HSLC Guru

Class 10 Assamese Chapter 12 Question Answer | পৰস্যত এভূমুকি Question Answers

সাৰাংশ: “পাৰস্যত এভুমুকি” পাঠটি লেখক ৰথীন্দ্ৰনাথ গোস্বামীৰ এক ভ্ৰমণ কাহিনী। ইয়াত তেওঁ পাৰস্য উপসাগৰত অৱস্থিত বুশ্বেৰ নামৰ ঠাইখনলৈ কৰা এক চৰকাৰী ভ্ৰমণৰ বিৱৰণ দাঙি ধৰিছে। লেখক এগৰাকী তৈল অভিযন্তা হোৱাৰ সূত্ৰে তেওঁ কামৰ বাবে বুশ্বেৰলৈ গৈছিল। এই ভ্ৰমণ কালত তেওঁ ˝ইৰাণৰ ৰাজনীতি, ভূগোল, অৰ্থনীতি আৰু সংস্কৃতিৰ বিষয়ে এক সুন্দৰ আভাস দাঙি ধৰিছে। তেওঁ ইৰাণৰ মানুহৰ অতিথিপৰায়ণতা, খোৱা-বোৱা, সাজ-পাৰ আদিৰ বিষয়েও বৰ্ণনা কৰিছে। তদুপৰি, পাৰস্যৰ প্ৰাচীন ইতিহাসৰ পৰা আৰম্ভ কৰি আধুনিক ইৰাণৰ ইছলামিক বিপ্লৱলৈকে এক চমু অৱলোকন দাঙি ধৰা হৈছে। এই পাঠটোৱে ছাত্ৰ-ছাত্ৰীসকলক এখন বেলেগ দেশৰ সমাজ-সংস্কৃতি আৰু ইতিহাসৰ লগত চিনাকি হোৱাৰ সুযোগ দিয়ে।

Summary: The lesson “Parasyat Ebhumuki” (A Glimpse of Persia) is a travelogue by author Rathindranath Goswami. In this chapter, he describes an official trip to a place called Bushehr, located in the Persian Gulf. As an oil engineer, the author visited Bushehr for work. During this journey, he provides a wonderful overview of Iran’s politics, geography, economy, and culture. He also describes the hospitality, food, and attire of the Iranian people. Furthermore, the chapter presents a brief overview of Persia’s history, from its ancient origins to the modern Islamic revolution in Iran. This lesson gives students an opportunity to get acquainted with the society, culture, and history of a different country.


ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া :

(ক) লেখকৰ মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰঃ লেখকৰ মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি?

উত্তৰঃ বুশ্বেৰ হ’ল পাৰস্য উপসাগৰত অৱস্থিত ইৰাণৰ এখন বন্দৰ চহৰ।

(গ) বুশ্বেৰত হেলিকপ্তাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

উত্তৰঃ বুশ্বেৰত হেলিকপ্তাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত তেওঁৰ সহকৰ্মী ভেংকী (ভেংকটৰমণী) আছিল।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বোলে?

উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটোত পাৰমাণৱিক ৰিয়েক্টৰ থকা বাবে ইয়াক গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।

(চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰঃ মেহদি আৰু ঘাছেম দুজন ইৰাণী যুৱক, যিয়ে তৈলনগৰী আছৱাজত থাকে।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?

উত্তৰঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ’ল ‘জিঅ’লগ’।

(জ) ভেংকি ক’ত থাকে?

উত্তৰঃ ভেংকি ডুবাইত থাকে।

(ঝ) ভেংকিয়ে কি কৰে?

উত্তৰঃ ভেংকিয়ে লেখকৰ কোম্পানীৰ ডুবাইৰ কাৰ্যালয়ত কাম কৰে।

(ঞ) আবুজাবি কোন?

উত্তৰঃ আবুজাবি হ’ল সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী।

(ট) ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘আগা’ শব্দৰ অৰ্থ হৈছে শ্ৰদ্ধাৰ সম্বোধন, যেনে ‘দাদা’ বা ‘মহাশয়’।

(ঠ) ইৰাণত কেতিয়া ইছলামিক গণতন্ত্ৰ দিৱস হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৭৯ চনৰ ১ এপ্ৰিলত ইৰাণক ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰা হয়।

(ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল ইছলামিক বিপ্লৱৰ নেতা আয়াতুল্লা খোমেইনী।

(ঢ) ইৰাণৰ কোনটো বিষয়ত লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?.

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম কি?

(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম তেহৰাণ।

(ত) তেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰঃ তেহৰাণত বিমান বন্দৰ দুটা – মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেইনী ইন্টাৰনেশ্বনেল এয়াৰপৰ্ট।

(থ) লেখকক থকা তেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰঃ লেখক থকা তেহৰাণৰ হোটেলখনৰ নাম হ’ল ‘হোটেল হোমা-নজদিকি বানক স্কোৱেৰ’।

(দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাখণ্ডত অৱস্থিত?

উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱীয় মহাকল্পৰ শিলাখণ্ডত অৱস্থিত।

(ধ) ‘ঝামবাঝাৰ’ কি?

উত্তৰঃ ‘ঝামবাঝাৰ’ হৈছে এটা বহুজাতিক কোম্পানী।

(ন) বেহেষ্ট-ই-জাহৰা কি?

উত্তৰঃ বেহেষ্ট-ই-জাহৰা হ’ল এখন সমাধিক্ষেত্ৰ।

(প) খিছদৌছী কোন?

উত্তৰঃ ফিৰদৌছী এজন পাৰস্যৰ মহাকবি।

(ফ) ৰেজা ছাহ পেহলৱী কেতিয়া ৰজা হৈছিল?

উত্তৰঃ ১৯২৫ চনত ৰেজা ছাহ পেহলৱী ইৰাণৰ ৰজা হৈছিল।

(ব) ইৰাণৰ শেহতীয়া ছাহজনৰ নাম কি?

উত্তৰঃ ইৰাণৰ শেহতীয়া ছাহজনৰ নাম হ’ল মহম্মদ ৰেজা ছাহ পেহলৱী।


২। তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?

উত্তৰঃ তেলৰ বাবে চলোৱা খনন কাৰ্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই আহিলাবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপদসংকুল পৰিস্থিতি নোহোৱাকৈ খনন চলোৱাত সহায় কৰে। ভূত্ত্ববিদসকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি।

৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ বুশ্বেৰ পাৰস্য উপসাগৰত অৱস্থিত ইৰাণৰ এখন বন্দৰ চহৰ। লেখকৰ ভাষাত, বুশ্বেৰ এখন সৰু চহৰ, কিন্তু ৰাস্তা-ঘাটবোৰ যথেষ্ট পৰিষ্কাৰ। চহৰখনৰ পৰিকল্পনা দেখি লেখকৰ এনে লাগিল যেন কোনোবাই স্কেলেৰে আঁকিহে চহৰখন তৈয়াৰ কৰিছে। চহৰখনত ওখ ওখ অট্টালিকা নাই যদিও আৱাসিক এলেকাৰ ঘৰবোৰ দেখিবলৈ ধুনীয়া। এই চহৰখনত এটা পাৰমাণৱিক ৰিয়েক্টৰ আছে, যি ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইৰাণৰ ইতিহাস অতি পুৰণি। খ্ৰীষ্টপূৰ্ব ৫২৯ত ছাইৰাছ নামৰ ৰজাই পাৰস্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আক্ৰমণে ছাইৰাছৰ সাম্ৰাজ্যৰ পতন ঘটায়। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে চলা গ্ৰীক শাসনৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লয়। ইয়াৰ পাছত ছাছানিদসকলে চাৰিশতিকা ৰাজত্ব কৰে। তাৰ পাছতে আৰৱসকলৰ আক্ৰমণত ইৰাণলৈ ইছলাম ধৰ্মৰ আগমন ঘটে।

ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পুনৰ পূৰ্বৰ খ্যাতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হয়। ১৭৩৬ চনত নাদিৰ শ্বাহ ক্ষমতা দখল কৰাৰ পাছত ভাৰত আক্ৰমণ কৰি বহু ধন-সম্পত্তি লুণ্ঠন কৰিছিল। শেহতীয়াকৈ ১৯৭৯ চনত হোৱা ইছলামিক বিপ্লৱৰ ফলশ্ৰুতিত ইৰাণ ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

৫। ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।

উত্তৰঃ ইৰাণৰ ভূতত্ব অতি আকৰ্ষণীয়। বিশেষকৈ তেল অন্বেষণৰ লগত জড়িত ব্যক্তিৰ বাবে ইয়াৰ ভূতত্ব অতি গুৰুত্বপূৰ্ণ। ভাৰতৰ বেছিভাগ তৈলক্ষেত্ৰ নৱজীৱীয় মহাকল্পৰ শিলাখণ্ডত অৱস্থিত হোৱাৰ বিপৰীতে পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱীয় মহাকল্পৰ শিলাখণ্ডত বৃহৎ পৰিমাণৰ তেল সম্পদ মজুত আছে।

পাৰস্য উপসাগৰ আৰু ইয়াৰ উত্তৰ-পশ্চিমে থকা জাগ্ৰোছ পৰ্বতমালাৰ সৃষ্টি একে সময়তে হোৱা। এই জাগ্ৰোছ পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিস্তৃত হৈ আছে আৰু ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪৫০০ মিটাৰ।

৬। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।

উত্তৰঃ জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মূখ্য় আকৰ্ষণ। এই পৰ্বতমালা আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাটৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এই পৰ্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪,৫০০ মিটাৰ।

৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰঃ ইৰাণৰ কেইখনমান উল্লেখযোগ্য় ঠাইৰ নাম হ’ল ― বুশ্বেৰ, টেহৰাণ, চিৰাজ, আহৱাজ, টাবৰিজ, ইছফাহান, মাছাদয়াজ, হামাদান, কাৰমান আদি।

৮। টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত?

উত্তৰঃ টেহৰাণৰ বিমানবন্দৰ দুটা। সেইকেইটা হ’ল মেহৰাবাদ বিমান বন্দৰ আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰ। মেহৰাবাদ বিমান বন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত।

৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।

উত্তৰঃ টেহৰাণৰ প্ৰাকৃতিক অৱস্থা অতি সুন্দৰ আৰু মনোমোহা। ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত টেহৰাণ হ’ল এখন অতি সুন্দৰ চহৰ। টেহৰাণৰ এই মনোমোহা সৌন্দৰ্যৰ বাবে বহুতে টেহৰাণক পেৰিছৰ লগতো তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহ ইয়াত যথেষ্ট গৰম হয় যদিও বছৰৰ বাকী সময়ছোৱাত টেহৰাণৰ জলবায়ু অতি আৰামদায়ক হয়। শীতকালত টেহৰাণত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলব্ৰুন পৰ্বতৰাশিয়ে। পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহৰাণ চহৰৰ খোৱা পানীৰ প্ৰধান উৎস।

১০। “স্লামবাৰ্জাৰ” কোম্পানীৰ কাৰ্যালয় ক’ত ক’ত আছে?

উত্তৰঃ- “স্লামবাৰ্জাৰ” কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা “নাইজেৰিয়ালৈকে”, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাঁজৰে আছে।

১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।

উত্তৰঃ- বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ অৰ্থাৎ ‘ন’ ৰোজ পালন কৰে। দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত, যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে। নৱবৰ্ষৰ সময়ত বুশ্বেৰৰ স্কুল-কলেজ, চৰকাৰী কাৰ্যালয়, হোটেল আদি সকলোতে শিবিৰ স্থাপন কৰা হয়। যাতে, ইৰাণীসকলে ভালদৰে নৱবৰ্ষ উৎযাপন কৰিব পাৰে। নৱবৰ্ষ উৎযাপন উপলক্ষে তেওঁলোক সকলোৱে নতুন কাপোৰ পৰিধান কৰে আৰু বহুতো পিঠা-পনা বনায়। নৱবৰ্ষৰ এই উৎসৱত বহুতো বিষয় সামৰি লোৱা হয়। বিষয়সমূহ হ’ল চহৰখনৰ পৰিৱেশ আৰু নিজকে চাফ-চিকুণ কৰা, শত্ৰুভাৱ দূৰ কৰি সকলোৰে লগত বন্ধুত্ব স্থাপন কৰা, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমূখে যাত্ৰা ইত্য়াদি।

এই উৎসৱৰ সময়ত যিকোনো পাৰ্ছি গৃহতে টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্য়বস্তু সজোৱা হয়। এই সাতবিধ খাদ্য়ৰ কাষত পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ পাৰ্থনা কৰে আৰু জুইৰ পোহৰত কাঁহী-বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য় গ্ৰহণ কৰে।

১২। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ বেহেষ্ট-ই-জাহাৰা হ’ল টেহৰাণৰ এক জনপ্ৰিয় স্থান। বেহেষ্ট-ই-জাহাৰা হৈছে টেহৰাণৰ মূখ্য় সমাধিস্থল। এই ঠাই কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। খোৱা-বোৱাৰ দোকানৰ পৰা খেল-পথাৰৰলৈকে সকলো এই সমাধিস্থলত আছে। টেহৰাণক জানিব বা অনুভৱ কৰিবলৈ বেহেষ্ট-ই-জাহাৰা হ’ল উত্তম স্থান। ই টেহৰাণৰ গুণ-গৰিমা সুন্দৰভাৱে প্ৰতিফলিত কৰে।

১৩। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্য়পুথিৰ সহায়ত লিখা।

উত্তৰঃ শ্বিৰীণ ইবাডি হ’ল ইৰাণৰ এগৰাকী নৱেল বঁটা বিজয়ী সংগ্ৰামী নেত্ৰী।

ছাদ্দাম হুছেইনৰ সমৰ্থিত এটা বিপ্লৱৰ অংশীদাৰ হিচাপে শ্বিৰীণ ইবাডিয়ে খোমেনিক পদচ্যুত কৰিবলৈ চেষ্টা কৰিছিল যাৰ বাবে তেওঁক শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল। কিন্তু কঠোৰ পন্থিৰ বিৰুদ্ধে শ্বিৰীণ ইবাডিৰ যি সংগ্ৰাম সেয়া লেখত ল’বলগীয়া। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য’ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল আদি। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰনুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল আৰু সেয়েহে তেওঁক শান্তিৰ নৱেল বঁটাৰে সন্মানিত কৰা হৈছিল।


ভাষা-বিষয়কঃ

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ

কেঁচি 一 ফাৰ্চী ভাষা।

দোৱাত 一 ফাৰ্চী ভাষা।

চিয়াঁহী 一 ফাৰ্চী ভাষা।

চিচা 一 ফাৰ্চী ভাষা।

কেন্দি 一 ফাৰ্চী ভাষা।

২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখাঃ

খেলে মামনুন 一 ধন্য়বাদ।

মিৰচি্ ছালাম 一 ধন্যবাদ।

৩। তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি?

চবজে (ঘেঁহু বা দাইল) 一 পুনৰ জন্মৰ প্ৰতীক।

ছামানু (ঘেঁহু কঠীয়াৰ পায়স)一 নতুন জীৱনৰ প্ৰতীক।

ছিব (আপেল)一 স্বাস্থ্য় আৰু সৌন্দৰ্য্য়ৰ প্ৰতীক।

জেনেজেভ (বনৰীয়া শুকান জলফাই)一 প্ৰেমৰ প্ৰতীক।

ছিৰ (নহৰু)一 ঔষধ।

ছমাক (এবিধ বগৰী) 一 সূৰ্যোদয়ৰ বৰণ বুজায়।

ছেৰকেহ (ভিনেগাৰ) 一 বয়স আৰু ধৈৰ্য্যৰ প্ৰতীক।

৪। তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্ৰয়োগ হৈছে লিখাঃ

সম্ভাষণঃ সাধাৰণতে ‘অ’, ‘আ’ তথা অন্য় স্বৰবৰ্ণ অথবা ‘ক’ তথা ‘ৰ’ পাছত থকা ‘স’ মূৰ্দ্ধন্য ‘ষ’ হয়। আনহাতে, একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ – ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

অন্বেষণঃ একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ – ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

গৱেষণাঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ষ’ হয়। আনহাতে, ‘ঋ’, ‘ৰ’, ‘ষ’ – ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

অৱতৰণঃ একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ – ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

৫। তলৰ শব্দকেইটাত কি প্ৰত্য়য় প্ৰয়োগ হৈছে লিখাঃ

ইৰাণী 一 ঈ (ইৰাণ + ঈ = ইৰাণী)

আবাসিক 一 ইক (আবাস + ইক = আবাসিক)

বাণিজ্য়িক 一 ইক (বাণিজ্য় + ইক = বাণিজ্য়িক)

শেহতীয়া 一 অতীয়া (শেহ + অতীয়া = শেহতীয়া)

সোণালী 一 আলী (সোণ + আলী = সোণালী)

খৰচী 一 ঈ (খৰচ + ঈ = খৰচী)

Leave a Comment