HSLC Guru

Class 10 Science Chapter 13 Question Answer | বিদ্যুত-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

সাৰাংশ: এই অধ্যায়ত বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া সম্পৰ্কে আলোচনা কৰা হৈছে। চুম্বকৰ চৌম্বক ক্ষেত্ৰ, চৌম্বক বলৰেখা, বিদ্যুৎ-চুম্বক, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি, ফ্লেমিঙৰ বাওঁহতীয়া নীতি, বৈদ্যুতিক মটৰ, বিদ্যুৎ-চুম্বকীয় আৱেশ, ফ্লেমিঙৰ সোঁহতীয়া নীতি, বৈদ্যুতিক জেনেৰেটৰ আৰু ঘৰুৱা বৈদ্যুতিক বৰ্তনী আদি বিষয়সমূহ ইয়াত সামৰি লোৱা হৈছে। হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেডে আৱিষ্কাৰ কৰিছিল যে বিদ্যুৎ প্ৰবাহে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰে। বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু বৈদ্যুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

Summary: This chapter discusses the magnetic effects of electric current. It covers magnetic field, magnetic field lines, electromagnet, right-hand thumb rule, Fleming’s left-hand rule, electric motor, electromagnetic induction, Fleming’s right-hand rule, electric generator, and domestic electric circuits. Hans Christian Oersted discovered that electric current produces a magnetic field. An electric motor converts electrical energy into mechanical energy, while an electric generator converts mechanical energy into electrical energy.


পাঠভিত্তিক প্ৰশ্নোত্তৰ (Textbook Questions and Answers)

পৃষ্ঠা নং 224

১। দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?

উত্তৰঃ দণ্ড চুম্বকৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল এডাল সৰু চুম্বক। দণ্ড চুম্বকৰ কাষলৈ আনিলে চুম্বকৰ চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত দিগদৰ্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষেপিত হয়।

পৃষ্ঠা নং 228

১। চৌম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা।

উত্তৰঃ চৌম্বক বলৰেখাৰ ধৰ্মসমূহ হ’ল —

  • (ক) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।
  • (খ) চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ।
  • (গ) চৌম্বক বলৰেখাবোৰ বন্ধ বক্ৰ।
  • (ঘ) দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে।
  • (ঙ) যি ঠাইত বলৰেখাবোৰ ঘন হৈ থাকে, তাত চৌম্বক ক্ষেত্ৰ শক্তিশালী আৰু যি ঠাইত বলৰেখাবোৰ পাতল হৈ থাকে তাত চৌম্বক ক্ষেত্ৰ দুৰ্বল।

২। দুডাল চৌম্বক বলৰেখাই কিয় পৰস্পৰে কটাকটি কৰিব নোৱাৰে?

উত্তৰঃ চুম্বকৰ অৱস্থিতি সাপেক্ষে এটা নিৰ্দিষ্ট বিন্দুত বলৰেখাৰ দিশ নিৰ্দিষ্ট। যদি দুডাল বলৰেখাই কটাকটি কৰে, তেন্তে ছেদ বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিব, যিটো সম্ভৱ নহয়। সেইবাবে দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি কৰিব নোৱাৰে।

পৃষ্ঠা নং 229

১। প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত লগা বলৰ দিশ নিৰ্ণয়ৰ নিয়মটো বিবৃত কৰা।

উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি — বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্বভাৱে মেলি দিলে, তৰ্জনী আঙুলিয়ে যদি চৌম্বক ক্ষেত্ৰৰ দিশ সূচায় আৰু মধ্যমা আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ দিশ সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ অৰ্থাৎ পৰিবাহীৰ গতিৰ দিশ সূচাব।

২। AB দণ্ডৰ সৰণ কেনেদৰে প্ৰভাৱিত হ’ব যদি (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰা হয় (ii) অধিক শক্তিশালী অশ্বখুৰা-আকৃতিৰ চুম্বক ব্যৱহাৰ কৰা হয় আৰু (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়?

উত্তৰঃ

  • (i) AB দণ্ডত প্ৰবাহ বৃদ্ধি কৰিলে দণ্ডডালৰ ওপৰত বেছি পৰিমাণৰ বলে ক্ৰিয়া কৰিব আৰু দণ্ডডালৰ সৰণ বৃদ্ধি পাব।
  • (ii) অধিক শক্তিশালী অশ্বখুৰা-আকৃতিৰ চুম্বক ব্যৱহাৰ কৰিলে চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্য বৃদ্ধি পাব, ফলত দণ্ডডালৰ ওপৰত ক্ৰিয়া কৰা বল বৃদ্ধি পাব আৰু সৰণো বৃদ্ধি পাব।
  • (iii) AB দণ্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰিলে চৌম্বক ক্ষেত্ৰৰ মাজত পৰিবাহীৰ দৈৰ্ঘ্য বাঢ়িব আৰু বলৰ পৰিমাণ বৃদ্ধি পাব, ফলত দণ্ডডালৰ সৰণ বৃদ্ধি পাব।

পৃষ্ঠা নং 231

১। বৈদ্যুতিক মটৰৰ মূল নীতিটো কি?

উত্তৰঃ বৈদ্যুতিক মটৰৰ মূল নীতিটো হ’ল — যেতিয়া এডাল বিদ্যুৎ প্ৰবাহযুক্ত পৰিবাহী চৌম্বক ক্ষেত্ৰত ৰখা হয়, তেতিয়া চৌম্বক ক্ষেত্ৰই পৰিবাহীডালৰ ওপৰত এটা বল প্ৰয়োগ কৰে। এই নীতিৰ ভিত্তিতে বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।

২। বৈদ্যুতিক মটৰত বিভক্ত বলয়ৰ (Split Ring) ভূমিকা কি?

উত্তৰঃ বৈদ্যুতিক মটৰত বিভক্ত বলয়ে (Split Ring) দিক পৰিবৰ্তক (Commutator) ৰূপে কাম কৰে। ই কুণ্ডলীৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুৎ প্ৰবাহৰ দিশ প্ৰতি আধা ঘূৰণৰ পিছত ওলোটা কৰে, যাৰ ফলত কুণ্ডলীটো একেটা দিশতে ঘূৰি থাকে।

পৃষ্ঠা নং 233

১। কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰাৰ বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

উত্তৰঃ কুণ্ডলীত প্ৰবাহ আৱিষ্ট কৰাৰ উপায়বোৰ হ’ল —

  • (ক) কুণ্ডলী এটাৰ ভিতৰত চুম্বক এডাল সোমোৱা আৰু বাহিৰ কৰা কাৰ্যৰ দ্বাৰা।
  • (খ) কুণ্ডলী এটা চুম্বকৰ ওচৰলৈ আনি আৰু দূৰলৈ নি।
  • (গ) দুটা কুণ্ডলী ওচৰত ৰাখি এটা কুণ্ডলীত বিদ্যুৎ প্ৰবাহৰ পৰিৱৰ্তন কৰিলে আনটো কুণ্ডলীত প্ৰবাহ আৱিষ্ট হয়।
  • (ঘ) চৌম্বক ক্ষেত্ৰত কুণ্ডলী এটা ঘূৰালে কুণ্ডলীত প্ৰবাহ আৱিষ্ট হয়।

পৃষ্ঠা নং 236

১। বৈদ্যুতিক জেনেৰেটৰৰ নীতিটো বিবৃত কৰা।

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতিৰ ওপৰত ভিত্তি কৰি কাম কৰে। যেতিয়া চৌম্বক ক্ষেত্ৰত এটা আয়তাকাৰ কুণ্ডলী ঘূৰোৱা হয়, তেতিয়া কুণ্ডলীৰ মাজেৰে যোৱা চৌম্বক বলৰেখাৰ সংখ্যা পৰিবৰ্তন হয়, ফলত কুণ্ডলীত আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। এনেদৰে জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

২। DC জেনেৰেটৰ আৰু AC জেনেৰেটৰৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ AC জেনেৰেটৰত পৰিৱৰ্তী প্ৰবাহ (Alternating Current) উৎপন্ন হয় যাৰ দিশ সময়ৰ লগে লগে সলনি হৈ থাকে। AC জেনেৰেটৰত স্লিপ ৰিং (Slip Ring) ব্যৱহাৰ কৰা হয়। আনহাতে, DC জেনেৰেটৰত একমুখী প্ৰবাহ (Direct Current) উৎপন্ন হয় যাৰ দিশ সদায় একেটাই থাকে। DC জেনেৰেটৰত দিক পৰিবৰ্তক বা কমিউটেটৰ (Commutator) ব্যৱহাৰ কৰা হয়।

পৃষ্ঠা নং 237

১। ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি কি সাৱধানতা ল’বা?

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া সাৱধানতা ল’ব লাগে —

  • (ক) একে চকেটতে বহুতো সঁজুলি সংযোগ কৰিব নালাগে।
  • (খ) বৰ্তনীত উপযুক্ত ৰেটিঙৰ ফিউজ তাঁৰ ব্যৱহাৰ কৰিব লাগে।
  • (গ) বৈদ্যুতিক সঁজুলিসমূহৰ তাঁৰৰ অন্তৰক (insulation) ক্ষতিগ্ৰস্ত হ’লে সলনি কৰিব লাগে।
  • (ঘ) সকলো সঁজুলিত ভূ-সংযোগ তাঁৰ ব্যৱহাৰ কৰিব লাগে।
  • (ঙ) বৈদ্যুতিক সঁজুলিসমূহ সমান্তৰাল সংযোগত সংযোগ কৰিব লাগে।

পৃষ্ঠা নং 238 (অনুশীলনী)

১। তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?

(a) ক্ষেত্ৰখন পৰিবাহীৰ লম্ব দিশত সৰলৰেখাৰে গঠিত।

(b) ক্ষেত্ৰখন পৰিবাহীৰ সমান্তৰাল সৰলৰেখাৰে গঠিত।

(c) ক্ষেত্ৰখন পৰিবাহীৰ পৰা অভিসাৰী সৰলৰেখাৰে গঠিত।

(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

উত্তৰঃ (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

২। বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে —

(a) বস্তু এটা আহিত কৰাৰ প্ৰক্ৰিয়া।

(b) কুণ্ডলী এটাত পৰিবৰ্তনশীল চৌম্বক ক্ষেত্ৰৰ বাবে আৱিষ্ট প্ৰবাহ সৃষ্টি কৰাৰ প্ৰক্ৰিয়া।

(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

(d) কুণ্ডলী এটা ঘূৰালে প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

উত্তৰঃ (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া।

৩। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটোক কি বোলে?

(a) জেনেৰেটৰ

(b) গেলভেন’মিটাৰ

(c) এমিটাৰ

(d) মটৰ

উত্তৰঃ (a) জেনেৰেটৰ।

৪। বৰ্তী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ —

(a) কমি যায়।

(b) পৰিবৰ্তন নহয়।

(c) বুজন পৰিমাণে বৃদ্ধি পায়।

(d) একেৰাহে পৰিবৰ্তন হয়।

উত্তৰঃ (c) বুজন পৰিমাণে বৃদ্ধি পায়।

৫। তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা —

(a) “এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।” — ভুল (বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে।)

(b) “এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।” — শুদ্ধ

(c) “এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।” — শুদ্ধ

(d) “সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।” — ভুল (সেউজীয়া অন্তৰকৰ তাঁৰক ভূ-সংযোগ তাঁৰ বোলে। ৰঙা অন্তৰকৰ তাঁৰক সজীৱ তাঁৰ বোলে।)

৬। প্ৰবাহযুক্ত দীঘল চ’লেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ —

(a) শূন্য।

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে কমি যায়।

(c) ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমে বাঢ়ি যায়।

(d) সকলো বিন্দুতে একে থাকে।

উত্তৰঃ (d) সকলো বিন্দুতে একে থাকে।

৭। পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা উত্তৰ দিশলৈ বিচ্যুত হ’ল। চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?

(a) দক্ষিণমুখী

(b) পূবমুখী

(c) নিম্নমুখী

(d) ঊৰ্ধমুখী

উত্তৰঃ (d) ঊৰ্ধমুখী।

৮। ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।

উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি — বাওঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্বভাৱে মেলি ধৰিলে, তৰ্জনী আঙুলিয়ে যদি চৌম্বক ক্ষেত্ৰৰ (B) দিশ সূচায় আৰু মধ্যমা আঙুলিয়ে বিদ্যুৎ প্ৰবাহৰ (I) দিশ সূচায়, তেনেহ’লে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ (F) দিশ সূচাব।

৯। বৈদ্যুতিক মটৰৰ নীতি কি?

উত্তৰঃ বৈদ্যুতিক মটৰৰ নীতি হ’ল — চৌম্বক ক্ষেত্ৰত ৰখা বিদ্যুৎ প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত চৌম্বক ক্ষেত্ৰই বল প্ৰয়োগ কৰে। এই বলে পৰিবাহীডাল ঘূৰায়। এই নীতিৰ ভিত্তিত বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে।

১০। বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী বৰ্ণনা কৰা। ইয়াত ব্যৱহৃত প্ৰতিটো অংশৰ ভূমিকা কি?

উত্তৰঃ বৈদ্যুতিক মটৰত এটা আয়তাকাৰ কুণ্ডলী ABCD এখন চৌম্বক ক্ষেত্ৰত ৰখা হয়। কুণ্ডলীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চলিলে ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি AB বাহু আৰু CD বাহুৰ ওপৰত বিপৰীত দিশত বলে ক্ৰিয়া কৰে, ফলত কুণ্ডলীটো ঘূৰে। প্ৰতি আধা পাকত বিভক্ত বলয় বা কমিউটেটৰে প্ৰবাহৰ দিশ সলনি কৰে, যাৰ ফলত কুণ্ডলীটো একেটা দিশতে ঘূৰি থাকে।

  • কুণ্ডলী (Coil): চৌম্বক ক্ষেত্ৰত ঘূৰে আৰু যান্ত্ৰিক শক্তি উৎপন্ন কৰে।
  • শক্তিশালী চুম্বক: চৌম্বক ক্ষেত্ৰ প্ৰদান কৰে।
  • বিভক্ত বলয় (Split Ring/Commutator): প্ৰতি আধা পাকত প্ৰবাহৰ দিশ সলনি কৰে।
  • ব্ৰাছ (Brush): কমিউটেটৰৰ সৈতে সংযোগ ৰাখি বাহ্যিক বৰ্তনীৰ পৰা কুণ্ডলীলৈ প্ৰবাহ প্ৰেৰণ কৰে।
  • এক্সল (Axle): কুণ্ডলীৰ ঘূৰ্ণন অক্ষ হিচাপে কাম কৰে।

১১। ঘৰুৱা বৈদ্যুতিক বৰ্তনীত ভূ-সংযোগ তাঁৰৰ ভূমিকা কি?

উত্তৰঃ ভূ-সংযোগ তাঁৰ হ’ল এডাল সেউজীয়া অন্তৰকৰ তাঁৰ যিটো বৈদ্যুতিক সঁজুলিৰ ধাতুৰ আৱৰণৰ সৈতে সংযোগ কৰা হয় আৰু ইয়াৰ আনটো মূৰ মাটিত গাঁত খান্দি পুতি থোৱা ধাতুৰ প্লেটৰ সৈতে সংযোগ কৰা হয়। যদি কোনো কাৰণত সজীৱ তাঁৰৰ সৈতে সঁজুলিৰ ধাতুৰ আৱৰণৰ সংস্পৰ্শ হয়, তেতিয়া বিদ্যুৎ প্ৰবাহ ভূ-সংযোগ তাঁৰৰ মাজেৰে মাটিলৈ গুচি যায় আৰু ব্যক্তিজনে বিদ্যুৎ স্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পায়।

১২। বৰ্তী (Short Circuit) আৰু অত্যধিক বোজা (Overloading) কাক বোলে?

উত্তৰঃ

বৰ্তী (Short Circuit): যেতিয়া সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজত পোনপটীয়াকৈ সংযোগ হৈ যায়, তেতিয়া বৰ্তনীৰ ৰোধ অতি কমি যায় আৰু প্ৰবাহ বুজন পৰিমাণে বৃদ্ধি পায়। ইয়াকে বৰ্তী (Short Circuit) বোলে।

অত্যধিক বোজা (Overloading): যেতিয়া একেটা বৰ্তনীতে বহুতো সঁজুলি সংযোগ কৰা হয় আৰু বৰ্তনীৰ মাজেৰে ইয়াৰ ক্ষমতাতকৈ অধিক প্ৰবাহ চলে, তেতিয়া ইয়াক অত্যধিক বোজা বোলে।

১৩। ফিউজৰ ভূমিকা কি?

উত্তৰঃ ফিউজ হ’ল এবিধ সুৰক্ষা সঁজুলি যি বৰ্তনীত শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়। ফিউজ তাঁৰডাল কম গলনাংকৰ সংকৰ ধাতুৰে তৈয়াৰ কৰা হয়। যেতিয়া বৰ্তনীত অত্যধিক প্ৰবাহ চলে, তেতিয়া তাপৰ প্ৰভাৱত ফিউজ তাঁৰডাল গলি যায় আৰু বৰ্তনীটো ভাঙি যায়, ফলত সঁজুলিসমূহ ক্ষতিৰ পৰা ৰক্ষা পায়।


অতিৰিক্ত অতি চমু প্ৰশ্নোত্তৰ (Additional Very Short Questions)

১। কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়?

উত্তৰঃ হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেডে।

২। চৌম্বক ক্ষেত্ৰ কাক বোলে?

উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, সেই অঞ্চলকে চৌম্বক ক্ষেত্ৰ বোলে।

৩। চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা কি?

উত্তৰঃ এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে যি পথেৰে গতি কৰে, সেই পথ নিৰ্দেশ কৰা ৰেখাবোৰকে চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা বোলে।

৪। প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম কি?

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি (Right Hand Thumb Rule)।

৫। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিটো লিখা।

উত্তৰঃ যদি সোঁহাতেৰে প্ৰবাহযুক্ত পৰিবাহীডাল এনেদৰে ধৰা হয় যে বুঢ়া আঙুলিটোৱে প্ৰবাহৰ দিশ সূচায়, তেন্তে আঙুলিবোৰে মেৰিয়াই ধৰা দিশটোৱে চৌম্বক ক্ষেত্ৰৰেখাৰ দিশ সূচাব।

৬। চৌম্বক বলৰেখাবোৰ কিয় বন্ধ বক্ৰ?

উত্তৰঃ চুম্বকৰ বহিৰ্ভাগত চৌম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। আনহাতে চুম্বকৰ অন্তৰ্ভাগত বলৰেখাবোৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়। এনেদৰে বলৰেখাবোৰে অবিৰত পথ সৃষ্টি কৰে, সেইবাবে চৌম্বক বলৰেখাবোৰক বন্ধ বক্ৰ বুলি কোৱা হয়।

৭। প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে।

৮। চ’লেনইড কি?

উত্তৰঃ অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাক লগাই এটা নলাকাৰ গঠন তৈয়াৰ কৰা হয়, ইয়াকে চ’লেনইড বোলে।

৯। বিদ্যুৎ-চুম্বক কাক বোলে?

উত্তৰঃ চ’লেনইডৰ ভিতৰত কোমল লোৰ দণ্ড এডাল সুমুৱাই দি বিদ্যুৎ প্ৰবাহ চলালে ই এটা শক্তিশালী চুম্বকৰ দৰে আচৰণ কৰে। ইয়াকে বিদ্যুৎ-চুম্বক বোলে।

১০। বিদ্যুৎ-চুম্বকীয় আৱেশ কি?

উত্তৰঃ কুণ্ডলী এটাৰ মাজেৰে যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ পৰিবৰ্তনে কুণ্ডলীত আৱিষ্ট বিভৱভেদ আৰু আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে। এই পৰিঘটনাকে বিদ্যুৎ-চুম্বকীয় আৱেশ বোলে।

১১। বিদ্যুৎ-চুম্বকীয় আৱেশ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ মাইকেল ফেৰাডেই বিদ্যুৎ-চুম্বকীয় আৱেশ আৱিষ্কাৰ কৰিছিল।

১২। ফ্লেমিঙৰ সোঁহতীয়া নীতিটো লিখা।

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি তিনিটা পৰস্পৰ লম্বভাৱে মেলি ধৰিলে, তৰ্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ সূচালে, মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ সূচাব।

১৩। ভাৰতত পৰিৱৰ্তী প্ৰবাহ (AC) ৰ কম্পনাংক কিমান?

উত্তৰঃ ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক 50 Hz।

১৪। ভাৰতত ঘৰুৱা বৈদ্যুতিক যোগানৰ বিভৱভেদ কিমান?

উত্তৰঃ ভাৰতত ঘৰুৱা বৈদ্যুতিক যোগানৰ বিভৱভেদ 220 V।

১৫। ঘৰুৱা বৰ্তনীত সজীৱ তাঁৰৰ ৰং কি?

উত্তৰঃ ঘৰুৱা বৰ্তনীত সজীৱ তাঁৰৰ অন্তৰকৰ ৰং ৰঙা।

১৬। ঘৰুৱা বৰ্তনীত উদাসীন তাঁৰৰ ৰং কি?

উত্তৰঃ ঘৰুৱা বৰ্তনীত উদাসীন তাঁৰৰ অন্তৰকৰ ৰং ক’লা।

১৭। ঘৰুৱা বৰ্তনীত ভূ-সংযোগ তাঁৰৰ ৰং কি?

উত্তৰঃ ঘৰুৱা বৰ্তনীত ভূ-সংযোগ তাঁৰৰ অন্তৰকৰ ৰং সেউজীয়া।

১৮। বৈদ্যুতিক মটৰত কি ধৰণৰ শক্তিৰ ৰূপান্তৰ হয়?

উত্তৰঃ বৈদ্যুতিক মটৰত বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ হয়।

১৯। বৈদ্যুতিক জেনেৰেটৰত কি ধৰণৰ শক্তিৰ ৰূপান্তৰ হয়?

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰত যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়।

২০। চৌম্বক ক্ষেত্ৰৰ SI একক কি?

উত্তৰঃ চৌম্বক ক্ষেত্ৰৰ SI একক হ’ল টেছলা (Tesla বা T)।

২১। গেলভেন’মিটাৰ কি?

উত্তৰঃ গেলভেন’মিটাৰ হ’ল এবিধ সঁজুলি যিয়ে বৰ্তনীত প্ৰবাহৰ উপস্থিতি চিনাক্ত কৰে আৰু ইয়াৰ দিশ নিৰ্দেশ কৰে।

২২। AC আৰু DC ৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ AC — Alternating Current (পৰিৱৰ্তী প্ৰবাহ)। DC — Direct Current (একমুখী প্ৰবাহ)।


অতিৰিক্ত চমু উত্তৰৰ প্ৰশ্ন (Additional Short Answer Questions)

১। বৈদ্যুতিক মটৰৰ ব্যৱহাৰসমূহ লিখা।

উত্তৰঃ বৈদ্যুতিক মটৰ বৈদ্যুতিক ফেন, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, ৱাছিং মেচিন, কম্পিউটাৰৰ হাৰ্ড ডিস্ক ড্ৰাইভ, CD প্লেয়াৰ আদিত ব্যৱহাৰ কৰা হয়।

২। চ’লেনইড আৰু দণ্ড চুম্বকৰ চৌম্বক ক্ষেত্ৰৰ মাজত তুলনা কৰা।

উত্তৰঃ প্ৰবাহযুক্ত চ’লেনইড এটাৰ চৌম্বক ক্ষেত্ৰৰ আকৃতি দণ্ড চুম্বকৰ চৌম্বক ক্ষেত্ৰৰ আকৃতিৰ সৈতে একে। চ’লেনইডৰ এটা মূৰ উত্তৰ মেৰু আৰু আনটো মূৰ দক্ষিণ মেৰু হিচাপে আচৰণ কৰে। চ’লেনইডৰ ভিতৰত চৌম্বক ক্ষেত্ৰৰেখাবোৰ সমান্তৰাল সৰলৰেখা, অৰ্থাৎ চৌম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে।

৩। ঘৰুৱা বৈদ্যুতিক বৰ্তনীত কেইডাল তাঁৰ থাকে আৰু সেইবোৰ কি কি?

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীত তিনিডাল তাঁৰ থাকে —

  • (ক) সজীৱ তাঁৰ (Live Wire) — ৰঙা অন্তৰকৰ তাঁৰ।
  • (খ) উদাসীন তাঁৰ (Neutral Wire) — ক’লা অন্তৰকৰ তাঁৰ।
  • (গ) ভূ-সংযোগ তাঁৰ (Earth Wire) — সেউজীয়া অন্তৰকৰ তাঁৰ।

৪। ঘৰুৱা বৈদ্যুতিক বৰ্তনীত সঁজুলিবোৰ কিয় সমান্তৰাল সংযোগত সংযুক্ত কৰা হয়?

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীত সঁজুলিবোৰ সমান্তৰাল সংযোগত সংযুক্ত কৰা হয় কাৰণ —

  • (ক) প্ৰতিটো সঁজুলিয়ে সম্পূৰ্ণ বিভৱভেদ লাভ কৰে।
  • (খ) প্ৰতিটো সঁজুলি স্বতন্ত্ৰভাৱে চলাব আৰু বন্ধ কৰিব পাৰি।
  • (গ) এটা সঁজুলি বিকল হ’লেও আন সঁজুলিবোৰ চলি থাকে।
  • (ঘ) সমান্তৰাল সংযোগত মুঠ ৰোধ কমি যায়, ফলত প্ৰতিটো সঁজুলিয়ে পৰ্যাপ্ত প্ৰবাহ লাভ কৰে।

৫। AC আৰু DC ৰ মাজত পাৰ্থক্য লিখা।

AC (পৰিৱৰ্তী প্ৰবাহ)DC (একমুখী প্ৰবাহ)
প্ৰবাহৰ দিশ সময়ৰ লগে লগে পৰ্যায়ক্ৰমে সলনি হয়।প্ৰবাহৰ দিশ সদায় একেটাই থাকে।
AC জেনেৰেটৰত স্লিপ ৰিং ব্যৱহাৰ কৰা হয়।DC জেনেৰেটৰত কমিউটেটৰ ব্যৱহাৰ কৰা হয়।
বহু দূৰলৈ প্ৰেৰণ কৰিব পাৰি।বহু দূৰলৈ প্ৰেৰণ কৰিলে শক্তিৰ অপচয় বেছি হয়।
ট্ৰেন্সফৰ্মাৰৰ সহায়ত বিভৱভেদ সলনি কৰিব পাৰি।ট্ৰেন্সফৰ্মাৰৰ সহায়ত বিভৱভেদ সলনি কৰিব নোৱাৰি।
ভাৰতত AC ৰ কম্পনাংক 50 Hz।DC ৰ কম্পনাংক শূন্য।

৬। বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰৰ মাজত পাৰ্থক্য লিখা।

বৈদ্যুতিক মটৰবৈদ্যুতিক জেনেৰেটৰ
বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে।যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
ফ্লেমিঙৰ বাওঁহতীয়া নিয়মৰ ওপৰত ভিত্তি কৰে।বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতিৰ ওপৰত ভিত্তি কৰে।
ইয়াত কুণ্ডলীত বিদ্যুৎ প্ৰবাহ দিয়া হয়।ইয়াত কুণ্ডলীৰ পৰা বিদ্যুৎ প্ৰবাহ লোৱা হয়।
বৈদ্যুতিক ফেন, পাম্প আদিত ব্যৱহাৰ হয়।বিদ্যুৎ কেন্দ্ৰত বিদ্যুৎ উৎপাদনত ব্যৱহাৰ হয়।

৭। তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰত ঘূৰোৱা হৈছে। আৱিষ্ট প্ৰবাহৰ দিশ কেতিয়া সলনি হয়?

উত্তৰঃ তামৰ তাঁৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰত ঘূৰোৱা হ’লে আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি আধা পাকৰ পিছত সলনি হয়।

৮। চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ কোনটো ধৰ্ম সলনি হ’ব পাৰে?

উত্তৰঃ চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ’টন এটাৰ বেগ (velocity) আৰু ভৰবেগ (momentum) সলনি হ’ব পাৰে। চৌম্বক বলে প্ৰ’টনৰ গতিৰ দিশ সলনি কৰে কিন্তু দ্ৰুতি (speed) আৰু ভৰ একে থাকে।


অতিৰিক্ত দীঘল উত্তৰৰ প্ৰশ্ন (Additional Long Answer Questions)

১। বৈদ্যুতিক জেনেৰেটৰৰ গঠন আৰু কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ বিদ্যুৎ-চুম্বকীয় আৱেশৰ নীতিৰ ওপৰত কাম কৰে। ই যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

গঠন: বৈদ্যুতিক জেনেৰেটৰত তলত দিয়া অংশসমূহ থাকে —

  • (ক) আয়তাকাৰ কুণ্ডলী (ABCD): অন্তৰিত তামৰ তাঁৰৰ বহুতো পাকেৰে তৈয়াৰ কৰা হয়।
  • (খ) শক্তিশালী চুম্বক: স্থায়ী চুম্বক বা বিদ্যুৎ-চুম্বক যি চৌম্বক ক্ষেত্ৰ প্ৰদান কৰে।
  • (গ) স্লিপ ৰিং (R₁ আৰু R₂): AC জেনেৰেটৰত দুটা স্লিপ ৰিং ব্যৱহাৰ হয় যি কুণ্ডলীৰ দুটা মূৰৰ সৈতে সংযুক্ত।
  • (ঘ) ব্ৰাছ (B₁ আৰু B₂): কাৰ্বন ব্ৰাছ যি স্লিপ ৰিঙৰ সৈতে সংস্পৰ্শত থাকে আৰু বাহ্যিক বৰ্তনীলৈ প্ৰবাহ প্ৰেৰণ কৰে।

কাৰ্যপ্ৰণালী: কুণ্ডলীটো চৌম্বক ক্ষেত্ৰত ঘূৰালে কুণ্ডলীৰ মাজেৰে যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ পৰিবৰ্তন হয়। এই পৰিবৰ্তনে কুণ্ডলীত আৱিষ্ট বিদ্যুৎ-চালক বল (emf) আৰু আৱিষ্ট প্ৰবাহ সৃষ্টি কৰে। কুণ্ডলীৰ প্ৰতি আধা পাকত আৱিষ্ট প্ৰবাহৰ দিশ সলনি হয়, ফলত পৰিৱৰ্তী প্ৰবাহ (AC) উৎপন্ন হয়। DC জেনেৰেটৰত স্লিপ ৰিঙৰ সলনি কমিউটেটৰ ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাহ্যিক বৰ্তনীত একমুখী প্ৰবাহ (DC) পোৱা যায়।

২। ঘৰুৱা বৈদ্যুতিক বৰ্তনী সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা।

উত্তৰঃ ঘৰুৱা বৈদ্যুতিক বৰ্তনীত বিদ্যুৎ কেন্দ্ৰৰ পৰা তিনিডাল তাঁৰৰ সহায়ত বিদ্যুৎ যোগান ধৰা হয় —

  • (ক) সজীৱ তাঁৰ (Live Wire): ৰঙা অন্তৰকৰ তাঁৰ, যাৰ বিভৱ 220 V।
  • (খ) উদাসীন তাঁৰ (Neutral Wire): ক’লা অন্তৰকৰ তাঁৰ, যাৰ বিভৱ শূন্য।
  • (গ) ভূ-সংযোগ তাঁৰ (Earth Wire): সেউজীয়া অন্তৰকৰ তাঁৰ, সুৰক্ষাৰ বাবে ব্যৱহাৰ হয়।

ঘৰুৱা বৰ্তনীত বিদ্যুৎ যোগান AC (পৰিৱৰ্তী প্ৰবাহ) আকাৰত আহে। ভাৰতত ইয়াৰ কম্পনাংক 50 Hz আৰু বিভৱভেদ 220 V। সকলো সঁজুলি সমান্তৰাল সংযোগত সংযুক্ত কৰা হয়। সজীৱ তাঁৰত ফিউজ সংযোগ কৰা হয় যি অত্যধিক প্ৰবাহৰ ক্ষেত্ৰত গলি যায় আৰু বৰ্তনী ভাঙি দিয়ে। বিদ্যুৎ মিটাৰে মুঠ বিদ্যুৎ খৰচ জুখে। মূল চুইচে সম্পূৰ্ণ ঘৰৰ বিদ্যুৎ যোগান বন্ধ কৰিব পাৰে।

৩। বিদ্যুৎ-চুম্বকীয় আৱেশ বুজাই লিখা। ফেৰাডেৰ পৰীক্ষাটো বৰ্ণনা কৰা।

উত্তৰঃ কুণ্ডলী এটাৰ মাজেৰে যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ পৰিবৰ্তনে কুণ্ডলীত আৱিষ্ট বিভৱভেদ আৰু আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে। এই পৰিঘটনাক বিদ্যুৎ-চুম্বকীয় আৱেশ বোলে। মাইকেল ফেৰাডেই 1831 চনত এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

ফেৰাডেৰ পৰীক্ষা:

  • পৰীক্ষা ১: কুণ্ডলী এটাৰ ভিতৰত দণ্ড চুম্বক এডাল সোমোৱালে গেলভেন’মিটাৰৰ কাঁটাই এফালে বিক্ষেপিত হয়, অৰ্থাৎ কুণ্ডলীত প্ৰবাহ আৱিষ্ট হয়। চুম্বকডাল বাহিৰ কৰিলে কাঁটাই বিপৰীত দিশত বিক্ষেপিত হয়। চুম্বকডাল স্থিৰ থাকিলে কোনো বিক্ষেপণ নহয়।
  • পৰীক্ষা ২: দুটা কুণ্ডলী ওচৰত ৰাখি এটাত পৰিবৰ্তনশীল প্ৰবাহ চলালে আনটো কুণ্ডলীত প্ৰবাহ আৱিষ্ট হয়। প্ৰথম কুণ্ডলীত প্ৰবাহ চালু বা বন্ধ কৰাৰ সময়ত দ্বিতীয় কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হয়।

MCQ (বহুনিৰ্বাচনী প্ৰশ্ন)

১। চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য?

(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে

(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ বহিৰ্ভাগত উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুত প্ৰৱেশ কৰে

(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ

(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্ৰ

উত্তৰঃ (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

২। পোন পৰিবাহীৰ চাৰিওফালে চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল —

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি

(b) ফ্লেমিঙৰ বাওঁহতীয়া নীতি

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

৩। বৈদ্যুতিক মটৰৰ মূল নীতি হ’ল —

(a) বিদ্যুৎ-চুম্বকীয় আৱেশ

(b) চৌম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত বল প্ৰয়োগ

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) চৌম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত বল প্ৰয়োগ।

৪। বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি হ’ল —

(a) বিদ্যুৎ-চুম্বকীয় আৱেশ

(b) তাপৰ চুম্বকীয় ক্ৰিয়া

(c) ফ্লেমিঙৰ বাওঁহতীয়া নীতি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) বিদ্যুৎ-চুম্বকীয় আৱেশ।

৫। ভাৰতত ঘৰুৱা বিদ্যুৎ যোগানৰ কম্পনাংক হ’ল —

(a) 60 Hz

(b) 40 Hz

(c) 50 Hz

(d) 100 Hz

উত্তৰঃ (c) 50 Hz।

৬। ভাৰতত ঘৰুৱা বিদ্যুৎ যোগানৰ বিভৱভেদ হ’ল —

(a) 110 V

(b) 220 V

(c) 440 V

(d) 120 V

উত্তৰঃ (b) 220 V।

৭। ঘৰুৱা বৰ্তনীত ভূ-সংযোগ তাঁৰৰ অন্তৰকৰ ৰং হ’ল —

(a) ৰঙা

(b) ক’লা

(c) সেউজীয়া

(d) নীলা

উত্তৰঃ (c) সেউজীয়া।

৮। চৌম্বক ক্ষেত্ৰৰ SI একক হ’ল —

(a) ওৱেবাৰ

(b) টেছলা

(c) গাউছ

(d) এম্পিয়াৰ

উত্তৰঃ (b) টেছলা (Tesla)।

৯। বৈদ্যুতিক মটৰত বিভক্ত বলয়ে কি কাম কৰে?

(a) চৌম্বক ক্ষেত্ৰ সৃষ্টি কৰে

(b) দিক পৰিবৰ্তক হিচাপে কাম কৰে

(c) প্ৰবাহ বৃদ্ধি কৰে

(d) ৰোধ বৃদ্ধি কৰে

উত্তৰঃ (b) দিক পৰিবৰ্তক হিচাপে কাম কৰে।

১০। AC জেনেৰেটৰত ব্যৱহাৰ কৰা হয় —

(a) কমিউটেটৰ

(b) স্লিপ ৰিং

(c) ফিউজ

(d) ট্ৰেন্সফৰ্মাৰ

উত্তৰঃ (b) স্লিপ ৰিং।

১১। ফিউজ তাঁৰ কি ধাতুৰে তৈয়াৰ কৰা হয়?

(a) তাম

(b) এলুমিনিয়াম

(c) কম গলনাংকৰ সংকৰ ধাতু

(d) লো

উত্তৰঃ (c) কম গলনাংকৰ সংকৰ ধাতু।

১২। বিদ্যুৎ-চুম্বকীয় আৱেশ আৱিষ্কাৰ কৰিছিল —

(a) অ’ৰষ্টেডে

(b) ফেৰাডেই

(c) ফ্লেমিঙে

(d) নিউটনে

উত্তৰঃ (b) ফেৰাডেই।

১৩। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল —

(a) ফেৰাডেই

(b) ফ্লেমিঙে

(c) অ’ৰষ্টেডে

(d) এম্পিয়াৰে

উত্তৰঃ (c) অ’ৰষ্টেডে।

১৪। ঘৰুৱা বৰ্তনীত সঁজুলিসমূহ কি সংযোগত সংযুক্ত কৰা হয়?

(a) শ্ৰেণী সংযোগত

(b) সমান্তৰাল সংযোগত

(c) মিশ্ৰ সংযোগত

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) সমান্তৰাল সংযোগত।

১৫। ফিউজ তাঁৰ কোন তাঁৰৰ সৈতে শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়?

(a) উদাসীন তাঁৰ

(b) সজীৱ তাঁৰ

(c) ভূ-সংযোগ তাঁৰ

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (b) সজীৱ তাঁৰ।


খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

১। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল ______।

উত্তৰঃ হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেডে।

২। চৌম্বক ক্ষেত্ৰৰ SI একক হ’ল ______।

উত্তৰঃ টেছলা (Tesla)।

৩। চৌম্বক বলৰেখাবোৰ চুম্বকৰ ______ মেৰুৰ পৰা ওলাই ______ মেৰুত প্ৰৱেশ কৰে।

উত্তৰঃ উত্তৰ, দক্ষিণ।

৪। প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ______ নীতি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

৫। চৌম্বক ক্ষেত্ৰত প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ নিৰ্ণয় কৰিবলৈ ______ নীতি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ ফ্লেমিঙৰ বাওঁহতীয়া নীতি।

৬। বৈদ্যুতিক মটৰে ______ শক্তিক ______ শক্তিলৈ ৰূপান্তৰ কৰে।

উত্তৰঃ বৈদ্যুতিক, যান্ত্ৰিক।

৭। বৈদ্যুতিক জেনেৰেটৰে ______ শক্তিক ______ শক্তিলৈ ৰূপান্তৰ কৰে।

উত্তৰঃ যান্ত্ৰিক, বৈদ্যুতিক।

৮। বিদ্যুৎ-চুম্বকীয় আৱেশ আৱিষ্কাৰ কৰিছিল ______।

উত্তৰঃ মাইকেল ফেৰাডেই।

৯। ভাৰতত ঘৰুৱা বিদ্যুৎ যোগানৰ বিভৱভেদ ______ আৰু কম্পনাংক ______।

উত্তৰঃ 220 V, 50 Hz।

১০। ঘৰুৱা বৰ্তনীত সজীৱ তাঁৰৰ অন্তৰকৰ ৰং ______ আৰু উদাসীন তাঁৰৰ অন্তৰকৰ ৰং ______।

উত্তৰঃ ৰঙা, ক’লা।

১১। বৈদ্যুতিক মটৰত ______ (বিভক্ত বলয়/স্লিপ ৰিং) দিক পৰিবৰ্তক হিচাপে ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বিভক্ত বলয় (Split Ring)।

১২। AC জেনেৰেটৰত ______ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ স্লিপ ৰিং।

১৩। ফিউজ তাঁৰ ______ গলনাংকৰ সংকৰ ধাতুৰে তৈয়াৰ কৰা হয়।

উত্তৰঃ কম।

১৪। ঘৰুৱা বৰ্তনীত ফিউজ তাঁৰ ______ তাঁৰৰ সৈতে শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়।

উত্তৰঃ সজীৱ।

১৫। চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি ______ পাকৰ পিছত সলনি হয়।

উত্তৰঃ আধা।


শুদ্ধ নে অশুদ্ধ লিখা (True or False)

১। বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল মাইকেল ফেৰাডেই।

উত্তৰঃ অশুদ্ধ। (শুদ্ধ উত্তৰ: হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেডে আৱিষ্কাৰ কৰিছিল।)

২। চৌম্বক বলৰেখাবোৰ বন্ধ বক্ৰ।

উত্তৰঃ শুদ্ধ।

৩। দুডাল চৌম্বক বলৰেখাই পৰস্পৰে কটাকটি কৰিব পাৰে।

উত্তৰঃ অশুদ্ধ। (দুডাল চৌম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে।)

৪। এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

উত্তৰঃ অশুদ্ধ। (বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে।)

৫। এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ-চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।

উত্তৰঃ শুদ্ধ।

৬। এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।

উত্তৰঃ শুদ্ধ।

৭। সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

উত্তৰঃ অশুদ্ধ। (সেউজীয়া অন্তৰকৰ তাঁৰক ভূ-সংযোগ তাঁৰ বোলে। ৰঙা অন্তৰকৰ তাঁৰক সজীৱ তাঁৰ বোলে।)

৮। ঘৰুৱা বৰ্তনীত সঁজুলিসমূহ শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়।

উত্তৰঃ অশুদ্ধ। (ঘৰুৱা বৰ্তনীত সঁজুলিসমূহ সমান্তৰাল সংযোগত সংযুক্ত কৰা হয়।)

৯। ভাৰতত ঘৰুৱা বিদ্যুৎ যোগানৰ কম্পনাংক 50 Hz।

উত্তৰঃ শুদ্ধ।

১০। ফিউজ তাঁৰ উদাসীন তাঁৰৰ সৈতে শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়।

উত্তৰঃ অশুদ্ধ। (ফিউজ তাঁৰ সজীৱ তাঁৰৰ সৈতে শ্ৰেণী সংযোগত সংযুক্ত কৰা হয়।)

১১। বিদ্যুৎ-চুম্বকীয় আৱেশ আৱিষ্কাৰ কৰিছিল মাইকেল ফেৰাডেই।

উত্তৰঃ শুদ্ধ।

১২। চ’লেনইডৰ ভিতৰত চৌম্বক ক্ষেত্ৰ সকলো বিন্দুতে একে।

উত্তৰঃ শুদ্ধ।

১৩। DC জেনেৰেটৰত স্লিপ ৰিং ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ। (DC জেনেৰেটৰত কমিউটেটৰ ব্যৱহাৰ কৰা হয়। AC জেনেৰেটৰত স্লিপ ৰিং ব্যৱহাৰ কৰা হয়।)

১৪। বৰ্তী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীত প্ৰবাহ বুজন পৰিমাণে বৃদ্ধি পায়।

উত্তৰঃ শুদ্ধ।

১৫। ভূ-সংযোগ তাঁৰে বিদ্যুৎ স্পৃষ্ট হোৱাৰ পৰা সুৰক্ষা দিয়ে।

উত্তৰঃ শুদ্ধ।

Leave a Comment