সাৰাংশ: “অৰণ্যযাত্ৰা” পাঠটি লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ এক সুন্দৰ সৃষ্টি। এই পাঠত এখন বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাজিৰঙা ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰা হৈছে। এই যাত্ৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কেৱল প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাই নহয়, বৰঞ্চ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ পাঠো শিকে। ল’ৰা-ছোৱালীৰ মাজত কামৰ বিভাজন, আত্মনিৰ্ভৰশীলতা, বিপদৰ সময়ত ধৈৰ্য আৰু সাহস, আৰু দলবদ্ধভাৱে কাম কৰাৰ গুৰুত্ব আদি বিষয়বোৰ এক নাও দুৰ্ঘটনাৰ জৰিয়তে সুন্দৰভাৱে দাঙি ধৰা হৈছে। এই যাত্ৰাই তেওঁলোকক প্ৰকৃতিৰ লগতে মানৱীয় সম্পৰ্কৰ বিষয়েও এক নতুন দৃষ্টি দিয়ে।
Summary: The lesson “Aranyajatra,” authored by Anuradha Sharma Pujari, narrates the experience of a school trip to Kaziranga by students of classes 8 and 9. Through this journey, the students not only enjoy the beauty of nature but also learn many important life lessons. The story beautifully highlights themes like the division of labor between boys and girls, self-reliance, patience and courage during a crisis, and the importance of teamwork through an incident of a boat mishap. This trip provides them with a new perspective on nature as well as human relationships.
ভাব-বিষয়ক
১। চমুকৈ উত্তৰ লিখা :
(ক) স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ক’লৈ নিয়াৰ সিদ্ধান্ত লোৱা হ’ল?
উত্তৰ: স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লোৱা হ’ল।
(খ) পল আৰু পাহী কোন কোন শ্ৰেণীত পঢ়ে?
উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহী অষ্টম শ্ৰেণীত পঢ়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহীক কৈছিল?
উত্তৰ: বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কামবোৰ ছোৱালীৰ বুলি পলে পাহীক কৈছিল।
(ঘ) লৰ্ড কাৰ্জন কোন?
উত্তৰ: লৰ্ড কাৰ্জন ভাৰতৰ এজন ব্ৰিটিছ ভাইচৰয় আছিল।
২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহীয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহীক কি বুলিছিল?
উত্তৰ: ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহীয়ে মাকক সুধিছিল যে এই কামবোৰ কোনে পৃথক কৰিলে, কিয়নো তাই দাদাক পলৰ দৰেই পঢ়া-শুনা কৰে। তাইৰ বাবে কামবোৰ কিয় বেলেগ হ’ব লাগে?
মাকে ইয়াৰ প্ৰত্যুত্তৰত কৈছিল যে এইবোৰ কোনো শাস্ত্ৰত লিখা কথা নহয়, বৰঞ্চ সমাজৰ কিছুমান মানুহে নিজৰ সুবিধাৰ বাবে এনে নিয়ম বনাই লৈছে। কাম ল’ৰা বা ছোৱালী বুলি ভাগ কৰা উচিত নহয়।
৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহীক আকৃষ্ট কৰে?
উত্তৰ: পাহী প্ৰকৃতিপ্ৰেমী ছোৱালী। সেয়েহে প্ৰকৃতিৰ বহুতো কথাই তাইক আকৃষ্ট কৰে। গছ-লতাৰ ভিন্ন ৰং, পাতৰ বেলেগ বেলেগ আকাৰ, এজোপা গছৰ কাষত আন এজোপা গছৰ বৃদ্ধি, এজোপা গছৰ লগত আন এজোপাৰ শত্ৰুতা আদি কথাই তাইক আকৃষ্ট কৰে। প্ৰকৃতিৰ এইবোৰ নিয়মৰ মাজত থকা সামঞ্জস্যই তাইক বাৰে বাৰে ভাবিবলৈ বাধ্য কৰে।
৪। কাজিৰঙালৈ যাওঁতে ওলাওঁতে পাহী আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰ: কাজিৰঙালৈ যাওঁতে মাক আৰু দেউতাকে পাহী আৰু পলক বহুতো গুৰুত্বপূৰ্ণ উপদেশ দিছিল। মাকে কৈছিল যে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সকলো কথা মানি চলিব লাগে আৰু নিজৰ বয়-বস্তুবোৰ নিজেই চম্ভালিব লাগে।
দেউতাকে কৈছিল যে কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান, য’ত বহুতো জীৱ-জন্তু বাস কৰে। সেইবাবে সিহঁতে যাতে কোনো জীৱ-জন্তুক আমনি নকৰে বা কোনো ধৰণৰ ক্ষতি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ উপদেশ দিছিল।
৫। ‘কামটো ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’—এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হ’ল আটোমটোকাৰিকৈ লিখা।
উত্তৰ: এই কথাষাৰৰ বক্তা হ’ল অংকৰ শিক্ষক ৰফিক হাজৰিকা ছাৰ।
কাজিৰঙাত বনভোজৰ বাবে খাদ্য বিতৰণ কৰাৰ সময়ত সৌৰভ নামৰ ছাত্ৰ এজনে কৈছিল যে পাহী আৰু বিদিসাই খাদ্য বিতৰণ কৰিব, কাৰণ এইটো ছোৱালীৰ কাম। তেতিয়া ছাৰে ল’ৰা-ছোৱালীৰ মাজত কামৰ কোনো বিভাজন নাই বুলি কৈ সকলোকে সমানে কাম ভাগ কৰি দিছিল আৰু সেই প্ৰসংগতে তেওঁ উক্ত কথাষাৰ কৈছিল।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আখতাৰহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এখন বিলত নাৱেৰে যাত্ৰা কৰি থাকোঁতে হঠাতে নাওখনত পানী সোমাবলৈ ধৰাত পল-আখতাৰহঁত বিপদত পৰিছিল।
এই বিপদৰ পৰা তেওঁলোকক নাৱৰীয়া আৰু তেওঁলোকৰ লগত যোৱা পাঁচজনী সাহসী ছোৱালী—দীপালী, ৰুণুমী, শ্বেৱালি, জিনা আৰু লক্ষ্মীয়ে উদ্ধাৰ কৰিছিল।
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰ: নাও ডুবাৰ ঘটনাত ল’ৰা-ছোৱালীবোৰ যথেষ্ট ভয় খাইছিল আৰু কিছুমানৰ কাপোৰ-কানিও তিতি গৈছিল। তেওঁলোকৰ সুৰক্ষাৰ কথা চিন্তা কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচীখন বাতিল কৰিব খুজিছিল।
কিন্তু ছাত্ৰ-ছাত্ৰীসকলে অৰণ্য দৰ্শনৰ বাবে খুব জেদ ধৰিছিল। তেওঁলোকৰ আগ্ৰহ দেখি শেষত শিক্ষকসকলে জীপচিৰে অৰণ্য দৰ্শনৰ ব্যৱস্থা কৰিছিল আৰু সকলোৱে সুকলমে অৰণ্য দৰ্শন সম্পূৰ্ণ কৰিছিল।
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ: মহীচন্দ্ৰ মিৰি এজন অসমীয়া বন বিষয়া আছিল। তেওঁ কাজিৰঙাৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্যপাতি সংগ্ৰহ কৰিছিল আৰু ফটো তুলিছিল। তেওঁৰ এই অক্লান্ত পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবেই কাজিৰঙাই বিশ্ব দৰবাৰত এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
৯। নিগনি চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ ক’ত আৰু অসমৰ কাজিৰঙাৰ গঁড় দেখিছিল?
উত্তৰ: নিগনি চিকাৰীৰ প্ৰকৃত নাম হ’ল মঃ ইব্ৰাহিম। তেওঁ অসমৰ কাজিৰঙাৰ গঁড় লণ্ডনৰ এখন চিৰিয়াখানাত দেখিছিল।
১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?
উত্তৰ: কাজিৰঙা যাত্ৰাৰ পৰা ঘূৰি অহাৰ পিছত শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক জনাইছিল যে তেওঁলোকে এই যাত্ৰাৰ পৰা বহুতো মূল্যবান কথা শিকিলে। যেনে—
- নিজে কৰিব পৰা কাম সদায় নিজে কৰিব লাগে।
- ল’ৰা-ছোৱালী বুলি কামৰ কোনো ভাগ-বতৰা নাই।
- বিপদৰ সময়ত কেতিয়াও ধৈৰ্য নেহেৰুৱাব লাগে।
- দলে-বলে একগোট হৈ থাকিলে যিকোনো বিপদৰ পৰা উদ্ধাৰ পাব পাৰি।
ভাষা-বিষয়ক
১। বাক্য ৰচনা কৰা :
ককাই-ভনী – ককাই-ভনীয়েকে সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।
টুলুং-ভুটুং – নাওঁখনে টুলুং-ভুটুং কৰিছে।
চিঞৰ-বাখৰ – ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।
মানুহ-দুনুহ – কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।
তিতি-বুৰি – মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।
২। মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱাঃ
অৰণ্য: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধন্য ‘ণ’ হয়।
অৰ্পণ: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
কণ্ঠ: ‘ট’ বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ’লে ‘ন’, ‘ণ’ হয়।
ওৰণি: ঋ, ৰ, ষ – ৰ পাছত থকা একটা পদতে থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
পোৰণি: ঋ, ৰ, ষ – ৰ পাছত থকা একটা পদতে থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
আড়ম্বৰপূৰ্ণ: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।