পৰিবাহিতাসুপৰিবাহীকুপৰিবাহী (ব্যতিক্ৰম: গ্ৰেফাইট)
নিনাদী গুণনিনাদী গুণ থাকেনিনাদী গুণ নাথাকে
গলনাংকসাধাৰণতে বেছিসাধাৰণতে কম

বহু বিকল্পধৰ্মী প্ৰশ্ন (MCQ)

১। আটাইতকৈ নমনীয় ধাতুটো হ’ল—
(a) সোণ
(b) ৰূপ
(c) তাম
(d) এলুমিনিয়াম

উত্তৰঃ (a) সোণ

২। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ’ল—
(a) সোণ
(b) ৰূপ
(c) এলুমিনিয়াম
(d) সীহ

উত্তৰঃ (b) ৰূপ

৩। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতুটো হ’ল—
(a) গেলিয়াম
(b) চিজিয়াম
(c) সীহ
(d) পাৰা

উত্তৰঃ (d) পাৰা

৪। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা অধাতুটো হ’ল—
(a) আয়’ডিন
(b) ক্ল’ৰিণ
(c) ব্ৰ’মিন
(d) ছালফাৰ

উত্তৰঃ (c) ব্ৰ’মিন

৫। দ্যুতি থকা অধাতুটো হ’ল—
(a) কাৰ্বন
(b) ছালফাৰ
(c) ফ’ছফৰাছ
(d) আয়’ডিন

উত্তৰঃ (d) আয়’ডিন

৬। তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি—
(a) মেগনেছিয়াম
(b) ছ’ডিয়াম
(c) সীহ
(d) গেলিয়াম

উত্তৰঃ (b) ছ’ডিয়াম

৭। তলৰ কোনটো এটা উভধৰ্মী অক্সাইড—
(a) Na₂O
(b) K₂O
(c) CuO
(d) Al₂O₃

উত্তৰঃ (d) Al₂O₃

৮। তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়—
(a) Na₂O
(b) Fe₂O₃
(c) CuO
(d) PbO

উত্তৰঃ (a) Na₂O

৯। Cu, Al, Na, Fe — এই ধাতুকেইটাক অক্সিজেনৰ লগত বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে—
(a) Cu > Na > Fe > Al
(b) Na > Al > Cu > Fe
(c) Na > Al > Fe > Cu
(d) Al > Na > Fe > Cu

উত্তৰঃ (c) Na > Al > Fe > Cu

১০। তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে—
(a) Na
(b) Fe
(c) Cu
(d) Ag

উত্তৰঃ (a) Na

১১। তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে—
(a) Cu
(b) Fe
(c) Ag
(d) Al

উত্তৰঃ (c) Ag

১২। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে—
(a) Al
(b) Fe
(c) Na
(d) Ca

উত্তৰঃ (c) Na

১৩। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে—
(a) K
(b) Mg
(c) Al
(d) Ca

উত্তৰঃ (b) Mg

১৪। তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে—
(a) Mg
(b) Cu
(c) Fe
(d) Ca

উত্তৰঃ (c) Fe

১৫। তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে—
(a) Cu
(b) Fe
(c) Al
(d) Mg

উত্তৰঃ (a) Cu

১৬। লঘু নাইট্ৰিক এছিডৰ পৰা H₂ গেছ উৎপন্ন কৰিব পৰা দুটা ধাতু হ’ল—
(a) Cu, Zn
(b) Mg, Mn
(c) Fe, Cu
(d) Ag, Au

উত্তৰঃ (b) Mg, Mn

১৭। লঘু এছিডৰ সৈতে বিক্ৰিয়াবেগৰ হ্ৰাসমান ক্ৰম হ’ল—
(a) Fe > Mg > Zn > Al
(b) Mg > Fe > Al > Zn
(c) Al > Zn > Fe > Mg
(d) Mg > Al > Zn > Fe

উত্তৰঃ (d) Mg > Al > Zn > Fe

১৮। এলুমিনিয়ামক ৰন্ধন পাত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ—
(a) ই দেখাত ধুনীয়া
(b) ই তাপৰ সুপৰিবাহী
(c) ই পাতল
(d) ই সস্তা

উত্তৰঃ (b) ই তাপৰ সুপৰিবাহী

১৯। তলৰ কোনটো এটা সংকৰ ধাতু নহয়—
(a) ষ্টীল
(b) পিতল
(c) তাম
(d) ব্ৰঞ্জ

উত্তৰঃ (c) তাম

২০। একুৱা ৰেজিয়াত HCl আৰু HNO₃-ৰ অনুপাত হ’ল—
(a) 1:3
(b) 3:1
(c) 2:1
(d) 1:2

উত্তৰঃ (b) 3:1


খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

১। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা একমাত্ৰ ধাতুটো হ’ল ________।

উত্তৰঃ পাৰা (Hg)

২। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা একমাত্ৰ অধাতুটো হ’ল ________।

উত্তৰঃ ব্ৰ’মিন (Br)

৩। আটাইতকৈ নমনীয় ধাতুটো হ’ল ________।

উত্তৰঃ সোণ (Au)

৪। তাপ আৰু বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী ধাতু হ’ল ________।

উত্তৰঃ ৰূপ (Ag)

৫। ছ’ডিয়াম ধাতু ________ তেলত ডুবাই ৰখা হয়।

উত্তৰঃ কেৰাচিন

৬। গাঢ় HCl আৰু গাঢ় HNO₃-ৰ ________ৰ অনুপাতৰ সতেজ মিশ্ৰণক একুৱা ৰেজিয়া বোলে।

উত্তৰঃ 3:1

৭। ধাতুৰ পৃষ্ঠত থকা চিকমিকনিক ________ বোলে।

উত্তৰঃ ধাতৱ দ্যুতি

৮। দুটা বা তাতকৈ অধিক ধাতু বা ধাতু-অধাতুৰ সমসত্ত্ব মিশ্ৰণক ________ বোলে।

উত্তৰঃ সংকৰ ধাতু

৯। লোহাৰ ওপৰত জিংকৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়াক ________ বোলে।

উত্তৰঃ দস্তালেপন (galvanization)

১০। ধাতুৰ পৃষ্ঠভাগ বায়ু আৰু আৰ্দ্ৰতাৰ সৈতে বিক্ৰিয়া কৰি ক্ষয় যোৱা প্ৰক্ৰিয়াক ________ বোলে।

উত্তৰঃ সংক্ষাৰণ (corrosion)

১১। আকৰত থকা মাটি, বালি আদি অশুদ্ধিক ________ বোলে।

উত্তৰঃ খনিজ মল বা গেংগ (gangue)

১২। ________ হৈছে দ্যুতি থকা একমাত্ৰ অধাতু।

উত্তৰঃ আয়’ডিন

১৩। ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰনৰ স্থানান্তৰণৰ দ্বাৰা গঠিত যৌগক ________ বোলে।

উত্তৰঃ আয়নীয় যৌগ

১৪। অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ________ অক্সাইড গঠন কৰে।

উত্তৰঃ আম্লিক (acidic)

১৫। ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ________ অক্সাইড গঠন কৰে।

উত্তৰঃ ক্ষাৰকীয় (basic)


শুদ্ধ নে অশুদ্ধ লিখা (True or False)

১। সকলো ধাতু কঠিন অৱস্থাত থাকে।

উত্তৰঃ অশুদ্ধ। পাৰা সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে।

২। সকলো অধাতু বিদ্যুতৰ কুপৰিবাহী।

উত্তৰঃ অশুদ্ধ। গ্ৰেফাইট (কাৰ্বনৰ এটা ৰূপভেদ) বিদ্যুতৰ সুপৰিবাহী।

৩। ৰূপ তাপ আৰু বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী।

উত্তৰঃ শুদ্ধ।

৪। ছ’ডিয়াম আৰু পটাছিয়াম কঠিন ধাতু।

উত্তৰঃ অশুদ্ধ। ছ’ডিয়াম আৰু পটাছিয়াম অতি কোমল ধাতু, কটাৰীৰে কাটিব পাৰি।

৫। আয়নীয় যৌগ কঠিন অৱস্থাত বিদ্যুৎ পৰিবাহন কৰে।

উত্তৰঃ অশুদ্ধ। আয়নীয় যৌগই কঠিন অৱস্থাত বিদ্যুৎ পৰিবাহন নকৰে, কিন্তু গলিত অৱস্থাত বা জলীয় দ্ৰৱণত বিদ্যুৎ পৰিবাহন কৰে।

৬। কপাৰ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰে।

উত্তৰঃ অশুদ্ধ। কপাৰ কম সক্ৰিয় ধাতু হোৱা বাবে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰিব নোৱাৰে।

৭। ধাতৱ অক্সাইডসমূহ সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ।

উত্তৰঃ শুদ্ধ।

৮। অধাতৱ অক্সাইডসমূহ ক্ষাৰকীয় প্ৰকৃতিৰ।

উত্তৰঃ অশুদ্ধ। অধাতৱ অক্সাইডসমূহ আম্লিক প্ৰকৃতিৰ।

৯। সোণক লঘু হাইড্ৰ’ক্ল’ৰিক এছিডেৰে দ্ৰৱীভূত কৰিব পাৰি।

উত্তৰঃ অশুদ্ধ। সোণক কেৱল একুৱা ৰেজিয়া (গাঢ় HCl আৰু গাঢ় HNO₃-ৰ 3:1 মিশ্ৰণ)-ৰে দ্ৰৱীভূত কৰিব পাৰি।

১০। এলুমিনিয়াম অক্সাইড এটা উভধৰ্মী অক্সাইড।

উত্তৰঃ শুদ্ধ। Al₂O₃-এ এছিড আৰু ক্ষাৰক দুয়োটাৰ সৈতে বিক্ৰিয়া কৰে।

১১। সংকৰ ধাতু শুদ্ধ ধাতুতকৈ কোমল।

উত্তৰঃ অশুদ্ধ। সংকৰ ধাতু শুদ্ধ ধাতুতকৈ কঠিন আৰু মজবুত।

১২। সোণ আৰু প্লেটিনাম প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়।

উত্তৰঃ শুদ্ধ। এইবোৰ ধাতু কম সক্ৰিয় হোৱা বাবে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়।

১৩। লোহাৰ মামৰৰ ৰং সেউজীয়া।

উত্তৰঃ অশুদ্ধ। লোহাৰ মামৰৰ ৰং ৰঙচুৱা-মুগা। তামৰ ওপৰত পৰা প্ৰলেপহে সেউজীয়া।

১৪। দস্তালেপন হৈছে লোহাৰ ওপৰত তামৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। দস্তালেপন হৈছে লোহাৰ ওপৰত জিংকৰ (দস্তা) প্ৰলেপ দিয়া প্ৰক্ৰিয়া।

১৫। অতি সক্ৰিয় ধাতু যেনে Na, K আদি বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে নিষ্কাশন কৰা হয়।

উত্তৰঃ শুদ্ধ।

Leave a Comment