HSLC Guru

Class 10 Science Chapter 1 Question Answer | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

সাৰাংশ: “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” অধ্যায়টো ASSEB দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায়। এই অধ্যায়ত ৰাসায়নিক বিক্ৰিয়া কি, ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব আৰু সন্তুলিত কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে। যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হৈ নতুন পদাৰ্থ সৃষ্টি হয়, তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়।

এই অধ্যায়ত ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰ যেনে — সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া, দ্বি-অপসৰণ বিক্ৰিয়া, জাৰণ-বিজাৰণ বিক্ৰিয়া আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰা হৈছে। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজৰ পাৰ্থক্য, ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতাৰ ধাৰণাও এই অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে। ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

Summary: “Chemical Reactions and Equations” is the first chapter of the ASSEB Class 10 Science textbook. This chapter covers the fundamentals of chemical reactions — how substances undergo chemical changes to form new substances. Students learn how to write and balance chemical equations using the law of conservation of mass. The chapter classifies chemical reactions into types: combination (synthesis), decomposition, displacement, double displacement, and oxidation-reduction (redox) reactions. It also explains exothermic and endothermic reactions, precipitation reactions, corrosion, and rancidity. Balancing chemical equations and identifying reaction types are key skills tested in the HSLC examination.


পাঠভিত্তিক প্ৰশ্নোত্তৰ (Textbook In-Text Questions)

পৃষ্ঠা নং ৬ (Page No. 6)

১। বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতাডাল কিয় পৰিষ্কাৰ কৰি লোৱা হয়?

উত্তৰঃ মেগনেছিয়ামৰ ফিতাডালৰ ওপৰত বায়ুৰ সংস্পৰ্শত মেগনেছিয়াম অক্সাইড (MgO) ৰ এটা তৰপ পৰে। এই তৰপটোৱে মেগনেছিয়ামক বায়ুত দহন হোৱাত বাধা প্ৰদান কৰে। সেইবাবে বায়ুত দহন কৰাৰ আগতে মেগনেছিয়ামৰ ফিতাডাল বালিকাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি MgO ৰ তৰপটো আঁতৰাই লোৱা হয়, যাতে ই সহজে জ্বলি উঠিব পাৰে।

২। তলত দিয়া ৰাসায়নিক বিক্ৰিয়াবোৰৰ সন্তুলিত সমীকৰণ লিখা —

(a) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

উত্তৰঃ H₂ + Cl₂ → 2HCl

(b) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ 3BaCl₂ + Al₂(SO₄)₃ → 3BaSO₄ + 2AlCl₃

(c) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন

উত্তৰঃ 2Na + 2H₂O → 2NaOH + H₂

৩। তলৰ বিক্ৰিয়াবোৰৰ অৱস্থা চিহ্নসহ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা —

(a) বেৰিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ বিক্ৰিয়াত অদ্ৰৱণীয় বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ উৎপন্ন হয়।

উত্তৰঃ BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)

(b) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ জলীয় দ্ৰৱই হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)

পৃষ্ঠা নং ১০ (Page No. 10)

১। ঘৰৰ বেৰত চূণ সানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা। পানীৰে সৈতে ইয়াৰ বিক্ৰিয়াটোও লিখা।

উত্তৰঃ পদাৰ্থ X হৈছে কেলছিয়াম অক্সাইড (পোৰা চূণ)। ইয়াৰ সংকেত হৈছে CaO। পানীৰে সৈতে ইয়াৰ বিক্ৰিয়াটো তলত দিয়া হ’ল —
CaO(s) + H₂O(l) → Ca(OH)₂(aq)
এই বিক্ৰিয়াটো এটা তাপবৰ্জী বিক্ৰিয়া আৰু লগতে সংযোজন বিক্ৰিয়াও।

২। কাৰ্যকলাপ ১.৭ ত সংগৃহীত গেছৰ পৰিমাণ দুটাৰ মাজৰ সম্পৰ্ক কেনেকুৱা? (পানীৰ বিদ্যুৎ বিশ্লেষণ)

উত্তৰঃ পানীৰ বিদ্যুৎ বিশ্লেষণত উৎপন্ন হোৱা হাইড্ৰ’জেন গেছৰ পৰিমাণ অক্সিজেন গেছৰ পৰিমাণৰ দুগুণ। কাৰণ পানী (H₂O) অণু এটাত দুটা হাইড্ৰ’জেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণু থাকে।
2H₂O(l) → 2H₂(g) + O₂(g)

পৃষ্ঠা নং ১৩ (Page No. 13)

১। যেতিয়া লো (আইৰণ) ৰ গজাল কপাৰ ছালফেটৰ দ্ৰৱত ডুবাই ৰখা হয়, তেতিয়া দ্ৰৱৰ ৰং কিয় সলনি হয়?

উত্তৰঃ আইৰণ (Fe) কপাৰতকৈ (Cu) অধিক সক্ৰিয় ধাতু। সেইবাবে আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে। ফলত নীলা ৰঙৰ কপাৰ ছালফেট দ্ৰৱটো সেউজীয়া ৰঙৰ ফেৰাছ ছালফেট দ্ৰৱলৈ পৰিৱৰ্তিত হয় আৰু গজালৰ ওপৰত মুগা বৰণৰ কপাৰ জমা হয়।
Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)

২। কাৰ্যকলাপ ১.১০ ত দ্বি-অপসৰণ বিক্ৰিয়াৰ আন এটা উদাহৰণ দিয়া।

উত্তৰঃ Na₂SO₄(aq) + BaCl₂(aq) → BaSO₄(s)↓ + 2NaCl(aq)
এই বিক্ৰিয়াত ছ’ডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত আয়নৰ বিনিময় ঘটে আৰু বেৰিয়াম ছালফেটৰ বগা অধঃক্ষেপ উৎপন্ন হয়।

৩। তলত দিয়া বিক্ৰিয়াবোৰত জাৰিত আৰু বিজাৰিত পদাৰ্থবোৰ চিনাক্ত কৰা —

(a) 4Na(s) + O₂(g) → 2Na₂O(s)

উত্তৰঃ জাৰিত পদাৰ্থ: Na (ছ’ডিয়ামে অক্সিজেন গ্ৰহণ কৰিছে)। বিজাৰিত পদাৰ্থ: O₂ (অক্সিজেনে ইলেকট্ৰন গ্ৰহণ কৰিছে)।

(b) CuO(s) + H₂(g) → Cu(s) + H₂O(g)

উত্তৰঃ জাৰিত পদাৰ্থ: H₂ (হাইড্ৰ’জেনে অক্সিজেন গ্ৰহণ কৰিছে)। বিজাৰিত পদাৰ্থ: CuO (কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে)।


অনুশীলনীৰ প্ৰশ্নোত্তৰ (Exercise Questions)

১। তলত দিয়া বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা আৰু প্ৰতিটো বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা —

(a) পটাছিয়াম ব্ৰ’মাইড(aq) + বেৰিয়াম আয়’ডাইড(aq) → পটাছিয়াম আয়’ডাইড(aq) + বেৰিয়াম ব্ৰ’মাইড(s)

উত্তৰঃ 2KBr(aq) + BaI₂(aq) → 2KI(aq) + BaBr₂(s)
এইটো এটা দ্বি-অপসৰণ বিক্ৰিয়া।

(b) জিংক কাৰ্বনেট → জিংক অক্সাইড + কাৰ্বন ডাই-অক্সাইড

উত্তৰঃ ZnCO₃(s) → ZnO(s) + CO₂(g)
এইটো এটা বিযোজন বিক্ৰিয়া।

(c) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

উত্তৰঃ H₂(g) + Cl₂(g) → 2HCl(g)
এইটো এটা সংযোজন বিক্ৰিয়া।

(d) মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন

উত্তৰঃ Mg(s) + 2HCl(aq) → MgCl₂(aq) + H₂(g)
এইটো এটা অপসৰণ বিক্ৰিয়া।

২। তলৰ বিক্ৰিয়াবোৰৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা —

(a) হাইড্ৰ’জেন + নাইট্ৰ’জেন → এম’নিয়া

উত্তৰঃ 3H₂(g) + N₂(g) → 2NH₃(g)

(b) হাইড্ৰ’জেন ছালফাইড + অক্সিজেন → পানী + ছালফাৰ ডাই-অক্সাইড

উত্তৰঃ 2H₂S(g) + 3O₂(g) → 2H₂O(l) + 2SO₂(g)

(c) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰঃ 3BaCl₂(aq) + Al₂(SO₄)₃(aq) → 3BaSO₄(s)↓ + 2AlCl₃(aq)

(d) পটাছিয়াম ধাতু + পানী → পটাছিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন গেছ

উত্তৰঃ 2K(s) + 2H₂O(l) → 2KOH(aq) + H₂(g)

৩। তলৰ বিক্ৰিয়াবোৰৰ সন্তুলিত ৰাসায়নিক সমীকৰণ অৱস্থা চিহ্নসহ লিখা —

(a) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱই হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)

(b) জিংক টুকুৰাত ছিলভাৰ নাইট্ৰেটৰ দ্ৰৱ যোগ কৰাত জিংক নাইট্ৰেটৰ দ্ৰৱ আৰু ধাতৱ ছিলভাৰ উৎপন্ন হয়।

উত্তৰঃ Zn(s) + 2AgNO₃(aq) → Zn(NO₃)₂(aq) + 2Ag(s)

(c) এলুমিনিয়ামে কপাৰ ক্ল’ৰাইডৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু কপাৰ উৎপন্ন কৰে।

উত্তৰঃ 2Al(s) + 3CuCl₂(aq) → 2AlCl₃(aq) + 3Cu(s)

(d) বেৰিয়াম ক্ল’ৰাইডে ছ’ডিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ছালফেটৰ অধঃক্ষেপ আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ উৎপন্ন কৰে।

উত্তৰঃ BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)

৪। ৰাসায়নিক সমীকৰণ সন্তুলিত হ’ব লাগে কিয়?

উত্তৰঃ ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি। অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থবোৰৰ মুঠ ভৰৰ সমান হ’ব লাগিব। সেইবাবে ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ দুয়োফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা সমান হ’ব লাগে, অৰ্থাৎ সমীকৰণটো সন্তুলিত হ’ব লাগে।

৫। তলৰ বিক্ৰিয়াবোৰক সংযোজন, বিযোজন, অপসৰণ আৰু দ্বি-অপসৰণ বিক্ৰিয়াত শ্ৰেণীভুক্ত কৰা —

(a) 2KBr(aq) + BaI₂(aq) → 2KI(aq) + BaBr₂(s)

উত্তৰঃ দ্বি-অপসৰণ বিক্ৰিয়া। কাৰণ দুটা যৌগৰ মাজত আয়নৰ বিনিময় হৈছে।

(b) ZnCO₃(s) → ZnO(s) + CO₂(g)

উত্তৰঃ বিযোজন বিক্ৰিয়া। কাৰণ এটা যৌগ ভাঙি দুটা সৰল পদাৰ্থ উৎপন্ন হৈছে।

(c) H₂(g) + Cl₂(g) → 2HCl(g)

উত্তৰঃ সংযোজন বিক্ৰিয়া। কাৰণ দুটা মৌল লগ হৈ এটা যৌগ উৎপন্ন হৈছে।

(d) Mg(s) + 2HCl(aq) → MgCl₂(aq) + H₂(g)

উত্তৰঃ অপসৰণ বিক্ৰিয়া। কাৰণ মেগনেছিয়ামে HCl ৰ পৰা হাইড্ৰ’জেনক অপসাৰিত কৰিছে।

৬। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ তাপবৰ্জী বিক্ৰিয়া: যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ শক্তি নিৰ্গত হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে।
উদাহৰণ: CaO(s) + H₂O(l) → Ca(OH)₂(aq) + তাপ
CH₄(g) + 2O₂(g) → CO₂(g) + 2H₂O(g) + তাপ

তাপগ্ৰাহী বিক্ৰিয়া: যি ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি শোষিত হয় তাক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
উদাহৰণ: 2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)
CaCO₃(s) → (তাপ) → CaO(s) + CO₂(g)

৭। শ্বসন প্ৰক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কিয় কোৱা হয়? ব্যাখ্যা কৰা।

উত্তৰঃ শ্বসন প্ৰক্ৰিয়াত আমি গ্ৰহণ কৰা খাদ্যৰ (গ্লুক’জৰ) অণুবোৰ অক্সিজেনৰ সহায়ত আমাৰ দেহকোষত ভাঙি কাৰ্বন ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াত শক্তি নিৰ্গত হয়, যি আমাৰ শৰীৰে বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰে। যিহেতু এই বিক্ৰিয়াত শক্তি মুক্ত হয়, সেইবাবে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলা হয়।
C₆H₁₂O₆(aq) + 6O₂(g) → 6CO₂(g) + 6H₂O(l) + শক্তি

৮। বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই বিক্ৰিয়া দুটাৰ বাবে সমীকৰণ লিখা।

উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটাই নতুন পদাৰ্থ গঠন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক সৰল পদাৰ্থ উৎপন্ন কৰে। গতিকে এটা আনটোৰ সম্পূৰ্ণ বিপৰীত।

সংযোজন বিক্ৰিয়া: CaO(s) + H₂O(l) → Ca(OH)₂(aq)
বিযোজন বিক্ৰিয়া: Ca(OH)₂(s) → (তাপ) → CaO(s) + H₂O(g)

সংযোজন বিক্ৰিয়া: 2Mg(s) + O₂(g) → 2MgO(s)
বিযোজন বিক্ৰিয়া: 2H₂O(l) → (বিদ্যুৎ) → 2H₂(g) + O₂(g)

৯। তলত দিয়া বিক্ৰিয়াবোৰত জাৰিত আৰু বিজাৰিত পদাৰ্থবোৰ চিনাক্ত কৰা —

(a) 4Na(s) + O₂(g) → 2Na₂O(s)

উত্তৰঃ জাৰিত পদাৰ্থ: Na (ছ’ডিয়ামে অক্সিজেন গ্ৰহণ কৰিছে)। বিজাৰিত পদাৰ্থ: O₂।

(b) CuO(s) + H₂(g) → Cu(s) + H₂O(g)

উত্তৰঃ জাৰিত পদাৰ্থ: H₂ (হাইড্ৰ’জেনে অক্সিজেন গ্ৰহণ কৰিছে)। বিজাৰিত পদাৰ্থ: CuO (কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে)।

১০। তলত দিয়া বিক্ৰিয়াটোত কোনটো পদাৰ্থ জাৰিত আৰু কোনটো বিজাৰিত হৈছে তাক কোৱা —
ZnO + C → Zn + CO

উত্তৰঃ জাৰিত পদাৰ্থ: C (কাৰ্বনে অক্সিজেন গ্ৰহণ কৰি CO হৈছে)। বিজাৰিত পদাৰ্থ: ZnO (জিংক অক্সাইডে অক্সিজেন হেৰুৱাই Zn হৈছে)।

১১। তাপীয় বিযোজন বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণসহ লিখা।

উত্তৰঃ যি বিযোজন বিক্ৰিয়াত তাপ শক্তিৰ প্ৰয়োজন হয় তাক তাপীয় বিযোজন বিক্ৰিয়া বোলে।
উদাহৰণ:
CaCO₃(s) → (তাপ) → CaO(s) + CO₂(g)
2Pb(NO₃)₂(s) → (তাপ) → 2PbO(s) + 4NO₂(g) + O₂(g)
2FeSO₄(s) → (তাপ) → Fe₂O₃(s) + SO₂(g) + SO₃(g)

১২। ক্ষয়ীভৱন বুলিলে কি বুজা? ক্ষয়ীভৱন ৰোধ কৰিব পৰা দুটা উপায় লিখা।

উত্তৰঃ ধাতুৰ পৃষ্ঠভাগ চাৰিওফালৰ পৰিবেশৰ বায়ু, জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শত ক্ৰমান্বয়ে ক্ষয় হোৱা প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে। উদাহৰণস্বৰূপে, লোত মামৰে ধৰা, কপাৰত সেউজীয়া ৰঙৰ প্ৰলেপ পৰা, ৰূপত ক’লা চামনি পৰা আদি।

ক্ষয়ীভৱন ৰোধৰ উপায়:
(i) ধাতুৰ পৃষ্ঠত ৰং, তেল বা গ্ৰীজ সানি দিব লাগে।
(ii) ধাতুৰ ওপৰত গেলভেনাইজিং (জিংকৰ প্ৰলেপ দিয়া), ক্ৰ’মিয়াম প্লেটিং, টিনৰ প্ৰলেপ আদি কৰিব লাগে।

১৩। দুৰ্গন্ধিতা (Rancidity) কাক বোলে? দুৰ্গন্ধিতা ৰোধ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?

উত্তৰঃ তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু দীৰ্ঘদিন ৰাখিলে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত জাৰিত হৈ তাৰ সোৱাদ আৰু গোন্ধ সলনি হয়। এই পৰিঘটনাটোকে দুৰ্গন্ধিতা বোলে।

দুৰ্গন্ধিতা ৰোধৰ উপায়:
(i) খাদ্যবস্তু বায়ুৰোধী পাত্ৰত ৰাখিব লাগে।
(ii) খাদ্যৰ টোপোলাত নাইট্ৰ’জেন গেছ ভৰাই ৰাখিব লাগে।
(iii) খাদ্যবস্তুত প্ৰতিজাৰক পদাৰ্থ (antioxidant) যোগ কৰিব লাগে।
(iv) খাদ্যবস্তু ঠাণ্ডা ঠাইত বা ফ্ৰীজত ৰাখিব লাগে।


অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions)

১। ৰাসায়নিক বিক্ৰিয়া কাক বোলে?

উত্তৰঃ পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হৈ নতুন ধৰ্ম আৰু নতুন সংযুতিৰে নতুন পদাৰ্থ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক ৰাসায়নিক বিক্ৰিয়া বোলে।

২। ৰাসায়নিক সমীকৰণ কাক বোলে?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে।

৩। সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে?

উত্তৰঃ যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ দুয়োফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

৪। অসন্তুলিত বা জঁকা সমীকৰণ কাক বোলে?

উত্তৰঃ যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক অসন্তুলিত বা জঁকা সমীকৰণ বোলে।

৫। বিক্ৰিয়ক পদাৰ্থ কাক বোলে?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থসমূহক বিক্ৰিয়ক পদাৰ্থ বোলে। সমীকৰণত ইহঁতক কাঁড় চিহ্নৰ বাওঁফালে লিখা হয়।

৬। বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে?

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থসমূহক বিক্ৰিয়াজাত পদাৰ্থ বোলে। সমীকৰণত ইহঁতক কাঁড় চিহ্নৰ সোঁফালে লিখা হয়।

৭। মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ মেগনেছিয়ামৰ ফিতা বায়ুত দহন কৰিলে মেগনেছিয়াম অক্সাইড (MgO) নামৰ এবিধ বগা পাউদাৰ উৎপন্ন হয়।
2Mg(s) + O₂(g) → 2MgO(s)

৮। সংযোজন বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাক সংযোজন বিক্ৰিয়া বোলে।
উদাহৰণ: CaO(s) + H₂O(l) → Ca(OH)₂(aq)

৯। বিযোজন বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, তাক বিযোজন বিক্ৰিয়া বোলে।
উদাহৰণ: 2H₂O(l) → (বিদ্যুৎ) → 2H₂(g) + O₂(g)

১০। অপসৰণ বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, তাক অপসৰণ বিক্ৰিয়া বোলে।
উদাহৰণ: Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)

১১। দ্বি-অপসৰণ বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে, তাক দ্বি-অপসৰণ বিক্ৰিয়া বোলে।
উদাহৰণ: AgNO₃(aq) + NaCl(aq) → AgCl(s)↓ + NaNO₃(aq)

১২। অধঃক্ষেপণ বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত এটা অদ্ৰৱণীয় কঠিন পদাৰ্থ (অধঃক্ষেপ) উৎপন্ন হয়, তাক অধঃক্ষেপণ বিক্ৰিয়া বোলে।
উদাহৰণ: BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)

১৩। জাৰণ বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন গ্ৰহণ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বিক্ৰিয়া বোলে।
উদাহৰণ: 2Cu + O₂ → 2CuO (কপাৰৰ জাৰণ)

১৪। বিজাৰণ বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন গ্ৰহণ কৰে, তাক বিজাৰণ বিক্ৰিয়া বোলে।
উদাহৰণ: CuO + H₂ → Cu + H₂O (কপাৰ অক্সাইডৰ বিজাৰণ)

১৫। ক্ষয়ীভৱন কাক বোলে?

উত্তৰঃ ধাতুৰ পৃষ্ঠভাগ বায়ু, জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শত ক্ৰমান্বয়ে ক্ষয় হোৱা প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে। উদাহৰণস্বৰূপে, লোত মামৰে ধৰা।

১৬। দুৰ্গন্ধিতা কাক বোলে?

উত্তৰঃ তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু দীৰ্ঘদিন ৰাখিলে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত জাৰিত হৈ তাৰ সোৱাদ আৰু গোন্ধ সলনি হোৱা পৰিঘটনাটোকে দুৰ্গন্ধিতা বোলে।

১৭। তাপবৰ্জী বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ শক্তি নিৰ্গত হয়, তাক তাপবৰ্জী বিক্ৰিয়া বোলে।
উদাহৰণ: CH₄(g) + 2O₂(g) → CO₂(g) + 2H₂O(g) + তাপ

১৮। তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে?

উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ শক্তি শোষিত হয়, তাক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
উদাহৰণ: CaCO₃(s) → (তাপ) → CaO(s) + CO₂(g)

১৯। প্ৰশমন বিক্ৰিয়া কাক বোলে?

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটিলে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে।
উদাহৰণ: NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)

২০। পোৰা চূণৰ সংকেত কি?

উত্তৰঃ পোৰা চূণৰ সংকেত হৈছে CaO (কেলছিয়াম অক্সাইড)।

২১। ভৰ সংৰক্ষণ সূত্ৰ কি?

উত্তৰঃ ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি, ৰাসায়নিক বিক্ৰিয়া এটাত ভৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি। অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ মুঠ ভৰ সমান হয়।

২২। সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ 2Mg(s) + O₂(g) → 2MgO(s)

২৩। লোত মামৰে ধৰাটো কোন ধৰণৰ বিক্ৰিয়া?

উত্তৰঃ লোত মামৰে ধৰাটো এটা ক্ষয়ীভৱন (জাৰণ) বিক্ৰিয়া। লো (Fe) বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শত জাৰিত হৈ মামৰ (Fe₂O₃.xH₂O) উৎপন্ন কৰে।

২৪। কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?

উত্তৰঃ কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত সেউজীয়া বৰণৰ চামনি পৰে। এই সেউজীয়া পদাৰ্থবিধ হ’ল কপাৰ কাৰ্বনেট [CuCO₃]।

২৫। ৰূপৰ সামগ্ৰীৰ ক্ষয়ীভৱনত কি ঘটে?

উত্তৰঃ ৰূপৰ সামগ্ৰী বায়ুৰ সংস্পৰ্শত ক্ষয়ীভূত হৈ ক’লা বৰণৰ চামনি পৰে। এই ক’লা পদাৰ্থবিধ হ’ল ছিলভাৰ ছালফাইড (Ag₂S)।


চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)

১। সংযোজন আৰু বিযোজন বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। উদাহৰণসহ সমীকৰণ দিয়া।

উত্তৰঃ

সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া
দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ গঠন হয়। এটা পদাৰ্থ ভাঙি দুটা বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হয়।
উদাহৰণ: CaO + H₂O → Ca(OH)₂ উদাহৰণ: CaCO₃ → CaO + CO₂
উদাহৰণ: 2Mg + O₂ → 2MgO উদাহৰণ: 2H₂O → 2H₂ + O₂

২। তাপীয় বিযোজন, আলোক ৰাসায়নিক বিযোজন আৰু বিদ্যুৎ বিশ্লেষণ বিক্ৰিয়াৰ প্ৰতিটোৰ এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ
(i) তাপীয় বিযোজন: 2Pb(NO₃)₂(s) → (তাপ) → 2PbO(s) + 4NO₂(g) + O₂(g)
(ii) আলোক ৰাসায়নিক বিযোজন: 2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)
(iii) বিদ্যুৎ বিশ্লেষণ: 2H₂O(l) → (বিদ্যুৎ) → 2H₂(g) + O₂(g)

৩। জাৰণ-বিজাৰণ বিক্ৰিয়া উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে ঘটে তাক জাৰণ-বিজাৰণ বা ৰেড’ক্স বিক্ৰিয়া বোলে।
উদাহৰণ: CuO(s) + H₂(g) → Cu(s) + H₂O(g)
এই বিক্ৰিয়াত — CuO বিজাৰিত হৈছে (অক্সিজেন হেৰুৱাইছে) আৰু H₂ জাৰিত হৈছে (অক্সিজেন গ্ৰহণ কৰিছে)।

আন এটা উদাহৰণ: ZnO + C → Zn + CO
ইয়াত ZnO বিজাৰিত হৈছে আৰু C জাৰিত হৈছে।

৪। ফেৰাছ ছালফেটৰ তাপীয় বিযোজনত কি কি উৎপন্ন হয়? সমীকৰণ লিখা।

উত্তৰঃ ফেৰাছ ছালফেটৰ স্ফটিকক উত্তপ্ত কৰিলে ফেৰিক অক্সাইড, ছালফাৰ ডাই-অক্সাইড আৰু ছালফাৰ ট্ৰাই-অক্সাইড উৎপন্ন হয়।
2FeSO₄(s) → (তাপ) → Fe₂O₃(s) + SO₂(g) + SO₃(g)

৫। লেড নাইট্ৰেটৰ তাপীয় বিযোজনত কি কি উৎপন্ন হয়? সমীকৰণ লিখা।

উত্তৰঃ লেড নাইট্ৰেট স্ফটিকক উত্তপ্ত কৰিলে লেড অক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড আৰু অক্সিজেন উৎপন্ন হয়।
2Pb(NO₃)₂(s) → (তাপ) → 2PbO(s) + 4NO₂(g) + O₂(g)

৬। ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হোৱা বুলি কিহৰ পৰা জানিব পাৰি?

উত্তৰঃ তলৰ লক্ষণসমূহৰ যিকোনো এটা দেখিলে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি জানিব পাৰি —
(i) গেছ উৎপন্ন হোৱা
(ii) ৰং সলনি হোৱা
(iii) তাপ উৎপন্ন হোৱা বা শোষণ হোৱা
(iv) অধঃক্ষেপ সৃষ্টি হোৱা
(v) শব্দ উৎপন্ন হোৱা
(vi) গোন্ধ ওলোৱা

৭। তলত দিয়া সমীকৰণসমূহ সন্তুলিত কৰা —

(a) Fe + H₂O → Fe₃O₄ + H₂

উত্তৰঃ 3Fe(s) + 4H₂O(g) → Fe₃O₄(s) + 4H₂(g)

(b) Al + HCl → AlCl₃ + H₂

উত্তৰঃ 2Al(s) + 6HCl(aq) → 2AlCl₃(aq) + 3H₂(g)

(c) Na + H₂O → NaOH + H₂

উত্তৰঃ 2Na(s) + 2H₂O(l) → 2NaOH(aq) + H₂(g)

(d) Fe₂O₃ + Al → Al₂O₃ + Fe

উত্তৰঃ Fe₂O₃(s) + 2Al(s) → Al₂O₃(s) + 2Fe(l)
এইটো থাৰ্মাইট বিক্ৰিয়া বুলি জনা যায়।

৮। ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো কোন ধৰণৰ বিক্ৰিয়া? সমীকৰণ লিখা।

উত্তৰঃ এইটো এটা আলোক ৰাসায়নিক বিযোজন বিক্ৰিয়া (Photochemical decomposition reaction)।
2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)
ছিলভাৰ ক্ল’ৰাইডৰ বগা ৰং ধূসৰ ৰঙলৈ পৰিৱৰ্তিত হয়।

৯। ছিলভাৰ ব্ৰ’মাইডৰ আলোক বিযোজনৰ সমীকৰণ লিখা।

উত্তৰঃ 2AgBr(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Br₂(g)
এই বিক্ৰিয়াটো ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়।

১০। ক্ষয়ীভৱন ৰোধৰ বিভিন্ন উপায়সমূহ লিখা।

উত্তৰঃ ক্ষয়ীভৱন ৰোধৰ উপায়সমূহ হ’ল —
(i) ধাতুৰ পৃষ্ঠত ৰং (paint) সানি দিব লাগে।
(ii) ধাতুৰ ওপৰত তেল বা গ্ৰীজ সানিব লাগে।
(iii) গেলভেনাইজিং — ধাতুৰ ওপৰত জিংকৰ প্ৰলেপ দিব লাগে।
(iv) ক্ৰ’মিয়াম প্লেটিং বা টিনৰ প্ৰলেপ দিব লাগে।
(v) সংকৰ ধাতু (alloy) তৈয়াৰ কৰা — যেনে ষ্টেইনলেছ ষ্টীল।


দীঘল উত্তৰৰ প্ৰশ্ন (Long Answer Questions)

১। ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ ৰাসায়নিক বিক্ৰিয়াসমূহক প্ৰধানকৈ তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি —

(ক) সংযোজন বিক্ৰিয়া: দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে।
উদাহৰণ: 2Mg(s) + O₂(g) → 2MgO(s)
CaO(s) + H₂O(l) → Ca(OH)₂(aq)
H₂(g) + Cl₂(g) → 2HCl(g)

(খ) বিযোজন বিক্ৰিয়া: এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক সৰল পদাৰ্থ উৎপন্ন হয়।
উদাহৰণ: 2H₂O(l) → (বিদ্যুৎ) → 2H₂(g) + O₂(g)
CaCO₃(s) → (তাপ) → CaO(s) + CO₂(g)
2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)

(গ) অপসৰণ বিক্ৰিয়া: এটা অধিক সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে।
উদাহৰণ: Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)
Zn(s) + 2AgNO₃(aq) → Zn(NO₃)₂(aq) + 2Ag(s)

(ঘ) দ্বি-অপসৰণ বিক্ৰিয়া: দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে।
উদাহৰণ: AgNO₃(aq) + NaCl(aq) → AgCl(s)↓ + NaNO₃(aq)
BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)

(ঙ) জাৰণ-বিজাৰণ বিক্ৰিয়া: জাৰণ আৰু বিজাৰণ একেলগে ঘটে।
উদাহৰণ: CuO(s) + H₂(g) → Cu(s) + H₂O(g)
ইয়াত CuO বিজাৰিত হৈছে আৰু H₂ জাৰিত হৈছে।

২। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখা। প্ৰতিটোৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ

তাপবৰ্জী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া
বিক্ৰিয়াত তাপ শক্তি নিৰ্গত হয়। বিক্ৰিয়াত তাপ শক্তি শোষিত হয়।
বিক্ৰিয়াৰ পাছত উষ্ণতা বাঢ়ে। বিক্ৰিয়াৰ পাছত উষ্ণতা কমে।
বাহিৰৰ পৰা তাপ শক্তি যোগান ধৰাৰ প্ৰয়োজন নাই। বাহিৰৰ পৰা তাপ শক্তি যোগান ধৰিব লাগে।

তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ:
(i) CaO(s) + H₂O(l) → Ca(OH)₂(aq) + তাপ
(ii) C₆H₁₂O₆(aq) + 6O₂(g) → 6CO₂(g) + 6H₂O(l) + শক্তি (শ্বসন)

তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ:
(i) CaCO₃(s) → (তাপ) → CaO(s) + CO₂(g)
(ii) 2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)

৩। জাৰণ আৰু বিজাৰণৰ সংজ্ঞা দিয়া। জাৰণ-বিজাৰণ বিক্ৰিয়া উদাহৰণসহ বিতংকৈ ব্যাখ্যা কৰা।

উত্তৰঃ

জাৰণ (Oxidation): যি বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন গ্ৰহণ কৰে বা হাইড্ৰ’জেন হেৰুৱায়, তাক জাৰণ বোলে।
উদাহৰণ: 2Cu + O₂ → 2CuO (কপাৰে অক্সিজেন গ্ৰহণ কৰিছে)
C + O₂ → CO₂ (কাৰ্বনে অক্সিজেন গ্ৰহণ কৰিছে)

বিজাৰণ (Reduction): যি বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন গ্ৰহণ কৰে, তাক বিজাৰণ বোলে।
উদাহৰণ: CuO + H₂ → Cu + H₂O (CuO ৱে অক্সিজেন হেৰুৱাইছে)
ZnO + C → Zn + CO (ZnO ৱে অক্সিজেন হেৰুৱাইছে)

জাৰণ-বিজাৰণ বিক্ৰিয়া: যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেড’ক্স বিক্ৰিয়া বোলে।
উদাহৰণ: CuO(s) + H₂(g) → Cu(s) + H₂O(g)
এই বিক্ৰিয়াত —
– CuO বিজাৰিত হৈছে (অক্সিজেন হেৰুৱাইছে, CuO → Cu)
– H₂ জাৰিত হৈছে (অক্সিজেন গ্ৰহণ কৰিছে, H₂ → H₂O)

আন উদাহৰণ: MnO₂ + 4HCl → MnCl₂ + 2H₂O + Cl₂
ইয়াত HCl জাৰিত হৈছে আৰু MnO₂ বিজাৰিত হৈছে।

৪। ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? বিতংকৈ আলোচনা কৰা।

উত্তৰঃ

ক্ষয়ীভৱন (Corrosion): ধাতুৰ পৃষ্ঠভাগ চাৰিওফালৰ পৰিবেশৰ বায়ু, জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শত ক্ৰমান্বয়ে ক্ষয় হোৱা প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে।

উদাহৰণ:
– লোত মামৰে ধৰা: লো বায়ু আৰু জলীয় বাষ্পৰ উপস্থিতিত জাৰিত হৈ মুগা বৰণৰ মামৰ (Fe₂O₃.xH₂O) উৎপন্ন কৰে।
– কপাৰৰ পৃষ্ঠত সেউজীয়া বৰণৰ কপাৰ কাৰ্বনেটৰ [CuCO₃] প্ৰলেপ পৰে।
– ৰূপৰ পৃষ্ঠত ক’লা বৰণৰ ছিলভাৰ ছালফাইডৰ (Ag₂S) চামনি পৰে।

ক্ষয়ীভৱন ৰোধৰ উপায়:
(i) ধাতুৰ পৃষ্ঠত ৰং (paint) সানি দিব লাগে।
(ii) তেল বা গ্ৰীজ সানিব লাগে।
(iii) গেলভেনাইজিং (জিংকৰ প্ৰলেপ দিয়া)।
(iv) ক্ৰ’মিয়াম প্লেটিং বা টিনৰ প্ৰলেপ দিয়া।
(v) সংকৰ ধাতু (alloy) তৈয়াৰ কৰা।

দুৰ্গন্ধিতা (Rancidity): তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু দীৰ্ঘদিন ৰাখিলে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত জাৰিত হৈ তাৰ সোৱাদ আৰু গোন্ধ সলনি হয়। এই পৰিঘটনাক দুৰ্গন্ধিতা বোলে।

দুৰ্গন্ধিতা ৰোধৰ উপায়:
(i) খাদ্যবস্তু বায়ুৰোধী পাত্ৰত ৰাখিব লাগে।
(ii) খাদ্যৰ টোপোলাত নাইট্ৰ’জেন গেছ ভৰাই ৰাখিব লাগে (নাইট্ৰ’জেন এটা প্ৰতিজাৰক পদাৰ্থ)।
(iii) খাদ্যবস্তুত প্ৰতিজাৰক পদাৰ্থ (antioxidant) যোগ কৰিব লাগে।
(iv) খাদ্যবস্তু ঠাণ্ডা ঠাইত বা ফ্ৰীজত ৰাখিব লাগে।

৫। দৈনন্দিন জীৱনত দেখা পোৱা পাঁচটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰঃ দৈনন্দিন জীৱনত দেখা পোৱা পাঁচটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ হ’ল —
(i) খাদ্য হজম হোৱা: আমি খোৱা খাদ্য পাকস্থলীত এছিড আৰু এনজাইমৰ সহায়ত ভাঙি সৰল পদাৰ্থলৈ পৰিণত হয়।
(ii) শ্বসন: গ্লুক’জ অক্সিজেনৰ সহায়ত জাৰিত হৈ CO₂, H₂O আৰু শক্তি উৎপন্ন কৰে।
C₆H₁₂O₆ + 6O₂ → 6CO₂ + 6H₂O + শক্তি
(iii) লোত মামৰে ধৰা: লো বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শত জাৰিত হৈ মামৰ (Fe₂O₃.xH₂O) উৎপন্ন কৰে।
(iv) গাখীৰ টেঙা হোৱা: গাখীৰত বেক্টেৰিয়াৰ ক্ৰিয়াত লেক্ট’জ লেক্টিক এছিডলৈ পৰিৱৰ্তিত হয়।
(v) মোমবাতি জ্বলোৱা: মোমৰ দহনত CO₂ আৰু H₂O উৎপন্ন হয় আৰু পোহৰ আৰু তাপ নিৰ্গত হয়।


বহু বিকল্পধৰ্মী প্ৰশ্ন (MCQ)

১। পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) তাপবৰ্জী

উত্তৰঃ (b) বিযোজন

২। তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে?
(a) অপসৰণ
(b) বিযোজন
(c) দ্বি-অপসৰণ
(d) সংযোজন

উত্তৰঃ (c) দ্বি-অপসৰণ

৩। প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) তাপগ্ৰাহী
(b) তাপবৰ্জী
(c) সংযোজন
(d) অধঃক্ষেপণ

উত্তৰঃ (b) তাপবৰ্জী

৪। ZnO + C → Zn + CO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে —
(a) ZnO, C
(b) Zn, CO
(c) ZnO, CO
(d) C, ZnO

উত্তৰঃ (d) C, ZnO

৫। MnO₂ + 4HCl → MnCl₂ + 2H₂O + Cl₂ এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ —
(a) HCl, MnO₂
(b) HCl, MnCl₂
(c) MnO₂, HCl
(d) MnO₂, Cl₂

উত্তৰঃ (a) HCl, MnO₂

৬। মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউদাৰবিধ হ’ল —
(a) মেগনেছিয়াম কাৰ্বনেট
(b) মেগনেছিয়াম নাইট্ৰেট
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম হাইড্ৰ’ক্সাইড

উত্তৰঃ (c) মেগনেছিয়াম অক্সাইড

৭। পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) তাপবৰ্জী
(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

৮। ফেৰাছ ছালফেটৰ তাপীয় বিযোজনত উৎপন্ন হয় —
(a) SO₂
(b) SO₃
(c) Fe₂O₃
(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা

৯। চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) তাপবৰ্জী

উত্তৰঃ (b) বিযোজন

১০। ছিলভাৰ ব্ৰ’মাইড সূৰ্যৰ পোহৰত ছিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ?
(a) বিযোজন
(b) সংযোজন
(c) তাপগ্ৰাহী
(d) (a) আৰু (c)

উত্তৰঃ (d) (a) আৰু (c)

১১। কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) অপসৰণ
(b) অধঃক্ষেপণ
(c) দ্বি-অপসৰণ
(d) সংযোজন

উত্তৰঃ (a) অপসৰণ

১২। BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ?
(a) অপসৰণ
(b) দ্বি-অপসৰণ
(c) অধঃক্ষেপণ
(d) (b) আৰু (c)

উত্তৰঃ (d) (b) আৰু (c)

১৩। 2Cu + O₂ → 2CuO এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে —
(a) CuO, O₂
(b) Cu, O₂
(c) O₂, CuO
(d) Cu, CuO

উত্তৰঃ (b) Cu, O₂

১৪। কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনে বৰণৰ চামনি পৰে?
(a) ক’লা
(b) মুগা
(c) সেউজীয়া
(d) ৰঙা

উত্তৰঃ (c) সেউজীয়া

১৫। তলৰ কোনটো এটা তাপগ্ৰাহী বিক্ৰিয়া?
(a) কয়লাৰ দহন
(b) পানীৰ বিদ্যুৎ বিশ্লেষণ
(c) প্ৰাকৃতিক গেছৰ দহন
(d) শ্বসন

উত্তৰঃ (b) পানীৰ বিদ্যুৎ বিশ্লেষণ

১৬। Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s) এই বিক্ৰিয়াটো কোন ধৰণৰ বিক্ৰিয়া?
(a) সংযোজন
(b) বিযোজন
(c) অপসৰণ
(d) দ্বি-অপসৰণ

উত্তৰঃ (c) অপসৰণ

১৭। ভৰ সংৰক্ষণ সূত্ৰ কোনে প্ৰতিপাদন কৰিছিল?
(a) ডেল্টন
(b) লেভয়ছিয়ে
(c) নিউটন
(d) প্ৰাউষ্ট

উত্তৰঃ (b) লেভয়ছিয়ে

১৮। NaOH + HCl → NaCl + H₂O এই বিক্ৰিয়াটো কোন ধৰণৰ বিক্ৰিয়া?
(a) সংযোজন
(b) প্ৰশমন
(c) অপসৰণ
(d) বিযোজন

উত্তৰঃ (b) প্ৰশমন

১৯। তলৰ কোনটো এটা দ্বি-অপসৰণ বিক্ৰিয়া?
(a) 2Mg + O₂ → 2MgO
(b) Fe + CuSO₄ → FeSO₄ + Cu
(c) AgNO₃ + NaCl → AgCl + NaNO₃
(d) CaCO₃ → CaO + CO₂

উত্তৰঃ (c) AgNO₃ + NaCl → AgCl + NaNO₃

২০। ৰূপৰ সামগ্ৰীৰ ওপৰত ক’লা চামনি পৰাৰ কাৰণ কি?
(a) ছিলভাৰ অক্সাইডৰ গঠন
(b) ছিলভাৰ ছালফাইডৰ গঠন
(c) ছিলভাৰ কাৰ্বনেটৰ গঠন
(d) ছিলভাৰ নাইট্ৰেটৰ গঠন

উত্তৰঃ (b) ছিলভাৰ ছালফাইডৰ গঠন


খালী ঠাই পূৰণ কৰা (Fill in the Blanks)

১। যি ৰাসায়নিক সমীকৰণত উভয় ফালে প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে তাক _______ সমীকৰণ বোলে।

উত্তৰঃ সন্তুলিত

২। ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থসমূহক _______ পদাৰ্থ বোলে।

উত্তৰঃ বিক্ৰিয়ক

৩। ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থসমূহক _______ পদাৰ্থ বোলে।

উত্তৰঃ বিক্ৰিয়াজাত

৪। দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰা বিক্ৰিয়াক _______ বিক্ৰিয়া বোলে।

উত্তৰঃ সংযোজন

৫। এটা যৌগ ভাঙি দুটা বা ততোধিক সৰল পদাৰ্থ উৎপন্ন কৰা বিক্ৰিয়াক _______ বিক্ৰিয়া বোলে।

উত্তৰঃ বিযোজন

৬। যি বিক্ৰিয়াত তাপ শক্তি নিৰ্গত হয় তাক _______ বিক্ৰিয়া বোলে।

উত্তৰঃ তাপবৰ্জী

৭। যি বিক্ৰিয়াত তাপ শক্তি শোষিত হয় তাক _______ বিক্ৰিয়া বোলে।

উত্তৰঃ তাপগ্ৰাহী

৮। এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু _______ উৎপন্ন হয়।

উত্তৰঃ পানী

৯। কোনো পদাৰ্থই অক্সিজেন গ্ৰহণ কৰা বিক্ৰিয়াক _______ বোলে।

উত্তৰঃ জাৰণ

১০। কোনো পদাৰ্থই অক্সিজেন হেৰুৱা বিক্ৰিয়াক _______ বোলে।

উত্তৰঃ বিজাৰণ

১১। ৰাসায়নিক সমীকৰণ _______ সূত্ৰ অনুসৰি সন্তুলিত কৰিব লাগে।

উত্তৰঃ ভৰ সংৰক্ষণ

১২। তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হৈ সোৱাদ আৰু গোন্ধ সলনি হোৱা পৰিঘটনাক _______ বোলে।

উত্তৰঃ দুৰ্গন্ধিতা

১৩। পোৰা চূণৰ ৰাসায়নিক সংকেত হ’ল _______।

উত্তৰঃ CaO

১৪। লোত মামৰে ধৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ সংকেত হ’ল _______।

উত্তৰঃ Fe₂O₃.xH₂O

১৫। কপাৰৰ ক্ষয়ীভৱনত পৃষ্ঠত _______ বৰণৰ প্ৰলেপ পৰে।

উত্তৰঃ সেউজীয়া


শুদ্ধ নে অশুদ্ধ লিখা (True or False)

১। ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাৰ প্ৰয়োজন নাই।

উত্তৰঃ অশুদ্ধ। ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব লাগে।

২। পানীৰ বিদ্যুৎ বিশ্লেষণ এটা বিযোজন বিক্ৰিয়া।

উত্তৰঃ শুদ্ধ।

৩। সংযোজন বিক্ৰিয়াত এটা পদাৰ্থ ভাঙি দুটা পদাৰ্থ উৎপন্ন হয়।

উত্তৰঃ অশুদ্ধ। সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ গঠন হয়। পদাৰ্থ ভাঙি দুটা উৎপন্ন হোৱাটো বিযোজন বিক্ৰিয়া।

৪। শ্বসন প্ৰক্ৰিয়া এটা তাপবৰ্জী বিক্ৰিয়া।

উত্তৰঃ শুদ্ধ। শ্বসন প্ৰক্ৰিয়াত শক্তি নিৰ্গত হয়।

৫। CaCO₃ → CaO + CO₂ এই বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। এইটো এটা তাপীয় বিযোজন বিক্ৰিয়া।

৬। জাৰণ বিক্ৰিয়াত পদাৰ্থই অক্সিজেন হেৰুৱায়।

উত্তৰঃ অশুদ্ধ। জাৰণ বিক্ৰিয়াত পদাৰ্থই অক্সিজেন গ্ৰহণ কৰে। অক্সিজেন হেৰুৱা বিক্ৰিয়াক বিজাৰণ বোলে।

৭। লোত মামৰে ধৰাটো ক্ষয়ীভৱনৰ উদাহৰণ।

উত্তৰঃ শুদ্ধ।

৮। Fe + CuSO₄ → FeSO₄ + Cu এই বিক্ৰিয়াটো এটা দ্বি-অপসৰণ বিক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। এইটো এটা অপসৰণ বিক্ৰিয়া। ইয়াত আইৰণে কপাৰক কপাৰ ছালফেটৰ পৰা অপসাৰিত কৰিছে।

৯। দুৰ্গন্ধিতা ৰোধ কৰিবলৈ খাদ্যৰ টোপোলাত নাইট্ৰ’জেন গেছ ভৰোৱা হয়।

উত্তৰঃ শুদ্ধ। নাইট্ৰ’জেন এটা প্ৰতিজাৰক পদাৰ্থ, সেইবাবে ই খাদ্যৰ জাৰণ ৰোধ কৰে।

১০। কপাৰৰ ক্ষয়ীভৱনত ক’লা বৰণৰ প্ৰলেপ পৰে।

উত্তৰঃ অশুদ্ধ। কপাৰৰ ক্ষয়ীভৱনত সেউজীয়া বৰণৰ কপাৰ কাৰ্বনেটৰ প্ৰলেপ পৰে। ক’লা বৰণৰ চামনি ৰূপৰ ক্ষয়ীভৱনত পৰে।

১১। ভৰ সংৰক্ষণ সূত্ৰ অনুসৰি বিক্ৰিয়াৰ আগত আৰু পাছত মুঠ ভৰ সমান থাকে।

উত্তৰঃ শুদ্ধ।

১২। AgNO₃ + NaCl → AgCl + NaNO₃ এই বিক্ৰিয়াটো এটা অপসৰণ বিক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। এইটো এটা দ্বি-অপসৰণ আৰু অধঃক্ষেপণ বিক্ৰিয়া।


সংখ্যাগত সমস্যা (Numerical Problems)

১। তলৰ সমীকৰণসমূহ সন্তুলিত কৰা:

(a) Fe₂O₃ + H₂ → Fe + H₂O

উত্তৰঃ Fe₂O₃ + 3H₂ → 2Fe + 3H₂O

(b) Al + O₂ → Al₂O₃

উত্তৰঃ 4Al + 3O₂ → 2Al₂O₃

(c) P + O₂ → P₂O₅

উত্তৰঃ 4P + 5O₂ → 2P₂O₅

(d) CH₄ + O₂ → CO₂ + H₂O

উত্তৰঃ CH₄ + 2O₂ → CO₂ + 2H₂O

(e) N₂ + H₂ → NH₃

উত্তৰঃ N₂ + 3H₂ → 2NH₃

(f) C₃H₈ + O₂ → CO₂ + H₂O

উত্তৰঃ C₃H₈ + 5O₂ → 3CO₂ + 4H₂O

(g) Fe + Cl₂ → FeCl₃

উত্তৰঃ 2Fe + 3Cl₂ → 2FeCl₃

(h) Ca(OH)₂ + HNO₃ → Ca(NO₃)₂ + H₂O

উত্তৰঃ Ca(OH)₂ + 2HNO₃ → Ca(NO₃)₂ + 2H₂O


অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (Additional Important Questions)

১। থাৰ্মাইট বিক্ৰিয়া কি? ইয়াৰ ব্যৱহাৰ লিখা।

উত্তৰঃ আইৰণ অক্সাইড (Fe₂O₃) আৰু এলুমিনিয়ামৰ মাজত হোৱা বিক্ৰিয়াক থাৰ্মাইট বিক্ৰিয়া বোলে। এই বিক্ৰিয়াত অত্যধিক তাপ উৎপন্ন হয়।
Fe₂O₃(s) + 2Al(s) → Al₂O₃(s) + 2Fe(l) + তাপ
এই বিক্ৰিয়া ৰেলপথৰ চিৰা (crack) জোৰা লগাবলৈ আৰু মেচিনৰ ভঙা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়।

২। সমীকৰণত অৱস্থা চিহ্নৰ অৰ্থ কি?

উত্তৰঃ ৰাসায়নিক সমীকৰণত ব্যৱহাৰ কৰা অৱস্থা চিহ্নসমূহ হ’ল —
(s) — কঠিন অৱস্থা (solid)
(l) — তৰল অৱস্থা (liquid)
(g) — গেছীয় অৱস্থা (gas)
(aq) — জলীয় দ্ৰৱ (aqueous solution)
↓ — অধঃক্ষেপ (precipitate)
↑ — গেছ নিৰ্গত হোৱা

৩। কেলছিয়াম অক্সাইড পানীত দিলে কি ঘটে? সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ কেলছিয়াম অক্সাইড (পোৰা চূণ) পানীত দিলে কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন হয় আৰু বহু পৰিমাণৰ তাপ নিৰ্গত হয়।
CaO(s) + H₂O(l) → Ca(OH)₂(aq) + তাপ
এইটো এটা সংযোজন বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়াও।

৪। ফটোগ্ৰাফীত ছিলভাৰ হেলাইডৰ বিযোজন বিক্ৰিয়া কেনেকৈ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ছিলভাৰ ক্ল’ৰাইড (AgCl) আৰু ছিলভাৰ ব্ৰ’মাইড (AgBr) সূৰ্যৰ পোহৰৰ উপস্থিতিত বিযোজিত হৈ ছিলভাৰ আৰু হেল’জেন গেছ উৎপন্ন কৰে। এই ধৰ্মক সাদা-ক’লা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়।
2AgCl(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Cl₂(g)
2AgBr(s) → (সূৰ্যৰ পোহৰ) → 2Ag(s) + Br₂(g)

৫। গেলভেনাইজিং কি? ই কেনেকৈ লোক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে?

উত্তৰঃ লোৰ পৃষ্ঠত জিংকৰ পাতল প্ৰলেপ দিয়া প্ৰক্ৰিয়াটোক গেলভেনাইজিং বোলে। জিংকৰ প্ৰলেপে লোৰ পৃষ্ঠক বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰে। জিংক লোতকৈ অধিক সক্ৰিয় ধাতু হোৱা বাবে প্ৰথমে জিংকৰ ক্ষয়ীভৱন হয় আৰু লোক সুৰক্ষিত ৰাখে।

Leave a Comment